Thursday, 6 May 2021

The “Satra” Institution of Guru Harideva-95(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৯৫)

 

It is very difficult for common people like us to  understand God as nondual knowledge. These things we already  discussed in the preceding posts. We, the common people find it easy to understand if the things are explained in relation with physicality,that is ,with the things which can be felt with senses and mind. Though nondual knowledge can not be made subject of our knowledge in that way,  Bhagavata tries to explain it in that way also to give some idea of it to the common ignorant people like us as follows. With the knowledge gained by application of our mind, intelligence and senses we can know the presence of demigods, demons, superhuman beings, birds, beasts, man ,woman , neuter, animals and so on in the creation. We can also know about varieties in material qualities, different types of activities etc of the things, things already manifested and things yet to be manifested in the creation and so on. Bhagavta tells that nothing of these is the ultimate truth or God Almighty. But God Almighty is present in all of them  as driving force or Atma or soul and because of that only they can exist. Again, we know our own body mind complex. Though we have different limbs connected to our body we can feel that the body is one as a whole. If one small finger of our leg is hurt it is felf as wound in the whole body mind comlex. If somebody touch our feet to show respect then the total person or the whole body mind complex is felt to be respected. If somebody slaps on our cheek we consider it as disrespect shown to the whole body mind complex or the personality as a whole.   Bhagavata suggests us to  look into the ether ,fire , water ,earth , sun ,moon ,stars , the living and nonliving beings , ocean ,river and all other things surrounding  us in the world . Bhagavata also suggests us to consider the whole universe including everything contained there as expansion of of the body of God and   God Almighty as the soul of that  body .  If we can realize  God and his creation in that way , then we will be able to understand that by rendering selfless service for the welfare of the things of the creation we can serve God . By showing  sincere respect to any object in the creation we can show respect to God. Bhagavata suggests that we should make sincere practice to use  our mind ,  words and actions performed by the body for realizing God in all beings in this way . This is said to be the best possible method of spiritual practice for attainment of self realization or God realization or realization of the ultimate truth. The same method was adopted by Guru Harideva in his Satra institution for spiritual training of the common people . (to be continued)  

অদ্বৈত তত্বজ্ঞানেই ঈশ্বৰ বুলি অনুভৱ কৰা আমাৰ দৰে সাধৰণ মানুহৰ বাবে অতিশয় কঠিন এই বিষয়ে আগৰ লিখনিত কৈ অহা হৈছে ইন্দ্ৰিয় আৰু মনৰ সহায়ত উপলব্ধি কৰিব পৰা বিধৰ কোনো স্থূল বস্তুৰ সৈতে সংযুক্ত কৰি ব্যাখ্যা কৰিলেহে আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহৰ বাবে এই কথাবিলাক বুজাত সুবিধা হয় যদিও  অদ্বৈত তত্বজ্ঞানক তেনে ধৰণে জ্ঞানৰ বিষয়-বস্তুত পৰিণত কৰিব নোৱাৰি তথাপি ভাগৱতে আমাৰ দৰে সাধাৰণ অজ্ঞানী মানুহক এই বিষয়ৰ কিছু আভাস দিয়াৰ বাবে কথাবিলাক তেনেদৰেও ব্যাখ্যা কৰাৰ প্ৰয়াস কৰিছে আমাৰ মন, বুদ্ধি আৰু  ইন্দ্ৰিয়শক্তি প্ৰয়োগ কৰি আমি জানিব পাৰো যে জগতত অসংখ্য দেৱী-দেৱতা, দৈত্য-দানৱ , অতিমানৱীয় শক্তিধৰ প্ৰাণী , চৰাই-চিৰিকতি , হিংস্ৰ প্ৰাণী, পুৰুষ , স্ত্ৰী, নপুংসক জীৱ-জন্তু ইত্যাদিকে ধৰি অসংখ্য জীৱ আছে ই সমুহৰ বিভিন্ন প্ৰকাৰৰ গুণ আছে , অসংখ্য  প্ৰকাৰৰ কৰ্মও আছে তদুপৰি বৰ্ত্তমানলৈ প্ৰকাশ লাভ কৰা অসংখ্য বস্তুৰ উপৰিও ভৱিষ্যতে সৃষ্টিত প্ৰকাশ হোৱাৰ অপেক্ষাত থকা অসংখ্য বস্তু আছে জগতৰ বস্তু সম্পৰ্কে এনে বৰ্ণনা দি ভাগৱতে কৈছে  যে ওপৰত উল্লেখ কৰা একো বস্তু পৰম সত্য বা পৰমেশ্বৰ নহয় কিন্তু এই সমস্তৰে চালিকা শক্তি বা আত্মা হিচাপে পৰমেশ্বৰ সকলোৰে ভিতৰত আছে কাৰণেহে জগতত এইবিলাকৰ অস্তিত্ব আছেআনহাতে আমি আমাৰ শৰীৰ আৰু মনক জানো আমাৰ শৰীৰত অনেক অঙ্গ-প্ৰত্যঙ্গ আছে যদিও আমি সমগ্ৰ শৰীৰ এক বুলি অনুভৱ কৰো ভৰিৰ ক্ষুদ্ৰ আঙুলি এটাত আঘাত লাগিলেও তাক সমগ্ৰ শৰীৰ্-মনৰ আঘাত হিচাপে অনুভৱ কৰা হয় কাৰোবাৰ ভৰি চুই প্ৰণাম কৰিলে তেওঁৰ  সমগ্ৰ শৰীৰ-মনৰ প্ৰতি বা সমগ্ৰ ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় এখন গালত চৰ মাৰিলে সমগ্ৰ শৰীৰ-মন বা সমগ্ৰ মানৱ সত্বাক অপমান কৰা হয়ভাগৱতে আমাক আকাশ ,বায়ু ,অগ্নি, জল ,পৃথিৱী, জ্যোতি , সত্ব , দিক্ , বৃক্ষ ,  সমুদ্ৰাদিকে ধৰি জগতত বিৰাজমান সমস্তকে চোৱাৰ পৰামৰ্শ দি কৈছে এই সমস্তকে পৰমেশ্বৰৰ শৰীৰৰ বিভিন্ন অঙ্গ্-প্ৰত্যঙ্গ বুলি ভাবিব লাগে পৰমেশ্বৰ সেই ব্ৰহ্মাণ্ড শৰীৰৰ আত্মা বুলি ভাবিৱ লাগেঈশ্বৰ আৰু ঈশ্বৰৰ সৃষ্টিক তেনেদৰে উপলব্ধি কৰিব পাৰিলে বুজিব পাৰি যে জগতৰ প্ৰত্যেক জীৱৰ মঙ্গলৰ অৰ্থে কৰা সেৱা কাৰ্যৰ দ্বাৰা  ভগৱানকে সেৱা কৰা হয় প্ৰত্যেক জীৱৰ প্ৰতি আদৰ সন্মান প্ৰদৰ্শন কৰি ঈশ্বৰক আদৰ সন্মান কৰিব পাৰি সেয়েহে ভাগৱতে উপদেশ দি কৈছে যে আমি মনত ওপৰোক্ত প্ৰকাৰৰ ভাৱনা লৈ মন, বাক্য আৰু শৰীৰৰ কৰ্মৰ দ্বাৰা জগতৰ সমস্ত জীৱতে  ঈশ্বৰ উপস্থিতি অনুভৱ কৰাৰ অভ্যাস কৰিব লাগে লগতে কোৱা হৈছে যে অদ্বৈত জ্ঞান লাভ বা আত্মজ্ঞান লাভ বা ঈশ্বৰ উপলব্ধি বা পৰম সত্যক উপলব্ধি কৰাৰ বাবে সাধনা কৰাৰ যিমানবোৰ উপায় আছে তাৰ ভিতৰত ইয়ে সৰ্বোত্তম উপায়  সত্ৰৰ মাধ্যমত সাধাৰণ লোকক পাৰমাৰ্থিক সাধনাৰ শিক্ষা দিয়াৰ বাবে হৰিদেৱ গুৰুজনাই এই উপায়কে অৱলম্বন কৰিছিল ।(আগলৈ )


No comments:

Post a Comment