Bhagavata
suggests that those people who are very much interested in enjoyment of
material comforts can perform fruitive activities. But while doing so they
should see that the desires they possess and activities to be performed by them for fulfillment of those desires have approval of the Vedas and
Vedic scriptures. Also the procedure of performance of such works should be in
accordance with the rules and regulations prescribed in the Vedic scriptures. In
Bhagavadgita also it is suggested that all works should be performed according to scriptural rules and regulations
to obtain the desired results . In scriptural language the activities of permitted
category are called ‘Karma’ and activities of prohibited category are called
‘Bikarma’. So here karma or action means activities of permitted category which
are performed with strict adherence to the rules and regulations prescribed in
the scriptures. Bhagavata tells that the ‘antahkarana’ or mind, intelligence
and senses of people who perform Karma or action in this way and at the same time avoid Bikarma or prohibited works are totally
purified. With the purification of heart, such people gradually and
automatically obtain true knowledge pertaining to God or become devotee of God
in due course of time. So Bhagavata suggests this category of people to keep
themselves engaged in karma or fruitive activity strictly following the
regulative injunctions prescribed in Vedic scriptures till he becomes disgusted
with worldly material life or till he becomes
interested in God and the path of devotion. We already told that Guru Harideva
established Satra Institution for imparting spiritual education to common
people. When he established his first Satra Institution in Assam in the middle
of 15th century CE, most of the common people here were of the
category mentioned above. Common people had no knowledge about different paths
of spiritual practice. They were not aware of the injunctions of scriptures
regarding karma or permitted works and Bikarma or prohibited works. They were
totally ignorant about the scriptural rules and regulations for performance of karma and so
on . Almost all people were accustomed with performance of any activity as
they like and enjoy the happiness and sorrow generated by those activities. Through
his Satra Institution Guru Harideva made proper arrangements to teach common people
all the things mentioned above both theoretically and practically. The education imparted
by him was based on the knowledge and instructions contained in the Bhagavata. (to
be continued)
ভাগৱতে উপদেশ দি কৈছে যে যিসকল লোকৰ মনত বৈষয়িক সুখ ভোগ কৰাৰ বাবে অত্যন্ত ইচ্ছা থাকে তেওঁলোকে সেই ইচ্ছা পূৰণ কৰাৰ অৰ্থে বৈষয়িক কৰ্ম কৰা উচিত।কিন্তু তেনে কৰিবলৈ যাওঁতে লক্ষ ৰাখিব লাগে যাতে তেওঁলোকৰ কামনা বাসনা আৰু সেই কামনা পূৰণৰ অৰ্থে কৰিব বিচৰা কৰ্মত বেদ আৰু বৈদিক শাস্ত্ৰৰ অনুমোদন থাকে। লগতে কোৱা হৈছে যে এই কৰ্মসমুহ কৰাৰ বাবে বৈদিক শাস্ত্ৰত যি নীতি নিৰ্দেশ দিয়া হৈছে সেইমতেহে কৰিব লাগে ।
ভগৱদ্গীতাতো সকলো কৰ্মকে শাস্ত্ৰীয় বিধি-নিষেধ মানি কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কোৱা হৈছে আৰু লগতে ইয়াকো কোৱা হৈছে যে শাস্ত্ৰবিধি উলঙ্ঘা কৰি কৰা কৰ্মৰ পৰা একো শুভ ফল পোৱা নাযায়।
শাস্ত্ৰৰ দ্বাৰা অনুমোদিত কাৰ্যক শাস্ত্ৰীয় ভাষাত ‘কৰ্ম’ আৰু শাস্ত্ৰই অনুমোদন নকৰা কাৰ্যক বিকৰ্ম বুলি কোৱা হয় ।
গতিকে কৰ্ম বুলি কওঁতে শাস্ত্ৰৰ দ্বাৰা অনুমোদিত আৰু শাস্ত্ৰীয় বিধিমতে কৰা কাৰ্যক বুজোৱা হয় ।
ভাগৱতত কোৱা হৈছে যে শাস্ত্ৰৰ দ্বাৰা অনুমোদিত কৰ্ম শাস্ত্ৰীয় বিধিমতে কৰি থাকিলে আৰু লগতে বিকৰ্ম বা নিষিদ্ধ কৰ্ম কৰাৰ পৰা বিৰত হৈ থাকিলে মানুহৰ অন্তঃকৰণ অৰ্থাৎ মন ,বুদ্ধি,ইন্দ্ৰিয় ইত্যাদি ক্ৰমান্বয়ে বিশুদ্ধ হৈ থাকে ।
অন্তঃকৰণ বিশুদ্ধিৰ লগে লগে মানুহ স্বতঃস্ফুৰ্ত ভাৱে বিশুদ্ধ জ্ঞান লাভৰ অধিকাৰী হ’য় অথবা ঈশ্বৰৰ প্ৰতি ভক্তিমূলক সেৱা আগবঢ়াবৰ বাবে ইচ্ছুক কৈ উঠে ।
সেইকাৰণে ভাগৱতে এই সকল লোকক উপদেশ দি কৈছে যে যেতিয়ালৈকে তেওঁলোকৰ মনত জাগতিক বিষয়ভোগৰ প্ৰতি বিৰাগ ভাৱৰ উদয় নহয় অথবা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাভাৱৰ উদয় নহয় তেতিয়ালৈকে শাস্ত্ৰৰ নিৰ্দেশ আখৰে আখৰে মানি নিজৰ কৰ্ত্তব্য কৰ্ম কৰি থাকিব লাগে ।আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই সাধাৰণ অজ্ঞানী লোকক পাৰমাৰ্থিক শিক্ষা দিয়াৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।খৃষ্টীয় পঞ্চদশ শতিকাৰ মাজভাগত তেওঁ যেতিয়া অসমত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল তেতিয়া ইয়াৰ সাধাৰণ জনতাৰ পাৰমাৰ্থিক সাধনাৰ বিভিন্ন উপায় সম্পৰ্কে জ্ঞান নাছিল ।
গীতা ভাগৱত আদি শাস্ত্ৰত
কোৱা কৰ্ম, বিকৰ্ম আদিৰ জ্ঞান নাছিল ।কৰ্ম কৰাৰ বাবে শাস্ত্ৰত কোৱা নীতি নিয়ম আদিৰো একো জ্ঞান নাছিল ।প্ৰায় সকলো মানুহে নিজে যি কৰিব বিচাৰে বা যেনেকৈ কৰিব বিচাৰে তেনেকৈ কৰিছিল আৰু তাৰ পৰা পোৱা সুখ বা দুখ ভোগ কৰিছিল।হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত জনসাধাৰণক ওপৰোক্ত সকলো বিষয়ৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল। তেওঁ ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান আৰু উপদেশমতে সকলো প্ৰকাৰৰ তাত্বিক আৰু প্ৰায়োগিক শিক্ষা দান কৰি জনসাধাৰণক ভক্তিযোগৰ পথলৈ অনাৰ প্ৰয়াস কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment