All Karma or fruitive
actions create bondage, that is, we become bound to enjoy the fruits generated by each activity
we perform. The happiness and sorrow
generated by our action may come to us in this life or in future life. We know that
therapeutic use of one material can cure disease created by the same
material. For example, desiese caused by some poison can be cured by
application of medicine prepared from the same poison. Citing this analogy
Bhagavata tells that, in a similar way the fruitive activities which create bondage
can be converted to the means of attainment of liberation. Scriptures tell that
we can not pass a single moment without doing any activity. It is also told
that if we do any work in any way with an intention to enjoy the fruits of
those works then we have to enjoy the desired fruits in this life or take rebirth for
enjoyment of the same. But if the same
fruitive activities have approval of Vedic scriptures and are performed in
accordance with the scriptural injunctions then one’s antahkarana or mind,
intelligence and senses become purified . Unalloyed spiritual knowledge appears
automatically in purified antahkarana or heart of people by the grace of God. With that knowledge one becomes able to
realize the presence of God in himself and also in all living and nonliving
entities in the creation. He can realize
his own unity with the whole creation also. Then instead of doing works to fulfill his own desires,
people become interested to render selfless service for the satisfaction of God
or for the welfare of the entire creation. Thus we can say that by performance
of Karma or permitted fruitive activities in accordance with scriptural rules and regulations one becomes interested to serve God or the thought of devotion
comes to one’s mind . Summarizing the above explanations Bhagavata tells
that by performance of fruitive works according to the rules and regulation of
the scripture and for the satisfaction of God one can become devotee of God and
also he can realize God as nondual knowledge . Now, doing work is our natural tendency and
nobody can stay without doing anything. Bhagavata tries to spiritually educate
common ignorant people by gradual
improvement in this natural tendency to make spiritual education easier for
them . Guru Harideva also suggests the same method of spiritual practice for
his followers. He says that starting from the point of his present karma itself
one can gradually improve in spiritual life through the path of knowledge and
path of devotion and finally attain liberation. He also shows us the ways of
practical application of these advises through his Satra Institution. (to be
continued)
শাস্ত্ৰত কোৱা হৈছে যে কামনা পূৰণৰ অৰ্থে কৰা কৰ্মৰ দ্বাৰা বন্ধন সৃষ্টি হয়। অৰ্থাৎ মনত যদি কামনা থাকে তেন্তে সেই কামনা পূৰণ কৰাৰ উদ্দেশ্যে কৰা প্ৰতিটো কৰ্মৰ ফল ভোগ কৰাৰ বাবে আমি বাধ্য হওঁ । নিজৰ মনোকামনা পূৰণৰ অৰ্থে কৰা কৰ্মক শাস্ত্ৰীয় ভাষাত সকাম কৰ্ম বুলি কোৱা হয়্। এই জন্মত কৰা সকাম কৰ্মৰ ফল এই জন্মতো আহিব পাৰে নাইবা ইয়াৰ পৰবৰ্ত্তী অন্য কোনো জন্মতো ভোগ কৰিবলগীয়া হ’ব পাৰে । আমি জানো যে কিছুমান বস্তুৰ পৰা আমাৰ শৰীৰত ৰোগ উৎপন্ন হয় আৰু সেই একে বস্তুৰ পৰা তৈয়াৰ কৰা ঔষধৰ দ্বাৰা সেই ৰোগৰ নিৰাময়ো কৰা হয় । উদাহৰণ স্বৰূপে যি বিষে আমাৰ শৰীৰত বিষক্ৰিয়া কৰে সেই একে বিষকে ঔষধ হিচাপে প্ৰয়োগ কৰি বিষক্ৰিয়া নিৰাময় কৰিব পাৰি ।এই উপমা দি ভাগৱতে কৈছে যে বিষক যিদৰে বিষক্ৰিয়া নিৰাময়ৰ উপায় হিচাপে প্ৰয়োগ কৰিব পাৰি একেদৰে যি কৰ্মৰ দ্বাৰা বন্ধন সৃষ্টি হয় সেই একে কৰ্মকে মুক্তিৰ উপায়ত পৰিণত কৰিব পাৰি। শাস্ত্ৰত কোৱা হৈছে যে কৰ্ম নকৰাকৈ কোনেও এক মুহুৰ্ত্তও থাকিব নোৱাৰে অৰ্থাৎ জন্মৰ পৰা মৃত্যু পৰ্যন্ত প্ৰতিটো মুহুৰ্ত্ত কাম কৰি থাকিবলৈ আমি বাধ্য। লগতে কোৱা হৈছে যে নিজে ফলভোগ কৰাৰ আকাংক্ষা কৰি নিজৰ মনে বিচৰামতে যিকোনো কাম যিকোনো প্ৰকাৰে কৰিলে ইহ জন্ম বা পৰবৰ্ত্তী জন্মত সেই কামৰ শুভ বা অশুভ ফল ভোগ কৰাৰ বাবে আমি বাধ্য হওঁ বা কৰ্মৰ বন্ধনত আৱদ্ধ হওঁ। আনহাতে সেই একে সকাম কৰ্ম যদি শাস্ত্ৰৰ দ্বাৰা অনুমোদিত হয়
আৰু শাস্ত্ৰীয় বিধি বিধান মতে কৰা হয় তেন্তে তাৰ দ্বাৰা অন্তঃকৰণ অৰ্থাৎ মন বুদ্ধি আৰু ইন্দ্ৰিয় বিশুদ্ধ হয়। বিশুদ্ধ অন্তঃকৰণত বিশুদ্ধ জ্ঞান স্বতঃষ্ফূৰ্তভাৱে অৰ্থাৎ ঈশ্বৰে প্ৰবৰ্ত্তন কৰা বিধি অনুসৰি নিজে নিজে উদয় হয়।সেই জ্ঞানৰ প্ৰভাৱত নিজৰ লগতে সৃষ্টিৰ স্থাৱৰ্-জঙ্গম সমস্তৰে ভিতৰত এক ঈশ্বৰ দৰ্শন কৰিব পাৰি আৰু সৃষ্টিৰ সকলো বস্তুৰ সৈতে নিজৰ একত্ব অনুভৱ কৰিব পাৰি ।তেতিয়া কৰ্মৰ ফল নিজে ভোগ কৰাৰ বাবে আমাৰ মনত থকা আকাংক্ষা কৰ্মৰ দ্বাৰা ঈশ্বৰক সন্তুষ্ট কৰাৰ বা সৃষ্টিৰ সমস্তকে সেৱা কৰাৰ আকাঙ্ক্ষালৈ পৰিবৰ্ত্তিত হয়।অৰ্থাৎ শাস্ত্ৰৰ দ্বাৰা অনুমোদিত কৰ্ম শাস্ত্ৰৰ বিধি-বিধানমতে সম্পন্ন কৰিলে ঈশ্বৰক সেৱা কৰাৰ আকাংক্ষা জাগ্ৰত হয় বা ঈশ্বৰৰ প্ৰতি ভক্তিপূৰ্ণ সেৱাৰ মনোভাৱ উদয় হয় । ওপৰোক্ত কথাখিনি একেলগ কৰি ভাগৱতত কোৱা হৈছে যে শাস্ত্ৰবিহিত কৰ্ম ঈশ্বৰৰ সন্তুষ্টিৰ অৰ্থে আৰু শাস্ত্ৰৰ বিধানমতে সম্পন্ন কৰিলে ভক্তি লাভ হয় আৰু অদ্বৈত তত্বজ্ঞানো তেনে ভক্তিৰ লগতে সংযুক্ত হৈ থাকে। কৰ্ম কৰা মানুহৰ স্বাভাৱিক প্ৰবৃত্তি, প্ৰতি মুহুৰ্ততে কাম কৰি থকা হয়। এই স্বাভাৱিক প্ৰবৃত্তিকে ক্ৰমান্বয়ে উচ্চতৰ স্তৰলৈ নি মানুহক পাৰমাৰ্থিক উৎকৰ্ষ সাধনৰ শিক্ষা দিয়াৰ সহজ উপদেশ ভাগৱতত দিয়া হৈছে। হৰিদেৱ গুৰুজনাইও অনুগামীসকলক একেখিনি উপদেশ দি কৈছে যে যিয়ে যি কৰ্মত ব্যস্ত থাকে সেই কৰ্মৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে জ্ঞানযোগ আৰু
ঈশ্বৰভক্তিৰ পথত অগ্ৰসৰ হ’ব পাৰি ।লগতে গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত এই উপদেশ ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰাৰ শিক্ষাও দি গৈছে । (আগলৈ)
No comments:
Post a Comment