Bhagavata
tells that
all
living entities in the creation are composed of twenty eight “Tatvas” or
elements. These twenty eight elements are manifested from God. Also God remains present in all these elements and keeps them active. It is also told that
within these twenty eight elements the ingredient materials of creation, the
interactions that occur among the elements by the effect of time , nature of individual living being and
the living entities or the enjoyer
of the results of interactions are
included. Also all of these are parts and parcels of God and
everything is controlled by God.But God himself remains separated from
all of these. To understand the points
we can take the example of fire . During burning of wood fire enters into the wood and we see that
heat ,light ,smoke, ember etc are produced . The fire includes everything of
these but nothing of these is called as fire. We can not separate heat light
etc from fire and at the same time we also
can not say that heat is fire or light is fire and like that . Moreover, we
also see that if fire is not there then heat ,light ,smoke etc can not be there
. In a similar way God enters into
the twenty eight elements of our body
and makes us active. So long we remain
active we perform various activities through various types of interactions of the
twenty eight constituent elements of our body at different times. Various outcomes
are generated from those activities and we enjoy those outcomes. Everything of these are included in God ,
nothing is separate from God and at the same time nothing of these can be
called as God or God is not at all
involved with anything of these . Again, if God is not there then there can not
be anything of these. Bhagavata tells
that attainment of this kind of jnana or
knowledge is essential to understand
one’s true self for proceeding in the path self realization. Through
reasoned analysis of the contents
of the Vedic scriptures in this way one can attain jnana or knowledge. For providing this jnana or
knowledge to common people Guru Harideva made arrangements for routine
recitation and elaborate explanation of Bhagvata for three times daily in his
Satra Institution. (to be continued)
সৃষ্টিত থকা সমস্ত জীৱ শৰীৰ আঠাইশটি তত্বৰ দ্বাৰা নিৰ্মিত ।এই আঠাইশ তত্ব ঈশ্বৰৰ পৰাই উদ্ভৱ হৈছে আৰু ঈশ্বৰে প্ৰত্যেক তত্বতে অৱস্থান কৰি সমস্তকে কাৰ্যশীল কৰি ৰাখিছে । এই কথা উল্লেখ কৰি ভাগৱতে কৈছে যে সৃষ্টিৰ উপাদান ,কালৰ প্ৰভাৱত তত্ব সমুহৰ মাজত সময়ে সময়ে চলি থকা ক্ৰিয়া-বিক্ৰিয়া , জীৱৰ স্বভাৱ আৰু তত্বসমুহৰ ক্ৰিয়া-বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন ফলাফল সমুহৰ উপভোক্তা – এই সকলো উক্ত আঠাইশটি তত্বৰ অন্তৰ্ভুক্ত । লগতে কোৱা হৈছে যে এই সমস্তই ঈশ্বৰৰ পৰা উদ্ভৱ হৈছে,সকলো ঈশ্বৰৰ
পৰা অবিছিন্ন, এই সমস্তকে ঈশ্বৰে নিয়ন্ত্ৰণ কৰে কিন্তু ঈশ্বৰ নিজে এই সমস্তৰে পৰা পৃথক । কথাখিনি বুজাৰ বাবে আমি জুইৰ উদাহৰণ ল’ব পাৰো । কাঠ পুৰি থকা অৱস্থাত জুই কাঠৰ অভ্যন্তৰত প্ৰৱেশ কৰে ।
কাঠৰ আকাৰ ধাৰণ কৰা জুই, জুইৰ পৰা নিৰ্গত হোৱা পোৰা পদাৰ্থৰ গোন্ধ, উত্তাপ,পোহৰ ,ধোৱাঁ , ফিৰিঙতি ইত্যাদি আমি দেখো আৰু অনুভৱ কৰো । এই সমস্ত বস্তু জুইৰ অন্তৰ্গত কিন্তু ইয়াৰ একোকে জুই বুলি ক’ব নোৱাৰি । জুইৰ পৰা উৎপন্ন উত্তাপ, পোহৰ আদি জুইৰ পৰা পৃথক বুলিও ক’ব নোৱাৰি আৰু এইসমুহক জুই বুলিও কোৱা নাযায় । এই সমস্তৰে কাৰণ জুই, জুই নাথাকিলে এইবোৰ একো নাথাকে কিন্তু জুই নিজে এই সকলোৰে পৰা পৃথক ।একেদৰে ঈশ্বৰ আমাৰ শৰীৰৰ আঠাইশ তত্বত প্ৰৱেশ কৰি আমাক কাৰ্যশীল কৰে । কাৰ্যক্ষম হৈ থকা কালছোৱাৰ মাজত বিভিন্ন সময়ত আমাৰ শৰীৰৰ তত্বসমুহৰ ভিতৰত বিভিন্ন ক্ৰিয়া বিক্ৰিয়া সংঘটিত হয় । এই ক্ৰিয়া-বিক্ৰিয়া সমুহৰ পৰা বিভিন্ন প্ৰকাৰৰ ফল উৎপন্ন হয় আৰু সেই ফল ভোগ কৰি আমি সুখ বা দুখ অনুভৱ কৰো। তাপ, পোহৰ আদি যিদৰে জুইৰ অন্তৰ্নিহিত বস্তু
সেইদৰে ওপৰোক্ত সমস্তখিনিয়ে ঈশ্বৰৰ অন্তৰ্ভুক্ত | ইয়াৰ একোৱে ঈশ্বৰৰ পৰা পৃথক নহয় কিন্তু ঈশ্বৰ নিজে এই সমস্তৰে পৰা পৃথক বা ঈশ্বৰ এই সমুহৰ সৈতে সংশ্লিষ্ট নহয়। আকৌ জুইক বাদ দি যিদৰে তাপ ,পোহৰ আদিৰ অস্তিত্ব থাকিব নোৱাৰে সেইদৰে ঈশ্বৰক বাদ দিলে এইসমুহৰ একোৰে অস্তিত্ব নাথাকে । ভাগৱতে কৈছে যে আমি নিজে প্ৰকৃততে কি
তাক উপলব্ধি কৰাৰ বাবে এই জ্ঞান আহৰণ কৰা প্ৰয়োজন্। যুক্তি বুদ্ধিৰ দ্বাৰা বিচাৰ
কৰি এইবিলাক
বিষয়ৰ
চৰ্চা
কৰাটো জ্ঞান লাভৰ উপায় আৰু ইয়াৰ উপলব্ধিয়ে
জ্ঞান । এই জ্ঞান লাভ কৰি নিজৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাৰ পিছতহে বিজ্ঞান বা আত্মজ্ঞান লাভৰ পথত অগ্ৰসৰ হ’ব পাৰি । জনসাধৰণক এই জ্ঞান প্ৰদান কৰাৰ অৰ্থে হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰানুষ্ঠানত নিতৌ তিনিবাৰকৈ ভাগৱত শাস্ত্ৰৰ পাঠ কৰি ইয়াত সন্নিৱিষ্ট
গুঢ় তত্বসমুহ পুংখানুপুংখ ভাৱে ব্যাখ্যা কৰাৰ ব্যৱস্থা কৰিছিল ।(আগলৈ)
No comments:
Post a Comment