Different Vedic sages
felt one single ultimate truth in different ways. Based on their own feelings
they suggested different ways of spiritual practices for knowing the ultimate
truth. These paths are known as Jnana Marga or path of knowledge, Yoga Marga or
path of Yoga and Bhakti Marga or Path of devotion .These things we already
discussed in the preceding posts. In the Vedic scriptures the details of all
these paths of spiritual practices are explained elaborately. We can make a
gist of all those explanations as follows.The Param Brahma, God Almighty,
Paramatma etc are different names of one nondual knowledge or one ultimate
truth. Since
nondual knowledge is one without a second we can
not compare it with anything. Because of that we can not tell that the nondual
knowledge or ultimate truth or God Almighty or whatever name we may call it, is
like this or like that. Thus there is no way to define the nondual knowledge
directly. Then what is the way to know this?Answering this question the Vedic scriptures
tell that any of the things that we see
, hear,taste ,smell and touch with our senses and feel within our mind is not
the ultimate truth. Anything of those which we can think and imagine with our
mind and understand with our intelligence is not the ultimate truth. In this
way if we eliminate everything of the material world and also everything from
our own mental world then also something will be left. This something is beyond
the things of material world and also beyond the thoughts, feelings etc of our mind
. That something is said to be the nondual knowledge or Param Brahma or Paramatma or God
Almighty. Now, it is not possible for a common man like us to understand the
ultimate truth by following this type of critical scriptural descriptions. In Bhagavata
such critical Vedic knowledge is explained in the easiest possible way. Common
ignorant people may also gain some idea about the nature of the ultimate truth
by going through those descriptions contained in Bhagavata. Bhagavata also tells
that by performance of spiritual practice through the path of devotion the body
mind complex can be purified. Nondual knowledge or God Almighty or the ultimate truth is
automatically revealed in the purified heart of human being and this is the easiest way of knowing the ultimate truth. Guru Harideva established Satra Institution with an aim to impart spiritual
education to common ignorant people . So, he made all arrangements to bring those teachings
of Bhagavata to the reach of the common people through his Satra Institution . (to be continued)
এক পৰম সত্যকে বিভিন্ন বৈদিক ঋষিমুনিয়ে বিভিন্ন ধৰণে অনুভৱ কৰিছিল। নিজৰ নিজৰ উপলব্ধিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে অদ্বৈত তত্বজ্ঞান লাভ কৰাৰ বাবে বা পৰম সত্যক জানিবৰ বাবে জ্ঞানমাৰ্গ , যোগমাৰ্গ ,ভক্তিমাৰ্গ আদি পাৰমাৰ্থিক সাধনৰ পথ প্ৰদৰ্শন কৰি গৈছে ।
এইবিলাক কথা ইয়াৰ আগৰ লিখনিত কৈ অহা হৈছে ।বৈদিক শাস্ত্ৰসমুহত ঋষিমুনিসকলে উপলব্ধি কৰা বিভিন্ন প্ৰকাৰৰ জ্ঞান আৰু তেওঁলোকে দি যোৱা সাধন উপদেশসমুহ বিস্তাৰিতভাৱে ব্যাখ্যা কৰা হৈছে ।
সেই সমস্তৰে সাৰ গ্ৰহণ কৰিলে মূল কথাখিনি তলত দিয়াৰ দৰে ক’ব পৰা যায় ।
পৰমব্ৰহ্ম ,পৰম সত্য ,পৰমেশ্বৰ আদি এক অদ্বৈত তত্বজ্ঞান বা এক পৰম সত্যৰ বিভিন্ন নাম ।
অদ্বৈত তত্বজ্ঞান একক অদ্বিতীয় তত্ব অৰ্থাৎ ইয়াত বাদে অন্য ক’তো একো নাই বাবে আমি ইয়াক অন্য একোৰে সৈতে তুলনা কৰি চাব নোৱাৰো ।সেই কাৰণে ইয়াক অদ্বৈত তত্বজ্ঞান বা পৰমেশ্বৰ বা পৰম ব্ৰহ্ম , বা পৰম সত্য বা অন্য বিভিন্ন নামেৰে বুজোৱাৰ প্ৰয়াস কৰা হয় যদিও ই এনেকুৱা বা ই তেনেকুৱা বুলি ক’ব নোৱাৰি ।
এনেদৰে বিচাৰ কৰি চালে দেখা যায় অদ্বৈত তত্বজ্ঞান বা পৰম সত্যক জনাৰ বাবে কোনো প্ৰত্যক্ষ নিৰ্দেশ অথবা সূত্ৰ থাকিব নোৱাৰে।তেন্তে ইয়াক জনাৰ উপায় কি? এই প্ৰশ্নৰ উত্তৰ দি উপনিষদকে ধৰি বিভিন্ন বৈদিক শাস্ত্ৰত কোৱা হৈছে যে আমি যিবিলাক বস্তু ইন্দ্ৰিয়ৰ সহায়ত চাব পাৰো , শুনিব পাৰো , চুব পাৰো , যিবিলাকৰ সোৱাদ আৰু গোন্ধ লব পাৰো আৰু মনেৰে অনুভৱ কৰিব পাৰো তাৰ একোৱে পৰম সত্য বা পৰমব্ৰহ্ম নহয় ।যিবিলাক বস্তুৰ কথা মনেৰে চিন্তা কৰিব পাৰো ,কল্পনা কৰিব পাৰো বা যুক্তি-বুদ্ধি প্ৰয়োগ কৰি বুজিব পাৰো তাৰ একোৱে পৰম সত্য বা পৰমেশ্বৰ বা অদ্বৈত জ্ঞান নহয় ।
এনেদৰে বিচাৰ বিবেচনা কৰি বাহিৰৰ বস্তুজগত আৰু নিজৰ মনৰ জগতৰ সমস্তকে বাদ দিয়াৰ পিছতো কিবা এটা থাকি যায় ।
সেই কিবা এটাই হৈছে পৰম তত্ব বা অদ্বৈত তত্বজ্ঞান। এই জ্ঞান বাহিৰৰ জগত আৰু আমাৰ মনৰ ভাৱনা , অনুভূতি আদিৰ উৰ্দ্ধত চিৰ বিৰাজমান। ইয়াকে পৰমব্ৰহ্ম, পৰমাত্মা, পৰমেশ্বৰ ইত্যাদি নামৰ দ্বাৰা বুজোৱা হয় ।এতিয়া দেখা যায় যে শাস্ত্ৰই বৰ্ণনা কৰা এনে জটিল তত্ব বুজি লৈ আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধি সম্পন্ন সংসাৰী মানুহে অদ্বৈত তত্বজ্ঞান লাভ কৰা বা পৰম সত্য উপলব্ধি কৰা সম্ভৱ নহয় ।
কিন্তু ভাগৱত শাস্ত্ৰত বেদৰ এনে জটিল তত্বকো যথাসম্ভৱ সহজ সৰল ৰূপত ব্যাখ্যা কৰা হৈছে ।
সেই ব্যাখ্যাৰ সহায়ত আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকেও অদ্বৈত তত্বজ্ঞান সম্পৰ্কে সাধাৰণ ধাৰণা কৰিব পাৰে ।ভাগৱতত ইয়াকো কোৱা হৈছে যে ভক্তিযোগৰ মাধ্যমত পাৰমাৰ্থিক সাধনা কৰি শৰীৰ মন বিশুদ্ধ কৰিব পাৰি। অন্তঃকৰণ বিশুদ্ধ হ’লে অদ্বৈত তত্বজ্ঞান বা পৰমেশ্বৰ মানুহৰ হৃদয়ত নিজে নিজে প্ৰকাশিত হয় আৰু তত্বজ্ঞান লাভ বা ঈশ্বৰ উপলব্ধিৰ ইয়ে সহজতম উপায় ।হৰিদেৱ
গুৰুজনাৰ সত্ৰ স্থাপন কৰাৰ মুখ্য উদ্দেশ্যও আছিল সাধাৰণ সংসাৰী লোকক পাৰমাৰ্থিক দিশৰ শিক্ষা প্ৰদান কৰা ।
সেয়েহে তেওঁ সত্ৰানুষ্ঠানৰ মাধ্যমত ভাগৱত শাস্ত্ৰৰ এনে সহজ সৰল জ্ঞান আৰু উপদেশ জনসাধাৰণৰ মাজলৈ অনাৰ ব্যৱস্থা কৰিছিল। (আগলৈ)
No comments:
Post a Comment