Bhagavata tells that God Almighty or the Ultimate Truth is pure
knowledge free from any connection with any knower and also with anything to be
known. Bhagavata
tells that though the ultimate truth is one, the learned sages described this
single ultimate truth in different ways. They also gave different names to this
single ultimate truth. This happened because of the differences in the ways of
thinking of different sages. One class
of learned sages felt the nondual knowledge mentioned above as omniscient
,omnipotent and omnipresent ultimate truth. They named the truth they felt as “Param
Brahma”. The spiritual practices performed by them for knowing this “ Param
Brahma” is called Jnana Marga or path of
knowledge . Another class of sages felt the same
nondual knowledge as the lone driving force or
soul of the entire creation and
they performed spiritual practices to make themselves united with that soul of
the universe . They named this nondual knowledge as Paramatma or the super
soul. The spiritual practices performed by them for this attainment is called “ Yoga
Marga” or path of yoga . Another class of sages felt that this nondual knowledge is the friend , philosopher
and guide of all living beings . From the core of their heart they believed that this nondual knowledge is the Ultimate Truth and nothing of the world remains unknown to this ultimate truth. They also believed that by way of rendering
selfless devotional services to this nondual knowledge or ultimate truth the human beings can purify their body, mind ,
intelligence etc . Then the ultimate truth is automatically
revealed in the purified heart of such devotees . They named the same nondual knowledge as Bhagavana or God Almighty.The path of spiritual
practice followed by them to realize
this truth is called “ Bhakti Yoga” or path of devotion . Now, the Vedas and
Vedic scriptures tell that all descriptions mentioned above are related to one
and the same truth. The different sages realized the same
ultimate truth by making spiritual practice through different paths as mentioned
above. Bhagavata tells that though all
paths are meant for attainment of the
same goal , the Bhakti Yoga or the path of devotion is the easiest and most
suitable path of spiritual practice for common people. So the path of devotion is elaborately explained in Bhagavata and Guru Harideva established Satra Institution to teach common people the ways of
practical application of the path of
devotion as suggested in Bhagavata. (to be continued)
ভাগৱত শাস্ত্ৰত জ্ঞাতা আৰু জ্ঞেয় পদাৰ্থৰ সৈতে সম্পৰ্কহীন শুদ্ধ জ্ঞান বা অদ্বৈত তত্বজ্ঞানকে পৰম সত্য বা পৰমেশ্বৰ বুলি কোৱা হৈছে। আকৌ বেদৰ উদাহৰণ দি ভাগৱতত কোৱা হৈছে যে পৰম সত্য এক কিন্তু বেলেগ বেলেগ তত্বজ্ঞানী ঋষিমুনিয়ে এই এক সত্যকে বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিছে।এক সত্যকে তেওঁলোকে পৃথক পৃথক নামো দিছে ।বেলেগ বেলেগ মানুহৰ চিন্তাধাৰা বেলেগ বেলেগ হোৱা কাৰণে এনে পাৰ্থক্য হোৱা বুলি কোৱা হৈছে । এক শ্ৰেণীৰ ঋষি-মুনিয়ে ওপৰত উল্লেখ কৰা অদ্বৈত তত্বজ্ঞানক সৰ্বব্যাপ্ত সৰ্বজ্ঞ, সৰ্বশক্তিমান পৰম সত্যৰ ৰূপত দেখা পাইছিল আৰু ইয়াক পৰম ব্ৰহ্ম বুলি নামকৰণ কৰিছিল ।তেওঁলোকে যি পথেৰে পাৰমাৰ্থিক সাধনা কৰি অদ্বৈত তত্বজ্ঞানক পৰমব্ৰহ্ম ৰূপে উপলব্ধি কৰিছিল সেই সাধন পদ্ধতিক জ্ঞানযোগ বা জ্ঞানমাৰ্গ বুলি কোৱা হয় । আন এক শ্ৰেণীৰ ঋষিমুনিয়ে এই অদ্বৈত তত্বজ্ঞানকে বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ চালিকা শক্তি বা আত্মা হিচাপে উপলব্ধি কৰি নিজকে সেই বিশ্বাত্মাৰ সৈতে বিলীন কৰাৰ বাবে পাৰমাৰ্থিক সাধনাত লিপ্ত হৈছিল । তেওঁলোকে সেই একে অদ্বৈত তত্বজ্ঞানকে পৰমাত্মা নামেৰে অভিহিত কৰিছিল । যি সাধন পদ্ধতিৰ দ্বাৰা সাধনা কৰি তেওঁলোকে অদ্বৈত তত্বজ্ঞানক পৰমাত্মা হিচাপে উপলব্ধি কৰিছিল সেই সাধন পদ্ধতিক যোগমাৰ্গ বুলি কোৱা হয় । অন্য এক শ্ৰেণীৰ ঋষিমুনিয়ে আকৌ সেই একে তত্বজ্ঞানকে সকলো জীৱৰ নিত্যসঙ্গী , শুভচিন্তক , পথ প্ৰদৰ্শক পৰম হিতৈষী সুহৃদৰ ৰূপত উপলব্ধি কৰিছিল । হৃদয়ৰ অভ্যন্তৰৰ পৰা তেওঁলোকে এই অদ্বৈত তত্বজ্ঞানকে পৰম সত্য বুলি বিশ্বাস কৰিছিল| হৃদয়ৰ সমস্ত আবেগ অনুভূতিৰ দ্বাৰা তেওঁলোকে এই কথাও বিশ্বাস কৰিছিল যে পৰম সত্যৰ প্ৰতি নিস্বাৰ্থভাৱে আগবঢ়োৱা ভক্তিমূলক সেৱাকাৰ্যৰ দ্বাৰা শৰীৰ মন ইন্দ্ৰিয় ইত্যাদি শুদ্ধ হয় আৰু অন্তৰ শুদ্ধ হ’লে হৃদয়ত পৰম সত্যৰ প্ৰকাশ ঘটে বা পৰম সত্যক জানিব পাৰি। তেওঁলোকে এই অদ্বৈত তত্বজ্ঞানকে ভগৱান নামেৰে অভিহিত কৰিছিল। যি সাধন পদ্ধতি অৱলম্বন কৰি তেওঁলোকে এই পৰম সত্য উপলব্ধি কৰিছিল তাকে ভক্তিযোগ বা ভক্তিমাৰ্গ বুলি কোৱা হয় । বেদ আৰু বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ওপৰোক্ত সকলোখিনিয়ে এক পৰম সত্যৰ বৰ্ণনা আৰু বিভিন্ন ঋষিমুনিয়ে ওপৰোক্ত বিভিন্ন পথেৰে অদ্বৈত তত্বজ্ঞান বা এক পৰম সত্যকে উপলব্ধি কৰিছিল । ভাগৱতে কৈছে যে সকলো পথেই এক পৰম সত্যক উপলব্ধি কৰাৰ পথ যদিও ভক্তিযোগৰ পথ সৰল আৰু সধাৰণ লোকৰ বাবে উপযোগী পথ । ভাগৱতত ভক্তিযোগৰ পথ বিস্তৰিত ৰূপত আলোচনা কৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই জনসাধাৰণক ইয়াৰ ব্যৱহাৰিক শিক্ষা দিয়াৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰি গৈছে। (আগলৈ)
No comments:
Post a Comment