Friday, 28 May 2021

The “Satra” Institution of Guru Harideva-106 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১০৬)

 

Bhagavata tells that the bodies of all living entities  in the creation starting from mighty lord Brahma down to a small plant of grass are composed of twenty eight elements. God enters into each of the elements and makes each element of each body active. In that way God controls the life and activities of each and everything of the creation. To make the things clear we can take example of electric current. We know that fan, bulb, heater, cooler, locomotives engines etc are run by electric current and we cannot feel electricity in pure form. When electric current flows through a machine it makes the machine active. By seeing the machine in action we assume that there is flow of electric current in the machine. Again the current is made to flow through different machines in different ways. This is done by arrangement of the constituent parts of different machines in different ways. Because of such arrangements the activities and output of different machines become different in spite of supplying the same current to all of the machines. The bulb emits light, fan rotates, the heater emits heat, cooler makes water cool and so on. Again, heat ,light ,motion etc are the resultant outputs of all the components inside a  particular machine. In a similar way God enters into each of the twenty eight elements of the bodies of each living entity, makes each of the twenty eight elements active and the resultant output comes out as the activity of the body as a whole . With our mind, intelligence and senses we gain knowledge pertaining to God by witnessing the various activities of God expressed through the activities of those bodies. Bhagavata tells that whatever is possible to know about God in this manner is called knowledge or indirect knowledge. With this knowledge we feel that God is separate from us, God is separate from the creation, we are separate from all other entities of the creation and each entity of the creation is separate from every other entity. But the truth is that God is one and this oneness is inclusive of everything. Nothing of the creation is separate from or remains outside God. So the knowledge or indirect knowledge mentioned as above is not perfect or pure knowledge pertaining to God. Through his Satra Institution Guru Harideva tried to bring  this type of philosophical teachings contained in Bhagavata to the reach of common people. (to be continued )

ভাগৱতত কোৱা হৈছে যে  সৃষ্টিৰ অন্তৰ্গত উচ্চতম স্তৰৰ দেৱতা ব্ৰহ্মাৰ পৰা আমাৰ চকুৰ সন্মুখতে দেখি থকা এজোপা ক্ষুদ্ৰ তৃণলৈকে  সকলোৰে শৰীৰ আঠাইশটা তত্বৰ দ্বাৰা নিৰ্মিত প্ৰত্যেক শৰীৰৰ আঠাইশটা তত্বৰ প্ৰত্যেকতে ঈশ্বৰে প্ৰৱেশ কৰি সকলোকে কাৰ্যশীল কৰি ৰাখে এনেদৰে ঈশ্বৰে জগতৰ প্ৰত্যেক জীৱৰে জীৱন আৰু কাৰ্যাৱলী নিয়ন্ত্ৰণ কৰে কথাখিনি বুজাৰ বাবে আমি বিদ্যুতৰ উদাহৰণ পাৰো বিজুলী চাকি, পাংখা , গৰম কৰা যন্ত্ৰ ,শীতল কৰা যন্ত্ৰ , চলনক্ষম যন্ত্ৰ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিক যন্ত্ৰ-পাতিৰ কথা আমি জানো সকলো যন্ত্ৰ বিদ্যুৎ প্ৰবাহৰ দ্বাৰা চলে কিন্তু বিদ্যুৎ আমি শুদ্ধ ৰূপত অনুভৱ কৰিব নোৱাৰো কোনো যন্ত্ৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে যন্ত্ৰ চলে তেতিয়া চলি থকা যন্ত্ৰৰ কাৰ্য আমি অনুভৱ কৰিব পাৰো আৰু তাৰ পৰাই যন্ত্ৰৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হৈ আছে বুলি আমি ধৰি লওঁ আকৌ বিভিন্ন যন্ত্ৰৰ ভিতৰৰ যন্ত্ৰাংশসমুহ বিভিন্ন প্ৰকাৰে সজাই বেলেগ বেলেগ যন্ত্ৰৰ মাজেদি বেলেগ বেলেগ ধৰণে বিদ্যুৎ প্ৰবাহ চলাৰ ব্যৱস্থা কৰা হয়  ইয়াৰ ফলত একে বিদ্যুৎ প্ৰবাহিত হোৱাৰ পিছতো বেলেগ বেলেগ যন্ত্ৰই বেলেগ বেলেগ কাম কৰে বিজুলী চাকিৰ পৰা পোহৰ বিকিৰণ হয় , পাংখা ঘুৰে , গৰম কৰা যন্ত্ৰই পানী গৰম কৰে , ঠাণ্ডা কৰা যন্ত্ৰই পানী ঠাণ্ডা কৰে ইত্যাদি তাপ ,পোহৰ, গতি আদি একো একোটা যন্ত্ৰৰ ভিতৰত থকা যন্ত্ৰাংশ সমুহৰ প্ৰত্যেকে কৰা  ভিন ভিন কাৰ্যৰ পৰা উৎপাদিত ফলৰ সমষ্টি কিন্তু ইয়াক আমি সমুহীয়াভাৱে সমগ্ৰ যন্ত্ৰটোৰ পৰা উৎপাদন হোৱা ফল বা কাৰ্য  বুলি অনুভৱ কৰোএকেদৰে ঈশ্বৰে প্ৰত্যেক শৰীৰৰ ভিতৰত থকা আঠাইশ তত্বৰ প্ৰত্যেকতে প্ৰৱেশ কৰে , প্ৰত্যেক তত্বকে কাৰ্যশীল কৰে আৰু সকলো তত্বই কৰা কাৰ্যৰ সমষ্টি সমগ্ৰ শৰীৰৰ কাৰ্য হিচাপে প্ৰকাশিত হয় আমাৰ মন ,বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা আমি বিভিন্ন শৰীৰৰ মাধ্যমত এনেদৰে প্ৰকাশিত হোৱা ঈশ্বৰৰ বিভিন্ন কাৰ্যাৱলী প্ৰত্যক্ষ কৰি ঈশ্বৰ সম্পৰ্কে জ্ঞান লাভ কৰো ভাগৱতে কৈছে যে এনে প্ৰক্ৰিয়াৰ দ্বাৰা ঈশ্বৰ সম্পৰ্কে যিমানখিনি জনা যায় তাক জ্ঞান বা পৰোক্ষ জ্ঞান বুলি কোৱা হয়এই জ্ঞানৰ দ্বাৰা এনে অনুভৱ হয় যেন ঈশ্বৰ আমাৰ পৰা পৃথক  , ঈশ্বৰ সমগ্ৰ সৃষ্টিৰ পৰা পৃথক, আমি নিজে সৃষ্টিৰ অন্য জীৱৰ পৰা পৃথক আৰু সৃষ্টিৰ প্ৰত্যেক জীৱ অন্য সকলো জীৱৰ পৰা পৃথক কিন্তু প্ৰকৃত সত্য হৈছে ঈশ্বৰ এক আৰু এই একত্বৰ অৰ্থ সমগ্ৰ সৃষ্টিক সামৰি লৈ ঈশ্বৰ এক অৰ্থাৎ সৃষ্টিৰ একো বস্তু ঈশ্বৰৰ পৰা পৃথক নহয় বা ঈশ্বৰৰ বাহিৰত নাই সেয়েহে  ওপৰত যি জ্ঞানৰ কথা কোৱা হৈছে সি ঈশ্বৰ সম্পৰ্কীয় শুদ্ধজ্ঞান বা পূৰ্ণজ্ঞান নহয় সত্ৰানুষ্ঠানৰ মাধ্যমত হৰিদেৱ গুৰুজনাই ভাগৱতত সন্নিবিষ্ট এনে ধৰণৰ শুদ্ধ দাৰ্শনিক ভাৱধাৰা জনসাধাৰণৰ চিন্তা-চৰ্চাৰ মাজলৈ লৈ অহাৰ প্ৰয়াস কৰিছিল (আগলৈ)     

No comments:

Post a Comment