We can not neglect any part of our body. Equal care is to be taken for each and every limb
of our body . This is essential for
keeping the whole body in good health. In a similar way we should consider each and
everything available in the creation as different limbs of the body of God. God
exists as the soul or consciousness of that body and keeps each an every items
of the creation active. God exists as consciousness or soul in our body also .
If the conscious
is detached from the body then our body does not exist and then naturally no
limb attached to the body can also exist. In a similar way nothing of the world can
exist without existence of God in them. Analyzing the things in this way
Bhagavata tells that everything in the creation is various expression of one God
Almighty. After seeing everything of the creation from this angle ,change occurs
in our lookout towards the things of the
world. Now, Guru Harideva established Satra Institution with an aim to
impart spiritual education to common
people engaged in family life. Father, mother, brother ,sister ,wife ,children
and other relatives are most important parts of a family. All of them are very near
and dear to each other. Every family member maintains cordial relationship among
each other. Each member of the family can sacrifice his own interests for the
welfare of other members. After
observation of the nature of our family
life in this way scriptures tell that if every member of the family tries to see God in
every other member then the family life itself can become conducive for
spiritual practice .In other words we can say that if a wife sees God in her
husband then she can feel that God in the form of husband is taking care of
her and maintaining her. If a husband can see God in his wife then he can feel
that God in the form of wife is serving him. If the parents can see God in their
children then they can feel that God in
the form of children are bringing happiness to them and so on . Scriptures tell
that if we can make habit to accept the things of the world in this way then we can see that husband ,wife
,son, money , property ,animals or whatever we may have in our family can
become helpful in our spiritual life also. So, Guru Harideva did not encourage people to
abandon family life for joining his mission. Instead ,he tried to educate
common people to perform spiritual practice in co-ordination with family life in the
above manner. Also, to teach practical implementation of those scriptural advices he
himself lived an ideal family life with wife, children and other relatives. (to
be continued)
আমাৰ শৰীৰৰ কোনো অঙ্গকে আমি গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰো ।শৰীৰৰ প্ৰতিটো অঙ্গ-প্ৰত্যঙ্গৰে সমান যত্ন লোৱাৰ প্ৰয়োজন হয় ।সমগ্ৰ শৰীৰ সুস্থ সৱল কৰি ৰাখিবৰ বাবে এনে কৰা অতীব প্ৰয়োজনীয় ।একেদৰে জগতৰ প্ৰ্ত্যক বস্তু ঈশ্বৰৰ শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গ বুলি ধৰিব লাগে।ঈশ্বৰ সেই জগত শৰীৰৰত আত্মা বা চৈতন্য ৰূপে অৱস্থান কৰি জগতৰ সকলোকে কাৰ্যশীল কৰি ৰাখে ।
আমাৰ শৰীৰতো ঈশ্বৰ আত্মা বা চেতনাৰ ৰূপত আছে।
চৈতন্য বা আত্মাৰ পৰা বিছিন্ন হ’লে আমাৰ শৰীৰো নাথাকে আৰু শৰীৰ নাথাকিলে অঙ্গ-প্ৰত্যঙ্গ থকাৰ প্ৰশ্নই নাহে ।একেদৰে ঈশ্বৰৰ পৰা বিছিন্ন হ’লে ঈশ্বৰৰ শৰীৰ বুলি ধৰি লোৱা জগতো নাথাকে আৰু জগত নাথাকিলে জগতৰ একো বস্তুও নাথাকে।কথাবিলাক এনেদৰে বিচাৰ বিশ্লেষণ কৰি ভাগৱতে কৈছে যে জগতৰ সমস্ত বস্তু এক ঈশ্বৰৰ ভিন্ন ভিন্ন প্ৰকাৰৰ ৰূপ বা প্ৰকাশ। এনেদৰে বিচাৰ কৰি চালে জগতৰ বস্তুসমুহৰ প্ৰতি আমাৰ দৃষ্টিভঙ্গীৰ পৰিবৰ্ত্তন হয় ।
এতিয়া কথা হৈছে হৰিদেৱ গুৰুজনাই সংসাৰৰ বিভিন্ন কামত সদাব্যস্ত হৈ থকা সাধাৰণ মানুহক পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।পিতৃ ,মাতৃ ,ভাই,ভনী ,স্ত্ৰী , সন্তান , আত্মীয়-স্বজন আদি সকলো এখন সংসাৰৰ অতি প্ৰয়োজনীয় অংশ ।
পৰিয়ালৰ
প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকৰ বাবে অতি মৰমৰ আপোনজন্। প্ৰত্যেকৰে প্ৰত্যেকৰ সৈতে মধুৰ সম্পৰ্ক থাকে ।প্ৰত্যেক সদস্যই আন সদস্যৰ উপকাৰৰ অৰ্থে নিজৰ স্বাৰ্থ ত্যাগ কৰিব পাৰে ।
পাৰিবাৰিক জীৱনৰ এই বিলাক কথা লক্ষ কৰি শাস্ত্ৰত কোৱা হৈছে যে পৰিয়ালৰ প্ৰত্যেক জন সদস্যই যদি অন্য প্ৰত্যেকজন সদস্যৰ মাজত ঈশ্বৰক চোৱাৰ চেষ্টা কৰে তেন্তে সাংসাৰিক জীৱন পাৰমাৰ্থিক সাধনাৰ বাবে অনুকুল হৈ উঠে ।
অন্যভাৱে ক’ব পাৰি যে যদি ঘৈণীয়েকে গিৰিয়েকৰ ভিতৰত ঈশ্বৰ দৰ্শন কৰে তেন্তে তেওঁ বুজিব পাৰে যে ঈশ্বৰে গিৰিয়েকৰ ৰূপ ধৰি তেওঁক ভৰণ-পোষণ তথা ৰক্ষণাবেক্ষণ দি থাকে ।
যদি গিৰিয়েকে ঘণীয়েকৰ ভিতৰত ঈশ্বৰ দৰ্শন কৰে তেন্তে তেওঁ বুজিব পাৰে যে ঈশ্বৰে ঘৈণীয়েকৰ ৰূপ ধৰি তেওঁক সেৱা কৰি আছে ।
পিতৃমাতৃয়ে সন্তানৰ ভিতৰত ঈশ্বৰ দৰ্শন কৰিলে বুজিব পাৰে যে ঈশ্বৰে সন্তানৰ ৰূপ ধৰি তেওঁলোকক আনন্দ দান কৰি আছে । শাস্ত্ৰত কোৱা হৈছে যে জগতৰ সমস্ত বস্তুকে এনেভাৱে চোৱাৰ অভ্যাস
কৰিলে বুজিব পাৰি যে পতি ,পত্নী , পুত্ৰ ,বিত্ত , পশু আদিকে ধৰি সাংসাৰিক জীৱনত যিবিলাক বস্তুৰ সংস্পৰ্শলৈ অহা যায় সেই সকলোখিনিয়ে আমাৰ পাৰমাৰ্থিক সাধনাৰ সহায়ক হৈ উঠিব পাৰে ।
সেই কাৰণে হৰিদেৱ গুৰুজনাই কোনো লোককে সংসাৰ ত্যাগ কৰি তেওঁৰ সত্ৰানুষ্ঠানত
যোগ দিয়াৰ বাবে উৎসাহিত কৰা নাই ।
তেওঁ ওপৰত কোৱা ধৰণে সাংসাৰিক
জীৱনৰ সৈতে সংগতি ৰাখি সত্ৰানুষ্ঠানৰ মাধ্যমত
জনসাধাৰণক পৰমাৰ্থিক দিশত আগবঢ়াৰ
বাবে প্ৰয়োজনীয় শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল ।
নিজে স্ত্ৰী,পুত্ৰ্,কন্যা আৰু আত্মীয়-স্বজনৰ সৈতে আদৰ্শ সাংসাৰিক জীৱন যাপন কৰি সাধাৰণ লোকক ব্যৱহাৰিকভাৱেও আদৰ্শ প্ৰদৰ্শন কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment