Through
scriptural knowledge one can know the presence of God in each entity of the creation. This is like seeing the image of
things in a mirror. If the actual thing is not available in front of the mirror
then we can not see its image. On the other hand if mirror is not there then
also we can not see any image of anything. That is the existence of image is dependent upon the existence of the
actual object, the existence of a mirror
and also there should be somebody to witness the image .Now, in case of witnessing of God in this way, we see
that God is eternally present but the
things of the creation through which we are supposed to witness God and we ,
that is , the observers are not
ever existing . Things
including ourselves appear
in the creation, sustain for sometimes and then disappear. This is true in case
of the creation as a whole also. The creation
appears , sustains for sometimes and then annihilates. With the annihilation of
the creation, everything from the highest heaven of lord Brahma up to
the lowest abode of nether region is destroyed. With that, all scriptures, knowledge
contained in the scriptures and
the knower of the scriptural knowledge are also destroyed. But eternal God
remains present after annihilation of the whole creation also. After annihilation
of one creation the next creation
originates from God and everything is created again. In this process the Vedas, Vedic
scriptures also originate from God as per plan of the new creation. The
scriptural knowledge is again distributed by the sages of the new creation and people
like us gain this knowledge. Thus God is eternal Ultimate Truth and is present from
prior to the creation, during sustenance of the creation and after annihilation
of the creation . The scriptures and the knower of scriptural knowledge
originate from God along with other things and appear in the creation, sustain during sustenance of the creation
and are destroyed with annihilation of the
creation . Analyzing the things in this manner we can understand that it is not possible to express complete
knowledge pertaining to God or the
Ultimate Truth in the scriptures. So Guru Harideva suggests that Vijnana or Atmajnana or self realization is the proper way
for realization Krishna or the absolute Ultimate Truth .(to be continued )
শাস্ত্ৰৰ পৰা লাভ কৰা জ্ঞানৰ দ্বাৰা আমি জগতৰ সমস্ত বস্তুতে ঈশ্বৰ আছে বুলি অনুভৱ কৰিব পাৰো ।এই জ্ঞান আইনাত বস্তুৰ প্ৰতিবিম্ব দেখাৰ দৰে। আইনাৰ সন্মুখত বস্তু নাথাকিলে আমি তাৰ প্ৰতিবিম্ব দেখা নাপাওঁ । আনহাতে আইনা নাথাকিলেও একো বস্তুৰ প্ৰতিবিম্ব দেখা নাযায় । অৰ্থাৎ প্ৰতিবিম্বৰ দৰ্শন বা জ্ঞান লাভ কৰাৰ বাবে আচল বস্তু, আইনা আৰু প্ৰতিবিম্ব দৰ্শন কৰা ব্যক্তিৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে । একেদৰে জগতৰ বস্তুৰ মাধ্যমত ঈশ্বৰ দৰ্শন কৰাৰ বাবে বস্তু, ঈশ্বৰ আৰু দ্ৰষ্টা ব্যক্তিৰ উপস্থিতিৰ প্ৰয়োজন হয় । ঈশ্বৰ দৰ্শনৰ ক্ষেত্ৰত দেখা যায় যে ঈশ্বৰ চিৰন্তন অৰ্থাৎ সদায় আৰু সকলোতে থাকে। কিন্তু জগতৰ যিবিলাক বস্তুৰ মাধ্যমত ঈশ্বৰ দৰ্শন কৰা বা ঈশ্বৰক জনাৰ প্ৰয়াস কৰা হয় সেই বস্তু আৰু দৰ্শনকাৰী বা দ্ৰষ্টা ব্যক্তি সদায় নাথাকে । বস্তু আৰু বস্তুৰ জ্ঞান লাভ কৰোতা বা দ্ৰষ্টা জগতলৈ আহে , কিছুকাল থাকে আৰু তাৰ পিছত বিনাশপ্ৰাপ্ত হয় । জগতখন সামগ্ৰিকভাৱে ধৰিলেও এই কথা সত্য । জগতখন প্ৰকাশিত হয় , কিছুকাল থাকে আৰু ধ্বংস হয়্।সৃষ্টি বিনাশ হ’লে ব্ৰহ্মাৰ বাসস্থান উচ্চতম ব্ৰহ্মলোকৰ পৰা নিম্নতম পাতাল লোক পৰ্যন্ত সকলো ধ্বংস হয় । ইয়াৰ লগতে সমস্ত শাস্ত্ৰ আৰু শাস্ত্ৰৰ অন্তৰ্গত জ্ঞান উপদেশ আদিও বিলুপ্ত হয় আৰু সেই অৱস্থাত ঈশ্বৰক দৰ্শন কৰাৰ বাবে কোনো দ্ৰষ্টাও উপস্থিত নাথাকে ।কিন্তু সৃষ্টিৰ বিনাশ হোৱাৰ পিছতো চিৰন্তন ঈশ্বৰ থাকে । ঈশ্বৰৰ পৰাই পৰবৰ্ত্তী সৃষ্টিৰ প্ৰকাশ হয় । নতুন সৃষ্টিৰ ক্ৰম অনুসৰি ঈশ্বৰৰ পৰাই বেদ আৰু বৈদিক শাস্ত্ৰসমুহ নিৰ্গত হয় । নতুন সৃষ্টিত আবিৰ্ভাৱ হোৱা ঋষিমুনি সকলৰ জৰিয়তে শাস্ত্ৰজ্ঞান পুনৰ প্ৰচাৰিত হয় আৰু আমাৰ দৰে জীৱই সেই জ্ঞান আহৰণ কৰে ।এইদৰে দেখা যায় যে ঈশ্বৰ সৃষ্টিৰ পূৰ্বতো থাকে, সৃষ্টি চলি থকা কালতো থাকে আৰু সৃষ্টি বিনাশ হোৱাৰ পিছতো থাকে । আনহাতে শাস্ত্ৰ, শাস্ত্ৰৰ অন্তৰ্গত জ্ঞান আৰু সেই জ্ঞান আহৰণ কৰোঁতা ব্যক্তি বা জ্ঞাতা সৃষ্টিৰ অন্যান্য বস্তুৰ দৰে আবিৰ্ভাৱৰ ক্ৰম অনুসৰি প্ৰকাশিত হয় , সৃষ্টি চলি থকা কালত থাকে আৰু সৃষ্টিৰ বিনাশৰ লগে লগে বিলুপ্ত হয় । কথাবিলাক এনেদৰে বিচাৰ বিশ্লেষণ কৰিলে শাস্ত্ৰৰ দ্বাৰা অবিনশ্বৰ ঈশ্বৰ বা পৰম সত্যক সম্পূৰ্ণভাৱে প্ৰকাশ কৰা সম্ভৱ নহয় বুলি বুজিব পাৰি । সেইকাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে বিজ্ঞান বা আত্মজ্ঞান লাভৰ জৰিয়তেহে কৃষ্ণলাভ হয় অৰ্থাৎ কৃষ্ণতত্ব বা পৰম সত্যক উপলব্ধি কৰিব পাৰি । (আগলৈ)
No comments:
Post a Comment