We can not see or feel fire in pure or absolute form . When something is burnt the flame, heat ,light , smoke etc are produced. With our mind , intelligence and senses we see or feel these things and assume that there is fire .We also know that fire is bound to burn any combustible material connected with it .Scripture tell that there is a regulative force in the creation. This force is always active everywhere and under any condition. In general this is known as the laws of nature or the will of God . Bhagavata tells that God enters into each of the twenty eight constituent elements of each entity of the creation and control their activities as per the regulative principle mentioned above. Because of this regulative control all entities in the creation, starting from mighty Brahma of the highest heaven to a sand particle of this world, remain bound to perform activities within their own limits and maintain their own characteristics. Because of this, fire is bound to burn combustible materials, wind blows, sun , moon, planets etc revolve and so on. Through this regulative force God maintains the harmony of the creation. In the absence of such regulative force anybody may do anything, any output may come from any work and in this way the harmony of the creation may be totally lost . Bhagavata tells that with this type of description the Vedic scriptures attempt to bring God or knowledge pertaining to God to the limit of the understanding capacity of our mind , intelligence and senses . With this type of knowledge or jnana we can realize the presence of God in all entities of the creation . This is like knowing of the presence of fire in the materials under burning state. Based on his profound knowledge of Bhagavata Guru Harideva tells that this type knowledge is not sufficient to know Krishna or the Ultimate Truth . (to be continued )
জুই আমি বিশুদ্ধ ৰূপত চাব বা অনুভৱ কৰিব নোৱাৰো । যেতিয়া
কিবা বস্তু পোৰা যায় তেতিয়া জুইশিখা , উত্তাপ
, পোহৰ
, ধোৱাঁ
ইত্যাদি উৎপন্ন হয় ।
আমাৰ মন, বুদ্ধি, ইন্দ্ৰিয়ৰ দ্বাৰা আমি এইবিলাক বস্তুহে চাব বা অনুভৱ কৰিব পাৰো আৰু জুইৰ দ্বাৰা সংঘটিত হোৱা এইবিলাক কাৰ্যৰ সহায়তহে আমি জুইক অনুভৱ কৰো ।
আনহাতে এই কথা আমি জানো যে যিকোনো দাহ্য পদাৰ্থত অগ্নি সংযোগ কৰিলে জুইয়ে তাক নোপোৰাকৈ থাকিব নোৱাৰে ।শাস্ত্ৰত কোৱা হৈছে যে এক নিয়ামক শক্তিৰ দ্বাৰা জগতৰ সমস্তই নিয়ন্ত্ৰিত হৈ আছে।
এই শক্তি সকলো কালতে আৰু সকলো অৱস্থাতে জগতৰ সকলো স্থানতে কাৰ্যশীল হৈ থাকে ।
এই শক্তিকে সাধাৰণ অৰ্থত প্ৰকৃতিৰ নিয়ম বা ঈশ্বৰৰ ইচ্ছা বুলি কোৱা হয় । ভাগৱতত
কোৱা হৈছে যে ঈশ্বৰে জগতৰ প্ৰত্যেক শৰীৰৰ অন্তৰ্গত আঠাইশটি তত্বৰ প্ৰত্যেকতে প্ৰৱেশ কৰি এই নিয়ামক শক্তিৰ দ্বাৰা সকলোৰে কাৰ্য নিয়ন্ত্ৰণ কৰি আছে ।ঈশ্বৰে এনেদৰে সকলোকে নিয়ন্ত্ৰিত কৰি
ৰখা বাবেহে সৰ্বোচ্চ লোকৰ দেৱতা ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি এই জগতৰ সাধাৰণ বালিচাহীলৈকে সকলোৱে নিজৰ নিজৰ গণ্ডীৰ ভিতৰত আৱদ্ধ থাকি কৰ্ম কৰে আৰু নিজৰ বিশেষ চৰিত্ৰ ৰক্ষা কৰে।
ইয়াৰ প্ৰভাৱতে অগ্নিয়ে দাহ্য পদাৰ্থ দহন কৰিবলৈ বাধ্য হয় , চন্দ্ৰ
,সূৰ্য ,গ্ৰহ , নক্ষত্ৰ
ঈশ্বৰে বান্ধি দিয়া নিয়ম অনুসৰি নিজ নিজ কক্ষপথত ঘুৰে ইত্যাদি ।
সৃষ্টিৰ সমন্বয় এই নিয়মৰ দ্বাৰা সাধিত হয়। এনে নিয়ম নাথাকিলে যিকোনো বস্তুৱে যি কোনো সময়তে তাৰ স্বভাৱ পৰিবৰ্ত্তন কৰিব পাৰিব, যিকোনো কৰ্মৰ পৰা যিকোনো ফল উৎপন্ন হ’ব আৰু এইদৰে সমস্ত জগততে বিশৃংখলা সৃষ্টি হ’ব। ভাগৱতে কৈছে যে বৈদিক শাস্ত্ৰসমুহত এনে প্ৰকাৰৰ বৰ্ণনাৰ দ্বাৰা ঈশ্বৰ বা ঈশ্বৰ সম্পৰ্কীয় জ্ঞান আমাৰ মন ,বুদ্ধি ইন্দ্ৰিয়ৰ বোধগম্য কৰাৰ চেষ্টা কৰা হৈছে।
দহন কাৰ্যৰ দ্বাৰা যিদৰে কোনো পদাৰ্থত জুই আছে বুলি বুজিব পাৰি সেইদৰে এনে প্ৰকাৰ জ্ঞানৰ দ্বাৰা সৃষ্টিৰ অন্তৰ্গত সমস্ত বস্তুৰ ভিতৰতে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰা হয় ।
নিজৰ অগাধ ভাগৱত জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে কৃষ্ণ বা পৰম সত্যক জনাৰ বাবে এই
জ্ঞান যথেষ্ট নহয় ।(আগলৈ)
No comments:
Post a Comment