Bhagavata
tells that knowledge related to anything of this world in any manner can
not be nondual knowledge or the Ultimate Truth. God is nondual knowledge or knowledge not having any connection with anything of the world. Also, God is one and hence there is nothing equal and
comparable to God. To understand the point we can take the example of a
particular cow that we tame in our house.If we compare the color, shape, habits
etc of is cow with other cows we can find some of differences of it with other cows . In a similar way, it has differences with other animals like dog
,elephant , buffalo etc . Also it is different from all other things
surrounding us. With our mind, sense and intelligence we study the differences
of the particular cow with other things. We compare the characteristics of that
cow with characteristics of other things. The data collected in this manner by our mind is
called knowledge about that particular cow. By application of that knowledge we
identify that particular cow as our own cow. Following a similar process we gain knowledge of
everything surrounding us. We identify one man as poor by comparison of his
wealth with the wealth possessed by a rich man . We can know a healthy man by
comparison of his health with that of a sick person and so on . This is, while gaining
knowledge of things we mentally keep ourselves at one point , the things to be known in
another point and the knowledge gained
in the third point. Also ,this is the
only way of gaining knowledge by common ignorant people like us. Here we can
easily understand that the knowledge gained in this way is not independent , it
is related to other things . But God is
alone, there is nothing except God to
compare with God . So we can not know God in true sense with the help of our mind senses
and intelligence and through the process mentioned above. So Guru Harideva
suggests that self realization is essential to know God . (to be continued )
ভাগৱতত কোৱা হৈছে যে জগতৰ বস্তুৰ সৈতে যিকোনো প্ৰকাৰৰ সম্পৰ্ক থকা কোনো জ্ঞানেই অদ্বৈত জ্ঞান বা পৰম সত্য হ’ব নোৱাৰে।
অদ্বৈত তত্বজ্ঞান অৰ্থাৎ জগতৰ কোনো বস্তুৰ সৈতে কোনো প্ৰকাৰৰ সম্পৰ্ক
নথকা জ্ঞান ঈশ্বৰ একে তত্ববস্তুৰ দুটা নাম। লগতে কোৱা হৈছে যে
ঈশ্বৰ এক আৰু সেই কাৰণে ঈশ্বৰৰ সমান বা ঈশ্বৰৰ সৈতে তুলনা কৰিব পৰা একো দ্বিতীয় বস্তু ক’তো নাই।কথাখিনি বুজাৰ বাবে আমি ঘৰত পোহা এজনী বিশেষ গাইগৰুৰ কথা ধৰিব পাৰো। অন্য গাইগৰুৰ লগত তুলনা
কৰিলে ৰং .আকাৰ স্বভাৱ আদিৰ ফালৰ পৰা এই গাইজনীৰ কিবা নহয় কিবা
বিশেষত্ব বা পাৰ্থক্য থাকে। ওচৰ পাঁজৰে থকা ম’হ ,কুকুৰ ,ছাগলী ইত্যাদি অন্য জন্তুতকৈ গাইজনী বেলেগ ।আকৌ ই আমাৰ চাৰিওফালে থকা সকলো বস্তুতকৈ পৃথক । আমাৰ ইন্দ্ৰিয় ,মন আৰু বুদ্ধি প্ৰয়োগ কৰি আমি এই বিশেষ গাইজনীৰ অন্য বস্তুৰ সৈতে কি কি পাৰ্থক্য আছে তাৰ বিচাৰ কৰো । অন্য বস্তুৰ বিশেষত্ব বিলাকৰ সৈতে গাইজনীৰ বিশেষত্ব সমুহ তুলনা কৰো । এনে বিচাৰৰ পৰা আমাৰ মনত যি তথ্য জমা হয় তাকে গাইজনীৰ বিষয়ে আমাৰ জ্ঞান বুলি ধৰা হয়। সেই জ্ঞানৰ সহায়ত আমি নিশ্চিত হ’ব পাৰো যে সেই বিশেষ গাইজনী আমাৰে পোহনীয়া গাই । এই একে নিয়মেৰে আমি আমাৰ চাৰিওফালে থকা জগতখনৰ সকলো বিষয়-বস্তুৰ জ্ঞান আহৰণ কৰো । এজন ধনী মানুহৰ ধন-সম্পদৰ লগত এজন দুখীয়া মানুহৰ ধন সম্পদৰ তুলনা কৰি ধনী বা দুখীয়া মানুহৰ জ্ঞান লওঁ । বেমাৰী মানুহৰ স্বাস্থ্যৰ সৈতে তুলনা কৰি স্বাস্থ্যৱান মানুহ চিনাক্ত কৰা হয় ইত্যাদি । অৰ্থাঁৎ জ্ঞান অৰ্জনৰ বেলিকা আমি মানসিকভাৱে নিজে এঠাইত অৱস্থান কৰো , যি বস্তুৰ বিষয়ে জ্ঞান লাভ কৰাৰ চেষ্টা কৰা হয় সেই বস্তু অন্য এঠাইত থাকে আৰু যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞান উভয়ৰে পৰা পৃথক হৈ থাকে । আমাৰ দৰে সাধাৰণ অজ্ঞানী লোকৰ বাবে জ্ঞান লাভ কৰাৰ এয়ে একমাত্ৰ উপায়্।ইয়াৰ পৰা আমি সহজে বুজিব পাৰো যে জ্ঞান লাভ কৰাৰ এই উপায় অন্য বস্তুৰ ওপৰত নিৰ্ভৰশীল । কিন্তু ঈশ্বৰ একক সত্য, ঈশ্বৰৰ সৈতে তুলনা কৰি চাবৰ বাবে ঈশ্বৰত বাদে অন্য একো নাই । সেই কাৰণে ওপৰত কোৱাৰ দৰে আমাৰ মন .বুদ্ধি আৰু ইন্দ্ৰিয়ৰ দ্বাৰা আমি ঈশ্বৰক জানিব নোৱাৰো। কথাবিলাক এনেদৰে বিশ্লেষণ কৰিলে হৰিদেৱ গুৰুজনাই আত্মজ্ঞান অবিহনে ঈশ্বৰক জনা সম্ভৱ নহয় বুলি কিয় কৈছে তাক বুজিব পাৰি । ( আগলৈ )
No comments:
Post a Comment