Guru Hardeva
tried to make common people understand the difference between the human body
and the possessor of the human body through his Satra Institutions. For this purpose
he took help of the Bhagavata and these things we discussed in the preceding
post. Generally we identify ourselves with our body and whenever we want to
think about ourselves or any
other person,
the picture of the body comes to our mind. It is very difficult to think about the
existence of a human being separated from his human body. Bhagavata explains this
subject in various ways to make the point clear to us. Without going to higher
technicalities, we can mention one of such elaboration in a very simple way as
follows. We, the human beings remain awake for some periods of the day. Then
we go for sleep and during that period we dream for sometimes and for sometimes
we enter into deep sleep. When we are awake, we knowingly engage our mind to
think, intelligence to discriminate and in accordance with that we do
activities with our senses of action like hands, feet etc. Also, with our
senses of knowledge we become aware of the things we do and the happiness and
sorrow we enjoy. When we are dreaming we lose control over our body, mind and
intelligence. In this state we do not become aware of our own body. But while
we are dreaming we can experience everything or some times more than what we
feel and do in the awakened state. For enjoyment of the dream world in this way
we feel the presence of a dream body which is exactly similar in appearance
with our actual physical body and this dream body vanishes as soon as we wake
up. When we are in deep sleep we become
totally unaware of everything of this world including our own body. But we can
remember the peace and happiness that we enjoy during deep sleep. Also, the happiness and
peace that we enjoy during deep sleep make our actual body fresh and energetic which we can feel after awakening .
Bhagavata tells that the jiva or the embedded soul or the living entity or
consciousness or whatever we may call it, that is, the possessor of the body experiences
the happiness and sorrow through actual physical body in the wakened state,
through dream body in dream state and without body in the deep sleep state. With this type of analysis
Bhagavata concludes that the jiva or possessor
of the human body of a human being is aware of the state of the body even when the body itself is
unconscious and is totally
separate from the body. (to be continued)
হৰিদেৱ গুৰুজনাই সত্ৰৰ মাধ্যমত দিয়া শিক্ষাৰ জৰিয়তে মানৱ শৰীৰ আৰু জীৱ বা সেই শৰীৰৰ অধিকাৰীৰ মাজৰ পাৰ্থক্য জনসাধৰণক বুজাই দিয়াৰ চেষ্টা কৰিছিল।
ইয়াৰ বাবে তেওঁ ভাগৱত শাস্ত্ৰৰ সহায় লৈছিল বুলি আগৰ লিখনিত কোৱা হৈছে ।সাধৰণতে আমি নিজকে শৰীৰৰ সৈতে একে বুলি ভাৱো আৰু যেতিয়াই নিজৰ বা অন্য কোনো মানুহৰ কথা ভাৱো তেতিয়াই শাৰীৰিক চেহেৰাটোহে আমাৰ মনলৈ আহে ।মানৱ শৰীৰৰ কথা মনত নৰখাকৈ বা শৰীৰৰ পৰা পৃথককৈ মানুহ এজনৰ অস্তিত্ব থাকিব পাৰে বুলিও আমি ভাবিব নোৱাৰো ।আমাৰ দৰে সাধাৰণ মানুহৰ মনত এই ধাৰণা স্পষ্ট কৰাৰ বাবে ভাগৱতে কথাখিনি বিভিন্ন ধৰণে আলোচনা কৰিছে ।
এনে
জটিল বিষয়ৰ সাধাৰণ জ্ঞান লাভ কৰাৰ বাবে আমি ইয়াৰ ভিতৰৰে কিছু কথা এনেদৰে ভাৱি চাব পাৰো ।
দৈনন্দিন জীৱনত তিনিটা অৱস্থাৰ মাজলৈ যোৱাৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে ।প্ৰতিদিনে আমি কিছু সময় সাৰে থাকো আৰু তাৰ পিছত শুই পৰো ।
শুই থকা কালছোৱাৰ মাজত আমি কিছু সময় সপোন দেখো আৰু কিছু সময় গভীৰ টোপনিত থাকো ।সাৰে থকা সময়ত আমি জানি বুজি অৰ্থাৎ মন আৰু বুদ্ধি ব্যৱহাৰ কৰি চিন্তা কৰো , সিদ্ধান্ত কৰো আৰু সেইমতে হাত ভৰি ইত্যাদি কৰ্মেন্দ্ৰিয় পৰিচালনা কৰি কাম কৰো।
লগতে চকু কান আদি জ্ঞানেন্দ্ৰিয়ৰ সহায়ত তাৰ ফল আহৰণ কৰি সুখ দুখ ইত্যাদি ভোগ কৰো।আনহাতে যেতিয়া অমি সপোন দেখো তেতিয়া নিজৰ শৰীৰ,
মন , বুদ্ধিৰ আদিৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে ।আনকি এটা শৰীৰ আছে বুলি আমি অনুভৱ কৰিবও নোৱাৰে ।
কিন্তু সাৰে থকিলে আমি যি যি কাম কৰো বা অনুভৱ কৰো সপোনতো সেই সকলোখিনি কৰা হয় বা কেতিয়াবা তাতোকৈ অধিক কৰা হয়।
সপোনৰ জগতখনত আমি দিঠকৰ শৰীৰৰ সৈতে দেখাত সম্পুৰ্ণ একে নিজৰে অন্য এটা শৰীৰ দেখা পাওঁ ।
এই স্বপ্ন শৰীৰৰ দ্বাৰা আমি সপোনৰ জগতত কাম কৰো, সুখ দুখ অনুভৱ কৰো যদিও সাৰ পোৱাৰ লগে লগে সেই শৰীৰ অদৃশ্য হয়।আনহাতে টোপনিত লাল কাল দি থকা অৱস্থাত নিজৰ শৰীৰকে ধৰি জগতৰ একো বস্তুৰ বিষয়ে আমাৰ কোনো জ্ঞান নাথাকে ।
কিন্তু টোপনি গৈ থকা অৱস্থাত আমি যি অনাবিল আনন্দ উপভোগ কৰো সেই সুখৰ
অভিজ্ঞতাৰ কথা আমাৰ মনত থাকে।
গভীৰ টোপনিত থকা অৱস্থাত উপভোগ কৰা সুখ-আৰামৰ ফলত শুই উঠাৰ পিছত আমাৰ শৰীৰ মনত নতুন শক্তি আৰু উদ্যমৰ সঞ্চাৰ হয় ।
ভাগৱতে কৈছে যে মানৱ শৰীৰধাৰী জীৱ বা শৰীৰত অন্তৰ্নিহিত চৈতন্য বা শৰীৰৰ প্ৰকৃত অধিকাৰীয়ে সাৰে থকা অৱস্থাত প্ৰকৃত শৰীৰৰ জৰিয়তে, সপোন দেখি থকা কালত স্বপ্ন শৰীৰৰ জৰিয়তে আৰু টোপনি গৈ থকা কালত শৰীৰ অবিহনে কাম কৰে আৰু সুখ দুখৰ অভিজ্ঞতা উপভোগ কৰে।অৰ্থাৎ সপোন দেখি থকা কালত আৰু টোপনি গৈ থকা সময়ত শৰীৰ অচেতন হৈ থকা সত্বেও শৰীৰৰ
অধিকাৰী
জীৱই
শৰীৰ
অবিহনেই কাম
কৰিব বা সুখ দুখ ভোগ কৰিব পাৰে।
ভাগৱতে
কৈছে যে কথাখিনি এনেদৰে বিচাৰ কৰিলে শৰীৰ আৰু শৰীৰধাৰী জীৱ বা শৰীৰৰ অধিকাৰী পৃথক বুলি
বুজিব পাৰি । (আগলৈ)
No comments:
Post a Comment