Friday, 19 March 2021

The “Satra” Institution of Guru Harideva-71(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৭১)

 

A human being considers himself to be the body that he possesses. He keeps his  thoughts and activities  limited within a circle placing his body  at  the center of this circle. Because of such limitations he considers wife, children, relatives, friends etc as his most near and dear ones. He accumulates money, landed property, house and so many other things for the welfare and protection of those people for forever. But while doing so, he never pays any attention to the fact that all those relatives and every other thing under his possession are related to his body and the body itself is a temporary possession of him. He never thinks that all those relations and possessions come to an end with the end of the body. Bhagavata tells that a tree creates the possibility of other trees by production of seeds. In a similar way the actions of a human being performed as above, create the seeds of bodies for his activities in future lives and there is no end to this process cycles . It is also told here that the mind is behind all those feelings and activities of a human being. The conditions for pain, sorrow, happiness, distress etc that come to human life are created by the mind in association with the senses of knowledge and senses of action. Even the mind makes a human being bound to take rebirth. Now, mind is the controller of the senses. Also, the ego part of the mind makes a human being convinced that he is the body and his body is the owner of all his relations and possessions. Because of this, a human being wrongly thinks in terms of “my body, my family, my wife, my property etc” and remains always entangled with the material world. This is said to be the root cause of all problems of a human being. So, all Vedic scriptures suggest that human beings, who are interested in attainment of perfection or self realization should make serious  practices to control the mind. Once mind is controlled, the ego part of the mind and the senses are also got controlled. In Bhagavadgita it is told that mind is the best friend for those who can control it and for those who fail to do so, mind is the greatest enemy. Bhagavata tells that the mind and the senses can be purified. A pure mind remains automatically  under control and this is the easiest way for control of the mind. Through his Satra Institution Guru Harideva brought these important teachings from Bhagavata  to the reach of common people. (to be continued)            

মানুহে নিজকে শৰীৰ বুলি ভাৱে আৰু  শৰীৰক কেন্দ্ৰবিন্দু হিচাপে ধৰি লৈ নিজৰ সমস্ত চিন্তা-ভাৱনা আৰু কাৰ্যকলাপ সদায় সীমাবদ্ধ কৰি ৰাখে এনেদৰে সীমাৰ ভিতৰত থাকি মানুহে নিজৰ পত্নী ,সন্তান, সম্পৰ্কীয় ব্যক্তি ,বন্ধু-বান্ধৱ আদিকে সবাতোকৈ প্ৰিয় আৰু শুভাকাঙ্ক্ষী বুলি ভাৱে এই সকল আত্মীয়-স্বজন যাতে চিৰকাল সুখে-সন্তোষে আৰু নিৰাপদে থাকিব পাৰে তাৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰি ধন-সম্পদ,মাটি-বাৰী, ঘৰ-দুৱাৰ আদি আহৰণ কৰাৰ উপৰিও অন্যান্য সকলো সম্ভৱ্পৰ উপায় উদ্ভাৱন কৰে কিন্তু এইবিলাক কামত ব্যস্ত থকা সময়ত মানুহে অলপো ভাৱি নাচায় যে এই সমস্ত সম্বন্ধ আৰু বিষয়-বস্তুৰ অধিকাৰ শৰীৰৰ সৈতে সংযুক্ত আৰু শৰীৰৰ নিজৰে স্থায়ীত্ব নাই মানুহে কেতিয়াও ভাবি নাচায় যে শৰীৰৰ অন্ত পৰাৰ লগে লগে সকলো প্ৰকাৰৰ সম্বন্ধ আৰু অধিকাৰো সমাপ্ত হয় ভাগৱতত কোৱা হৈছে যে গছে মৰাৰ আগতে গুটিৰ সৃষ্টি কৰি ভৱিষ্যতে গছ জন্ম  হোৱাৰ সম্ভাৱনা সৃষ্টি কৰে  একেদৰে মানুহেও ওপৰোক্ত প্ৰকাৰৰ কৰ্মসমুহৰ দ্বাৰা ভৱিষ্যতত কৰিব লগীয়া কৰ্মৰ বাবে  পৰবৰ্ত্তী নতুন শৰীৰৰ বীজ সৃষ্টি কৰে আৰু মানুহৰ এই কৰ্ম প্ৰক্ৰিয়া জন্ম-জন্মান্তৰলৈ অন্তহীনভাৱে চলি থাকে লগতে আৰু কোৱা হৈছে যে এই সমস্ত অনুভূতি আৰু কাৰ্য-কলাপৰ অন্তৰালত মানুহৰ মন জড়িত হৈ থাকে   সুখ , দুখ , যন্ত্ৰণা, দুৰ্দশা  ইত্যাদিকে ধৰি মানুহৰ জীৱনলৈ আহিব পৰা সমস্ত প্ৰকাৰৰ পৰিবেশ-পৰিস্থিতি  মনে সৃষ্টি কৰে আনকি মনে সৃষ্টি কৰা পৰিবেশ পৰিস্থিতি মানুহৰ পূনৰ্জন্মৰো কাৰণ বুলি কোৱা হৈছে মনে পাঁচ প্ৰকাৰৰ জ্ঞান ইন্দ্ৰিয় আৰু পাঁচ প্ৰকাৰৰ কৰ্মেন্দ্ৰিয়ৰ সহযোগত এই সমস্ত কৰ্ম কৰে অৰ্থাৎ  ইন্দ্ৰিয়সমুহ মনৰ নিয়ন্ত্ৰণত চলে আনহাতে মনৰ অন্তৰ্গত অহংকাৰৰ প্ৰভাৱত মানুহৰ  এই  ভুল বিশ্বাস উৎপন্ন হয় যে তেওঁ  নিজে শৰীৰ আৰু মনে সা-সম্পৰ্কীয় বুলি ভৱা মানুহখিনি আৰু নিজৰ বুলি ভৱা সা-সম্পদখিনিৰ মালিকো তেওঁৰ শৰীৰ সেই কাৰণে মানুহে জগতৰ মানুহ আৰু বস্তু সম্পৰ্কেমোৰ পৰিবাৰ ,মোৰ পুত্ৰ , মোৰ সা-সম্পত্তিইত্যাদি ধৰণৰ ভুল মনোভাৱ গ্ৰহণ কৰে আৰু তাৰ ফলত সংসাৰৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰে। ইয়ে মানুহৰ সকলো সমস্যাৰ মূল কাৰণ বুলি কোৱা হৈছে  সেই কাৰণে সকলো বৈদিক শাস্ত্ৰতে কোৱা হৈছে পূৰ্ণ মানৱত পৰিণত খোজা বা আত্মজ্ঞান লাভ কৰিব বিচৰা ব্যক্তিয়ে মনক নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ অভ্যাস কৰা প্ৰয়োজন মন নিয়ন্ত্ৰণলৈ আহিলে মনৰ অংশ স্বৰূপ অহংকাৰ আৰু লগতে  মনৰ অধীন ইন্দ্ৰিয়সমুহো নিয়ন্ত্ৰিত হয় । গৱদ্গীতাত কোৱা হৈছে যে মনক নিয়ন্ত্ৰণাধীন কৰিব পৰা ব্যক্তিৰ বাবে মন পৰম হিতৈষী বন্ধু আৰু মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰা ব্যক্তিৰ বাবে মন দুৰ্ঘোৰ শত্ৰুত পৰিণত হয় ভাগৱতত কোৱা হৈছে শুদ্ধিকৰণৰ দ্বাৰা মন আৰু ইন্দ্ৰিয়সমুহ পবিত্ৰ কৰিব পাৰি বিশুদ্ধ মন নিজে নিজে নিয়ন্ত্ৰিত হয় আৰু মনক নিয়ন্ত্ৰণ কৰাৰ ইয়ে আটাইতকৈ সহজ পথ সত্ৰানুষ্ঠানৰ জৰিয়তে হৰিদেৱ গুৰুজনাই ভাগৱতৰ এই  পথ নিৰ্দেশ জনসাধাৰণৰ মাজলৈ লৈ আহিছিল (আগলৈ)   

No comments:

Post a Comment