A human being
possesses a human body and lives a human life. The human body is capable to
work for achievement of the ultimate goal of human life, that is, liberation
and so it is said to be the best body in the creation. But for attainment of
liberation a human being or the possessor of the human body has to apply the
capacity of his mind and intelligence in a proper way to guide the action of
his body in the right direction. Bhagavata explain this with the example of a
boat. When a human being wants to cross an ocean he requires a very strong boat
which can stand against the turmoil of the ocean. Again, the boat is to be
sailed in the right direction and for this purpose the help from an expert sailor
is essential. Then gracefully, if the blowing wind pushes the sail of the boat in
the same direction of the journey then the human being on the boat can cross
the ocean safely within a short time. Bhagavata compares the worldly life of the
human being with an ocean full of turmoil of various kinds. The human body is
said to be a very strong boat capable of reaching the ultimate goal of human
life withstanding all those odds of worldly life. A self realized Guru or spiritual teacher possesses
the knowledge of each and every kind of problems of human life. They also know
how human beings can be trained up to solve their worldly problems and to
attain liberation finally. So, such a spiritual master is said to be the expert
sailor for the purpose of safely leading the human beings in the right direction.
It is also told that if a human being engages his human body to act in
accordance with the advice of a self realized Guru then God’s help come to him like favorable wind pushing a boat in the right
direction and he becomes able to reach the ultimate goal easily. From this
analogy of Bhagavata it is clear that a human being and his human body are not the
same as we may be thinking. The human body is like a strong boat and a human
being can come out from the turmoil of the ocean of worldly life using the human
body under his possession. Also, for this purpose, guidance from a competent
Guru or spiritual master is most essential. Guru Harideva tells that a human
being should realize this truth and try to feel the difference between himself and his body first. Then only he can reach the
ultimate goal of human life, that is, he can directly realize the Ultimate Truth or he can attain liberation. Guru Harideva established Satra Institutions to bring such teachings from
Bhagavata to the reach of the common people .(to be continued)
মানুহ নামৰ জীৱই মানৱ শৰীৰ ধাৰণ কৰি মানৱ জীৱন যাপন কৰে। মানৱ শৰীৰক সৰ্বোত্তম শৰীৰ বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে সৃষ্টিৰ অন্তৰ্গত সমস্ত শৰীৰৰ ভিতৰত একমাত্ৰ মানৱ শৰীৰ মুক্তি সাধনৰ উদ্দেশ্যে কাম কৰাৰ বাবে উপযোগী। সেই কাৰণে মানৱ শৰীৰ লাভ কৰাৰ পিছৰ পৰ্যায়ত মুক্তিলাভ মানৱ জীৱনৰ চৰম লক্ষ্য বুলি কোৱা হৈছে। কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে মানুহে নিজৰ মন আৰু বুদ্ধিৰ ক্ষমতা যথাযথ ভাৱে নিয়ন্ত্ৰণ কৰি শৰীৰৰ কাৰ্য সেই লক্ষৰ দিশলৈ আগুৱাই নিয়াৰ প্ৰয়োজন হয়।ভাগৱতে এটা উপমাৰ দ্বাৰা কথাখিনি বুজাই দিছে ।যেতিয়া কোনো এজন মানুহে সমুদ্ৰ পাৰ হ’ব খোজে তেতিয়া তেওঁৰ কাৰণে সাগৰৰ প্ৰচণ্ড ঢৌ আৰু ৰুক্ষ বাতাবৰণ সহ্য কৰিব পৰা এখন শক্তিশালী নাওৰ প্ৰয়োজন হয় । লগতে নাওখন শুদ্ধ পথেৰে আৰু সুকলমে চলাই নিয়াৰ বাবে এজন সুদক্ষ আৰু অভিজ্ঞ গুৰিয়ালৰো প্ৰয়োজন হয় । ইয়াৰ পিচত ভাগ্যক্ৰমে যদি নাওখন গতি কৰাৰ দিশে বতাহ বলে তেন্তে সেই বতাহে নাওৰ পালখন ঠেলি নাওৰ গতি বৃদ্ধি কৰে । এনে সকলো ব্যৱস্থা হৈ উঠিলে মানুহজনে নাওত উঠি সোনকালে আৰু নিৰাপদে সমুদ্ৰ পাৰ হ’ব পাৰে ।ভাগৱতে মানুহৰ সাংসাৰিক জীৱনকো প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ আৰু অন্য বিপদেৰে পৰিপূৰ্ণ এখন উত্তাল সমুদ্ৰৰ সৈতে তুলনা কৰিছে। মানৱ শৰীৰ এই সকলোখিনি বাধা বিঘিনি নেওচি আগুৱাই যাব পৰা ক্ষমতাৰ অধিকাৰী এখন অতি শক্তিশালী নাওৰ দৰে বুলি কৈছে । মানৱ জীৱনৰ প্ৰতিটো সমস্যা আৰু তাৰ সমাধানৰ জ্ঞান থকা আত্মজ্ঞানী গুৰু মানুহৰ শৰীৰৰূপী নাওৰ কাণ্ডাৰী বা গুৰিয়াল হোৱাৰ বাবে অতি উপযুক্ত বুলি কোৱা হৈছে । লগতে কোৱা হৈছে যে মানুহে যদি নিজৰ শৰীৰৰ কাৰ্যকলাপ আত্মজ্ঞানী গুৰুৰ নিৰ্দেশ মতে পৰিচালনা কৰে তেন্তে তেওঁ ভগৱানৰ অনুগ্ৰহ লাভ কৰে আৰু অনুকুল বতাহে নাওৰ পাল ঠেলি নিয়াৰ দৰে তেওঁক পাৰমাৰ্থিক দিশত আগুৱাই যোৱাত সহায় কৰে । ভাগৱতৰ এই উপমাৰ পৰা এই কথা স্পষ্টভাৱে বুজা যায় যে আমি সচৰাচৰ ভৱাৰ দৰে মানৱ শৰীৰধাৰী জীৱ বা মানুহ আৰু তেওঁৰ মানৱ শৰীৰ একে নহয় ।মানৱ শৰীৰ এখন শক্তিশালী নাওৰ দৰে আৰু মানৱ শৰীৰধাৰী জীৱ বা মানুহে সেই শৰীৰ ব্যৱহাৰ কৰি সংসাৰ ৰূপী উত্তাল সমুদ্ৰৰ কবলৰ পৰা মুক্ত হৈ আহিব পাৰে ।লগতে এই কামত সহায় কৰাৰ বাবে আত্মজ্ঞানী গুৰুৰো অতীব প্ৰয়োজন । হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে মানুহে এই তত্ব বুজি লৈ প্ৰথমতে তেওঁ নিজে কি আৰু শৰীৰৰ সৈতে তেওঁৰ পাৰ্থক্য কি তাক বুজাৰ চেষ্টা কৰা উচিত ।তাৰ পিছতহে তেওঁ পৰম সত্য কি তাক বুজিব পাৰে বা মানৱ জীৱনৰ চৰম লক্ষ্যত উপনীত হ’ব পাৰে বা মুক্তি লাভ কৰিব পাৰে। ভাগৱত শাস্ত্ৰত থকা এই ধৰণৰ বৈদিক জ্ঞান আৰু শিকনি জনসাধাৰণৰ মাজলৈ লৈ অহাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment