The
memory part of our mind called “Chitta” is the storehouse of all thoughts and
experience we had in the past including our past lives. So, it is possible that
we may experience something in the dream world which may appear to be new or
most irrelevant experience in the context of our present human life. For
example we may visit a totally unknown place in the dream state or we may see our
body flying in the sky like a bird which is quite irrelevant to think about by
a human being in his waking state. Thus the dream world created by our mind is
an unimaginably vast world which includes everything of our present and past
lives. We are bound to enter into this world, witness the happenings of this
world and enjoy the happiness and sorrow generated in this world without having
any conscious choice of acceptance or rejection from our side. It is told in
the scriptures that the nature of pains and pleasure generated by the
happenings of waking state and similar happenings in dream state are the same.
To make it clear we can say that if one of our legs gets fracture when we are
awake we feel tremendous pain . Similarly when we witness the breaking of a leg
of our dream body in the dreaming state then also we feel tremendous pain. Here
the differences are that in the waking
state our leg is really wounded , we see the wounded leg till it is cured and we
feel the pain originated from the wounded part of the leg . But in case of
dream state our actual leg is not really wounded, the wounded leg and the
feeling of pain of the dream world disappear
as soon as we wake up and we feel the pain within the mind in our dream
state . With this type analysis of our
dream world, Bhagavata tells that the normal physical world where we live is also
similar to our dream world . Here also we are bound to enjoy happiness and
sorrow according to our past deeds. We become separated from everything that happen in the dream world
as soon as we wake up and then only we can realize that the dream world is an unreal
mental world created by our mind . In a similar way after attainment of spiritual
perfection or self realization a human being can understand that
the world which generates feelings of
happiness and sorrow in his mind in the waking state through various kinds of happenings is an
unreal world created by his mind . Bhagavata tells that after
attainment of perfection or self realization by bringing the mind under control
a human being can become free from such bondage like a wakened person from the
dream world. Through his Satra Institutions Guru Harideva brought these
teachings of Bhagavata to the reach of common people.(to be continued)
আমাৰ মনৰ স্মৃতি কোঠা বা চিত্ত ভাগত আমি অতীতত কৰি অহা সমস্ত চিন্তা আৰু পূৰ্বতে ভোগ কৰা সকলো অভিজ্ঞতাৰ স্মৃতি সংৰক্ষিত হৈ থাকে । অতীত বোলোতে ইয়াৰ পূৰ্ব জন্মৰ কথাও ধৰা হৈছে। সেই কাৰণে সপোনত কেতিয়াবা আমি কিছুমান নতুন বা বৰ্ত্তমান জন্মৰ শৰীৰৰ পৰিপ্ৰেক্ষিতত অসম্ভৱ ঘটনাৰ সাক্ষী হ’ব লগীয়া হয় ।উদাহৰণ স্বৰূপে সপোনত আমি কোনো দিনে নাম নুশুনা একেবাৰে নতুন অচিনাকী ঠাইলৈও যাওঁ ।আমি নিজকে চৰাইৰ দৰে আকাশত উৰি থকা দেখিব পাৰো যিটো জাগ্ৰত অৱস্থাত থকা মানুহৰ বাবে একেবাৰে আচহুৱা আৰু অসম্ভৱ কথা ।এনেদৰে চিন্তা কৰি চালে দেখা যায় যে মনে সৃষ্টি কৰা সপোনৰ বিশালতা কল্পনাৰো অতীত আৰু আমাৰ বৰ্ত্তমান জন্ম আৰু অতীতৰ অসংখ্য জন্মৰ যিকোনো কাৰ্য আৰু অভিজ্ঞতাৰ স্মৃতিয়ে এই জগতত দেখা দিব পাৰে । আমি এইখন জগতত প্ৰবেশ কৰি ইয়াত সংঘটিত হোৱা ঘটনাৰ সাক্ষী হ’ব লাগে আৰু তাৰ পৰা উৎপন্ন হোৱা সুখ দুখ ভোগ কৰিবলৈ বাধ্য হ’ব লাগে । এই ক্ষেত্ৰত কোনো ধৰণৰ বিচাৰ বিবেচনা কৰা বা ইয়াৰ সপক্ষে বা বিপক্ষে কিবা এটা কৰাৰ কোনো স্বাধীনতা আমাৰ নাই । শাস্ত্ৰত কোৱা হৈছে যে সপোনত দেখা ঘটনাৰ পৰা উৎপন্ন হোৱা সুখ বা দুখৰ অনুভূতি আৰু দিঠকৰ জগতত সংঘটিত হোৱা একে ধৰণৰ ঘটনাৰ পৰা উৎপন্ন হোৱা সুখ দুখৰ অনুভুতি একে ।উদাহৰণ স্বৰূপে সাৰে থকা অৱস্থাত আমাৰ ভৰি এখন ভাগি গ’লে আমি যি অসহ্য যন্ত্ৰণা অনুভৱ কৰো সপোন দেখি থকা অৱস্থাত সপোনৰ শৰীৰৰ ভৰি এখন ভগিলেও একে অসহ্য যন্ত্ৰণা অনুভৱ হয় ।পাৰ্থক্য এয়ে যে দিঠকত সঁচাকৈয়ে ভৰিত আঘাত হয় , ভগা ভৰিখন আমি সজ্ঞানে দেখি থাকো আৰু ভগা ঠাইত বিষ যন্ত্ৰণা অনুভৱ কৰো । কিন্তু সপোনৰ বেলিকা আমাৰ বাস্তৱ শৰীৰৰ ভৰিত একো আঘাত নহয় , সাৰ পাই সজ্ঞান অৱস্থালৈ অহাৰ লগে ভগা ভৰি অন্তৰ্দ্ধান হয় আৰু তাৰ লগে লগে সমস্ত বিষ যন্ত্ৰণাৰ অনুভূতিও নোহোৱা হয়।এনে উদাহৰণ উল্লেখ কৰি ভাগৱতত কোৱা হৈছে যে আমি বাস কৰা স্বাভাৱিক বৈষয়িক জগতখনৰ চৰিত্ৰও সপোনৰ জগতৰ সৈতে একে ।ইয়াতো অতীতত কৰি অহা কৰ্ম অনুসৰি সুখ বা দুখ ভোগ কৰিবলৈ আমি বাধ্য হওঁ ।সাৰ পোৱাৰ লগে লগে সপোনৰ জগতৰ সমস্ত কৰ্ম কাণ্ড আৰু তাৰ পৰা উৎপন্ন সুখ দুখৰ পৰা আমি মুক্তি লাভ কৰো আৰু তেতিয়া আমি বুজিব পাৰো যে সপোনৰ জগৎখন মনে সৃষ্টি কৰা অবাস্তৱ জগৎ । একেদৰে আত্মজ্ঞান লাভ কৰাৰ পিছত মানুহে বুজিব পাৰে যে দিঠক অৱস্থাত যিখন জগতৰ বস্তু আৰু কৰ্মকাণ্ডই মনত সুখ দুখৰ অনুভূতি উৎপন্ন কৰে সেই জগতখনো মনে সৃষ্টি কৰা এখন অবাস্তৱ মানসিক জগৎ মাত্ৰ । ভাগৱতে কৈছে মনক নিয়ন্ত্ৰণলৈ আনি মানুহে পাৰমাৰ্থিক উৎকৰ্ষ সাধন কৰিব পাৰে আৰু পূৰ্ণতা লাভ বা আত্মজ্ঞান লাভ কৰিব পাৰে। তাৰ পিছত সাৰ পোৱা মানুহে সপোনৰ জগতৰ পৰা বাহিৰ হোৱাৰ দৰে এই জগতৰ বন্ধনৰ পৰা মুক্ত হ’ব পাৰে । সত্ৰানুষ্ঠানৰ জৰিয়তে হৰিদেৱ গুৰুজনাই ভাগৱতৰ এই শিক্ষা জনসাধাৰণৰ মাজলৈ অনাৰ ব্যৱস্থা কৰিছিল ।(আগলৈ)
No comments:
Post a Comment