Sunday, 7 March 2021

The “Satra” Institution of Guru Harideva-65(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৬৫)

 

We know that fire has no definite shape, size, colors etc. But we can see fire in different colors, sizes and shapes according to verities in the fuel it burns. If a dump of wood in round shape is burnt, the fire will be round shaped. If the dump of wood is big or small, long or short etc in size and shape then the fire will also be big or small, long or short and like that. Again, if some chemicals are burnt the fire may be of different colors like red, blue, black and so on according to the nature of the chemicals. Moreover, if we put damp wood in fire then the fire appears in dormant form, if we put small quantity of wood the fire appears with weak flame, if huge quantity of dry wood is added the fire appears with huge brilliant flame and so on. That is, according to the variation in quality and quantity of fuel, the fire is expressed in varieties of forms both qualitatively and quantitatively.  In a similar way the embedded soul enters in to various types of  bodies,  activates the bodies and expresses itself in various different ways depending upon the types of natures of the bodies. That is, when the soul enters into the body of a plant it expresses itself through the natural activities of the plant, when it enters into the body of a tiger it expresses itself through the natural activities of the tiger, when it enters into the human body it expresses itself through the natural activities of a human being and so on . Now,  Bhagavata tells that when the jiva or soul enters into a human body it activates the senses, intelligence , mind , vital air  and all other  mental and intellectual faculties which are available in a well developed state in the human body. With the activation of those naturally improved instruments in the human body, a human being becomes competent to learn the ways  for attainment of perfection and subsequent  liberation. For such learning a human being can follow or consult other knowledgeable persons, Vedic scriptures or any other source of knowledge. It is said that no entity in the creation other than a human being is competent to try to do these works.  Bhagavata suggests that although human body is temporary it can only provide opportunity to attain the highest perfection  and so a  human being should endeavor  for  the ultimate perfection of life  as long as his body exists .  Guru Harideva established Satra Institutions in Assam to teach common people the way of practical application of this type of knowledge contained in the Bhagavata. (to be continued)

 জুইৰ আকৃতি , আকাৰ , ৰং ইত্যাদি একো নাই তথাপিও আমি জুইৰ নানা আকাৰ-আকৃতি , বিভিন্ন ৰং ইত্যাদি দেখা পাওঁ এটা গোলাকাৰ কাঠৰ দমত জুই লাগিলে আমি জুইক গোলাকাৰ আকৃতিত দেখা পাওঁ একেদৰে কাঠৰ দম ডাঙৰ-সৰু বা ছুটী-দীঘল  হলে জুইৰ আকাৰ্-আকৃতিও ডাঙৰ-সৰু বা ছুটী-দীঘল ইত্যাদি হয় আকৌ কোনো ৰাসায়নিক পদাৰ্থ আদিত জুই লাগিলে সেই পদাৰ্থৰ ধৰ্ম অনুসৰি জুইৰ ৰঙো ৰঙানীলা,  হালধীয়া ইত্যাদি হব পাৰে আনহাতে কেচাঁ কাঠ জাপি দিলে জুই কমকৈ জ্বলে ,ম কাঠ দিলে জুইৰ শিখাৰ আকাৰ সৰু হয় আৰু বেছি কাঠ দিলে জুয়ে দপদপকৈ জ্বলি বৃহৎ আকাৰ ধাৰণ কৰে অৰ্থাৎ ইন্ধনৰ পৰিমাণগত আৰু গুণগত পাৰ্থক্য অনুসৰি জুইৰ পৰিমাণগত আৰু গুণগত পাৰ্থক্য হয় ভাগৱতে কৈছে যে একেদৰে আত্মা বা জীৱ শৰীৰত প্ৰৱেশ কৰে ,শৰীৰক কাৰ্যক্ষম কৰে আৰু শৰীৰৰ গুণধৰ্ম অনুযায়ী শৰীৰে কৰা কামৰ জৰিয়তে ভিন্ন ভিন্ন প্ৰকাৰে নিজৰ উপস্থিতি প্ৰকাশ কৰে। অৰ্থাৎ এজোপা গছৰ শৰীৰত জীৱ প্ৰৱেশ কৰিলে গছে কৰা কাৰ্যৰ মাজত জীৱৰ উপস্থিতি অনুভব কৰা  যায় , এটা বাঘৰ শৰীৰত প্ৰৱেশ কৰি বাঘৰ শৰীৰৰ গুণধৰ্ম অনুসৰি জীৱই নিজকে প্ৰকাশ কৰে আৰু সেইদৰে মানৱ শৰীৰত জীৱ প্ৰৱেশ কৰি মানুহৰ কৰ্মৰ মাজেৰে নিজকে প্ৰকাশ কৰে ইত্যাদি ভাগৱতে কৈছে যে  জীৱ যেতিয়া মানৱ শৰীৰত প্ৰৱেশ কৰে তেতিয়া মানৱ শৰীৰৰ ইন্দ্ৰিয়, মন ,বুদ্ধি , প্ৰাণ ইত্যাদি কাৰ্যক্ষম হয় | অন্য শৰীৰৰ তুলনাত মানৱ শৰীৰত এইসমুহ সুক্ষ্মতৰ যন্ত্ৰ বেছি উন্নত স্তৰৰ এই সুক্ষ্মতৰ আৰু উন্নততৰ যন্ত্ৰ সমুহ কাৰ্যক্ষম হোৱা হেতুকে মানুহে উচ্চ স্তৰৰ চিন্তা ভাৱনা কৰিব পাৰে , আদৰ্শ মানৱ জীৱন যাপন কৰাৰ কৌশল শিকিব পাৰে আৰু মুক্তি লাভৰ প্ৰয়োজনীয়তা সম্পৰ্কে ধাৰণা কৰা আৰু তাৰ বাবে চেষ্টা কৰাত সক্ষম হয় প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰাৰ বাবে উপযুক্ত জ্ঞান সম্পন্ন ব্যক্তিক অনুকৰণ কৰিব পাৰে বা তেনে লোকৰ পৰামৰ্শ লব পাৰে বৈদিক শাস্ত্ৰ অধ্যয়ন কৰি বা অন্যান্য উৎসৰ পৰাও বিভিন্ন প্ৰকাৰৰ জ্ঞান আহৰণ কৰিব পাৰে মানৱ শৰীৰধাৰী জীৱত বাহিৰে আনে  এনে কাম কৰা সম্ভৱ নহয় ভাগৱতে উপদেশ দি কৈছে যে মানৱ শৰীৰ অস্থায়ী যদিও একমাত্ৰ এই শৰীৰৰ মাধ্যমত কৰা কৰ্মৰ মাজেদিহে জীৱই পূৰ্ণতা অৰ্জন কৰিব পাৰে বা মুক্তি লাভ কৰিব পাৰে সেই কাৰণে বৰ্ত্তমান শৰীৰ কাৰ্যক্ষম হৈ থকা কালছোৱাত পূৰ্ণ মানৱত পৰিণত হৈ বৰ্ত্তমানৰ মানৱ শৰীৰ নাশ হোৱাৰ লগে লগে মুক্তি লাভ কৰিবৰ বাবে চেষ্টা কৰা মানৱ জীৱনৰ একমাত্ৰ কৰ্ত্তব্য ভাগৱতৰ এনে জ্ঞান আৰু উপদেশ ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰাৰ শিক্ষা জনসাধাৰণক দিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই অসমত সত্ৰ স্থাপন কৰিছিল (আগলৈ )     

No comments:

Post a Comment