Guru Harideva
suggests that a human being must become a self realized person or Atmajnani Purusha prior to the attainment of
liberation.A self realized person means a perfect human being in all respects .
Bhagavata tells that a jiva enters into various types of bodies in this world,
in the heavens or in the hell situated in various abodes in the creation. Entering
into those bodies the jiva enjoys happiness and sorrow with different types of
bodies at different abodes and in different times. In a similar way the jiva
enters into a human body and gets the scope for attainment of self
realization or atmajnana. In this state the human being realizes that though he is in the human body, he is completely separate
from the body . A human being who lives in this world with this state of
existence is called self realized person
or ‘Atmajnani Purusha’ . Such a self
realized person knows that the material happiness and sorrow enjoyed in this
life or in the next, on this abode or on
the heavenly planets are
temporary and meaningless . The Bhagavata explains these things with some
analogies as follows. The blowing wind comes in contact with different materials that
possess different kinds of aromas. When the wind enters into our nose after coming into contact with sweet
smelling flower or other materials we feel the wind as fragrant. The same wind when enters
into our nose after coming in contact with some decomposed dead body, we
feel the air as foul. But actually air
is not at all entangled with those aromas of different types. The air may be
covered with aromas as above but it is totally different from those aromas . In
a similar way a human body may be weak
or strong , intelligent or dull ,
beautiful or ugly , higher cast or lower cast , good or bad, child or adult ,
young or old , lady or gent and so on in the eyes of an ignorant people like us
. But in the eyes of a self realized person
all these varieties of human bodies are like pleasant smell of
flower or foul odor of decomposed
materials that cover the true self or
Jiva who is the actual human being. The jiva or
human being carries different verities of human bodies in the same way
as pure wind which carries aromas of different kinds but never entangles itself
with anything of any kind. Guru Harideva suggests that with this type analysis
of the knowledge contained in Bhagavata a human being can realize the
difference between himself and his body, he can become equal to all, he can
attain self realization or perfection and finally he can attain liberation. (to be continued)
হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ কৰি আত্মজ্ঞানী পুৰুষত পৰিণত হোৱাৰ পিছতহে মানুহে মুক্তি লাভ কৰিব পাৰে । আত্মজ্ঞানী পুৰুষ মানে হৈছে সমস্ত মানৱীয় গুণ সম্পূৰ্ণ ভাৱে থকা মানুহ অৰ্থাৎ পূৰ্ণমানৱ । ভাগৱতে কৈছে যে জীৱই ইহ জগত, স্বৰ্গ ,নৰক আদিকে ধৰি বিভিন্ন লোকত থকা বিভিন্ন প্ৰকাৰৰ শৰীৰত প্ৰৱেশ কৰি সেই শৰীৰসমুহৰ জৰিয়তে অসংখ্য প্ৰকাৰৰ সুখ দুখ ভোগ কৰি ফুৰে । এনেদৰে বিভিন্ন প্ৰকাৰৰ অভিজ্ঞতা লাভ কৰাৰ অন্তত কোনো এটা সময়ত জীৱই মানৱ শৰীৰত প্ৰৱেশ কৰে আৰু এই শৰীৰৰ মাধ্যমত আত্মজ্ঞান লাভ কৰাৰ বাবে চেষ্টা কৰাৰ সুযোগ পায়। মানৱ শৰীৰত থাকি আত্মজ্ঞান লাভ কৰাৰ পিছত জীৱই এই সত্য উপলব্ধি কৰিব পাৰে যে মানৱ শৰীৰত স্থিতি লৈ থাকিলেও তেওঁ শৰীৰ নহয় অৰ্থাৎ তেওঁ শৰীৰৰ পৰা সম্পূৰ্ণ পৃথক । যি মানুহে এনে জ্ঞানত স্থিতি লৈ সংসাৰত থাকে তেওঁলোকক আত্মজ্ঞানী পুৰুষ বুলি কোৱা হয় । এই সকল আত্মজ্ঞানী পুৰুষে জানে যে এই জন্ম বা পিছৰ জন্ম , এই লোক বা স্বৰ্গলোক ইত্যাদি বিভিন্ন কাল আৰু স্থানত যিসমুহ জাগতিক সুখ বা দুখ ভোগ কৰা হয় সেই সকলো অস্থায়ী আৰু অৰ্থহীন । ভাগৱতত এই কথাবিলাক তলত দিয়াৰ দৰে কিছুমান উপমাৰ সহায়ত বুজাই দিয়া হৈছে । বলি থকা বতাহ বিভিন্ন প্ৰকাৰৰ সুগন্ধ বা দুৰ্গন্ধযুক্ত বস্তুৰ সংস্পৰ্শলৈ আহে । ফুল বা অন্য সুগন্ধি বস্তু স্পৰ্শ কৰাৰ পিছত বায়ু আমাৰ নাকেৰে সোমালে আমি সুগন্ধিত বায়ু সেৱন কৰাৰ আনন্দ উপভোগ কৰো । আনহাতে গেলা মৃতদেহ স্পৰ্শ কৰাৰ পিছত সেই একে বায়ু আমাৰ নাকেৰে সোমালে আমি দুৰ্গন্ধ অনুভৱ কৰি বিৰক্ত হওঁ। বস্তুৰ সংস্পৰ্শলৈ আহি সেই বস্তুৰ সুগন্ধ বা দুৰ্গন্ধ কঢ়িয়াই আনিলেও বায়ু কোনোপধ্যে গোন্ধৰ লগত একাকাৰ নহয় । সুগন্ধ বা দুৰ্গন্ধই বতাহক আৱৰি ৰাখিলেও বায়ু এইবিলাকৰ পৰা সম্পূৰ্ণ পৃথক থাকে ।একেদৰে আমাৰ দৰে সাধৰণ মানুহৰ দৃষ্টিত মানৱ শৰীৰ দুৰ্বল বা সবল , বুদ্ধিমান বা মুৰ্খ , ধুনীয়া বা কুৎসিত, উচ্চজাত বা নিম্নজাত , শিশু বা প্ৰাপ্তবয়স্ক , ডেকা বা বুঢ়া , পুৰুষ বা স্ত্ৰী ইত্যাদি হ’ব পাৰে । কিন্তু আত্মজ্ঞানী পুৰুষৰ দৃষ্টিত এই বিলাক হৈছে ফুলৰ সুগন্ধ বা মৃতদেহৰ দুৰ্গন্ধৰ দৰে । বতাহে গন্ধ কঢ়িয়াই ফুৰাৰ দৰে প্ৰ্কৃত মানৱ বা মানৱ শৰীৰধাৰী জীৱে এই বিলাক শাৰীৰিক বৈচিত্ৰ কঢিয়াই সংসাৰত চলাফিৰা কৰে । সুগন্ধ বা দুৰ্গন্ধৰ সৈতে শুদ্ধ বায়ুৰ যিদৰে একো সম্পৰ্ক নাই সেইদৰে জীৱৰ সৈতে এই বিলাক শাৰীৰিক বৈচিত্ৰৰ একো সম্পৰ্ক নাই । হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰই দিয়া জ্ঞান এনে প্ৰকাৰে বিচাৰ বিশ্লেষণ কৰি চালে মানৱ শৰীৰধাৰী জীৱ বা মানুহে নিজকে শৰীৰৰ পৰা পৃথক বুলি বুজিব পাৰে , সকলোৰে প্ৰতি সমদৃষ্টিসম্পন্ন হ’ব পাৰে আৰু আত্মজ্ঞানী বা পূৰ্ণ মানৱত পৰিণত হৈ অৱশেষত মুক্তি লাভ কৰিব পাৰে ।(আগলৈ)
No comments:
Post a Comment