In some of our earlier posts it is mentioned that we
enjoy happiness and sorrow of the dream world with the involvement our dream
body. The dream world is created by our mind and after waking up from the
dream we can understand that everything of the dream world are unreal. The
dream world and the happiness and sorrow we enjoy in the dream world vanish as
soon as we wake up from dream. Guru Harideva tells us that the world where we
live in the waking state appears to be real, but in actuality the nature of
this world is also similar to that of the dream world. That is, in both the
waking and dream state we enjoy happiness and sorrow generated by the things
created by our mind. We know that the things of this world are created by God. But
we first convert the things created by God into the things of our own mental
world and then we enjoy the happiness and sorrow generated by these things. So,
we can say that in both of our dream and waking state the things of our mental
world brings happiness and sorrow for us. From this point of view Guru Harideva
says that the enjoyments of happiness and sorrow from the things of dream state
and waking state are of same nature. To make the things clear we can take the example
of a lady. This lady is the daughter for her parents, wife for her husband, mother
for her children, daughter in law for her father in law and mother in law. In
this way one single female body is related to so many persons with so many relationships.
Again, different people related to her with different relationships expect
different types of respect, love, affection, service etc. from her. The same
lady fulfills all those demands from all people in accordance with their
expectations. When she deals with her parents her mind prepares her body in the form of a beloved daughter in all respects
. At the same time her mind prepares itself to accept one particular male human
body as her father and one particular female human body as her mother. Again,
when she deals with her son, her mind prepares her body as an affectionate
mother in all respect and at the same time her mind also prepares itself to
accept one particular male human body as her son. The same things happen in case of all
other relationships. Scriptures tell that all human bodies male or female,
child or old, that we see in this world are created by God and some of those
are brought to our mental world by our mind. We feel attachment with those
bodies and enjoy the happiness and sorrow generated by them when we are in the
waking state. (to be continued)
আগৰ কেইটামান লিখনিত কোৱা হৈছে যে সপোন দেখি থকা অৱস্থাত আমি স্বপ্ন শৰীৰৰ দ্বাৰা সপোনৰ জগতৰ সুখ দুখ ভোগ কৰো । সপোনৰ জগতখন মনে সৃষ্টি কৰে আৰু সাৰ পোৱাৰ পিছত আমি বুজিব পাৰো যে সপোনত দেখা পোৱা বস্তু আৰু এই অৱস্থাত ভোগ কৰা সুখ দুখ অবাস্তৱ। টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে সপোনৰ জগত আৰু সেই জগতত ভোগ কৰা সুখ দুখৰ সমাপ্তি ঘটে। হৰিদেৱ গুৰুজনাই কৈছে যে সাৰে থকা অৱস্থাত যিখন জগতত থাকি আমি সুখ দুখ ভোগ কৰো সেইখন জগত বাস্তৱ যেন লাগে যদিও এই জগতৰ চৰিত্ৰও সপোনৰ জগতৰ সৈতে একে । সপোন দেখি থকা অৱস্থাত যিদৰে মনে সৃষ্টি কৰা মানসিক বস্তুৰ পৰা সুখ দুখ পোৱা হয় সেইদৰে দিঠকৰ জগততো মনে সৃষ্টি কৰা বস্তুৰ পৰাই সুখ দুখ ভোগ কৰা হয় । আমি জানো যে বাস্তৱ জগতৰ সমস্ত বস্তু ঈশ্বৰৰ সৃষ্টি । কিন্তু আমি ঈশ্বৰে সৃষ্টি কৰা এই বস্তুসমুহক প্ৰথমতে আমাৰ মানসিক জগতৰ বস্তুত পৰিণত কৰো আৰু তাৰ পিছত এই মানসিক বস্তুৰ পৰা উৎপন্ন হোৱা সুখ দুখ ভোগ কৰো। এই দিশৰ পৰা বিচাৰ কৰি হৰিদেৱ গুৰুজনাই কৈছে যে সপোনৰ জগতত ভোগ কৰা সুখ দুখ আৰু দিঠকৰ জগতত ভোগ কৰা সুখ দুখ একে পৰ্যায়ৰ । কথাখিনি বুজাৰ বাবে আমি এগৰাকী মহিলাৰ উদাহৰণ ল’ব পাৰো । পিতৃ মাতৃয়ে মহিলাজনীৰ শৰীৰটোক অতি মৰমৰ জীয়ৰী বুলি ভাৱে , সেই একেটা শৰীৰকে স্বামীয়ে সহধৰ্মিণী বুলি ভাৱে , পুত্ৰ-কন্যাই স্নেহশীলা মাতৃ বুলি ভাৱে , শাহু-শহুৰে মৰমৰ বোৱাৰী বুলি ভাৱে । এনেদৰে একেটা স্ত্ৰীশৰীৰ বিভিন্ন ব্যক্তিৰ মনত বিভিন্ন ৰূপত সংস্থাপিত হয় । আনহাতে ভিন্ন ভিন্ন সম্পৰ্কৰ ব্যক্তিয়ে মহিলাগৰাকীৰ পৰা ভিন্ন ভিন্ন প্ৰকাৰৰ সা-সন্মান , মৰম-স্নেহ , আদৰ-সাদৰ , সেৱা-শুশ্ৰুষা ইত্যাদি পোৱাৰ আশা কৰে আৰু একেজনী মহিলাই প্ৰত্যেকজন সম্পৰ্কীয় ব্যক্তিৰ মনৰ আশা যথায্থভাৱে পূৰণ কৰে । যেতিয়া মহিলাগৰাকীয়ে নিজৰ পিতৃ-মাতৃৰ লগত সম্পৰ্ক স্থাপন কৰে তেতিয়া মনে তেওঁৰ শৰীৰক এগৰাকী জীয়ৰীত পৰিণত কৰে । লগতে তেওঁৰ মনে নিজৰ শৰীৰৰ বাহিৰত থকা এটা নিৰ্দিষ্ট পুৰুষ শৰীৰ আৰু এটা নিৰ্দিষ্ট নাৰী শৰীৰক পিতৃ-মাতৃৰ ৰূপত গ্ৰহণ কৰাৰ বাবে নিজকে সাজু কৰে। একেজনী মহিলাই যেতিয়া নিজৰ পুত্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে তেতিয়া মনে তেওঁৰ শৰীৰটোক সকলো ফালৰ পৰা এজনী স্নেহশীলা মাতৃৰ ৰূপত প্ৰস্তুত কৰি তোলে আৰু লগতে অন্য এটা বিশেষ মানৱ শৰীৰক প্ৰিয় পুত্ৰৰ ৰূপত গ্ৰহণ কৰাৰ বাবে নিজকে সাজু কৰি তোলে। অন্যান্য সকলো সম্পৰ্কৰ ক্ষেত্ৰতে কথাবিলাক একে । এতিয়া কথা হৈছে পুৰুষ , মহিলা, শিশু, বৃদ্ধ ইত্যাদি সমস্ত প্ৰকাৰৰ মানৱ শৰীৰ ভগৱানৰ সৃষ্টি । মনে ইয়াৰে কিছুমান শৰীৰক আমাৰ মনৰ জগতখনলৈ লৈ আহে। আমি সেই বিলাক শৰীৰৰ সৈতে মানসিক সম্পৰ্ক স্থাপন কৰো আৰু তাৰ ফলত উৎপন্ন হোৱা সুখ দুখ ইত্যাদি ভোগ কৰো । (আগলৈ)
No comments:
Post a Comment