In the Vedas and Vedic scriptures it is told that different
types of “Anna” or food are created by God Almighty for sustenance of different
kinds of living entities in the creation. Foods for demigods, residents of
different heavens and nether regions,
human beings ,animals , plants and all other species are different . Food grains, milk,
fruits vegetables etc are some of the food items created by God for human beings. Actually the word “Anna”
means any item that is essential for keeping a living entity alive and active
with its normal activities. Human
being is also a living entity and he also can not survive and
perform his natural duties without “Anna”. But as a human being we should think that we may have
sufficient food grains, milk, vegetables and fruits etc for our consumption.
But in spite of that, if we can not keep ourselves connected with “Prana” or
vital air through “Pranan kriya” or inhale and exhale of air, we can not remain
alive. Similarly, by means of speech we come into contact with other people. By utilizing the functions of our mind we
maintain relationship with the world outside us. If we do not speak anything to
anybody and think nothing then we can not perform the normal activities of a living
human being. Since Prana or vital air , Vakya or speech and Mana or mind are most essential functionaries of a human being to keep him alive and active with his normal functions, these are also considered as “Anna” or food for
human being . Scriptures tell that all
these foods are created by God for the welfare of us. If the human mind accepts
these things as creation of God and utilize them in accordance with the
intention of God in true sense, then no problem can arise for a human being. But mind of a human being can not easily accept that
these things are most essential to keep a human being alive and all these are the creation
of God. So a human being does not want to think that it is not possible for him to create any
Anna or food for his own survival. He is not interested to understand that on his part he can only try to purify his mind and make proper utilization of things created by God. With
this type of analysis of the creation of
God one can realize that he can not
survive in this world without the grace of God and this is said to be a part of
spiritual practice for attainment of
self realization or perfection. To think and act in this way it is essential to
educate and control the human mind and to
practically help common people in this regard
Guru Harideva established Satra Institutions . (to be continued )
বেদ আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে সৃষ্টিত ভিন্ন ভিন্ন প্ৰকাৰৰ শৰীৰত থকা জীৱক জীয়াই ৰখাৰ বাবে ঈশ্বৰে বিভিন্ন প্ৰকাৰৰ অন্ন বা আহাৰ সৃষ্টি কৰিছে । দেৱতা ,বিভিন্ন প্ৰকাৰৰ স্বৰ্গ বা নৰকত বাস কৰা জীৱ , মানুহ , পশু-পক্ষী,কীট-পতঙ্গ ইত্যাদিকে সামৰি সকলো জীৱক জীয়াই ৰখাৰ বাবে ভগৱানে ভিন্ন ভিন্ন প্ৰকাৰৰ আহাৰ সৃষ্টি কৰিছে । ইয়াৰ ভিতৰত শস্য , গাখীৰ, ফল-মূল , শাক-পাচলি ইত্যাদি ভগৱানে মানুহৰ বাবে সৃষ্টি কৰা আহাৰৰ কিছুমান উদাহৰণ । কিন্তু প্ৰকৃতাৰ্থত অন্ন শব্দৰ দ্বাৰা এনে সকলো বস্তুকে বুজোৱা হয় যাক ব্যৱহাৰ নকৰাকৈ কোনো জীৱই জীয়াই থাকিব আৰু নিজৰ স্বাভাৱিক কৰ্ম কৰি বৰ্ত্তি থাকিব নোৱাৰে। মানুহ নামৰ জীৱইও অন্ন অবিহনে জীৱন ধাৰণ কৰি থাকিব আৰু নিজৰ স্বাভাৱিক কৰ্ম কৰিব নোৱাৰে । কিন্তু মানুহে এই কথা চিন্তা কৰি চোৱা উচিত যে যথেষ্ট পৰিমাণে শস্য, শাক পাচলি ফল-মূল গাখীৰ ইত্যাদি খাব পালেও যদি প্ৰাণন কাৰ্য বা উশাহ-নিশাহ লৈ বিশ্বৰ প্ৰাণ শক্তিৰ সৈতে সংযুক্ত হ’ব নোৱাৰে তেন্তে মানুহ অলপ সময়ো বাছি নাথাকে । বাক্যৰ দ্বাৰা আমি ইজনে সিজনৰ সংস্পৰ্শলৈ আহো । মনৰ দ্বাৰা আমি বাহিৰৰ জগতখনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰো । বাক্য বিনিময়ৰ দ্বাৰা কাৰো সৈতে কোনো কথা বতৰা পাতিব নোৱাৰিলে বা মনেৰে একো কথা চিন্তা কৰিব নোৱাৰিলে জীৱন্ত মানুহৰ বাবে স্বাভাৱিক ভাৱে কাজ কৰ্ম কৰি বৰ্ত্তি থকা সম্ভৱ নহয় । মানুহৰ জীৱন ধাৰণৰ বাবে মন , প্ৰাণ আৰু বাক্যৰ এনে এৰাব নোৱাৰা প্ৰয়োজনীয়তা থকা কাৰণে এই তিনিটাকো মানুহৰ অন্ন বা আহাৰ বুলি কোৱা হৈছে । শাস্ত্ৰত কোৱা হৈছে যে মানুহৰ মঙ্গলৰ অৰ্থে ঈশ্বৰে এই আহাৰ সমুহ সৃষ্টি কৰিছে । মানুহৰ মনে যদি ইয়াক ভগৱানৰ সৃষ্টি বুলি মানি লয় আৰু ঈশ্বৰে যি উদ্দেশ্যত এই সমুহ সৃষ্টি কৰিছে সেইমতে ইয়াৰ সদ্ব্যৱহাৰ কৰে তেন্তে এই বিলাকৰ পৰা মানুহৰ জীৱনত একো সমস্যাৰ সৃষ্টি নহয় । কিন্তু মানুহৰ মনে সহজে এই কথা মানি ল’ব
নোখোজে যে এইবিলাক ভগৱানৰ সৃষ্টি আৰু ইয়াত মানুহৰ একো কৰণীয় নাই। মনে ইয়াকো মানি ল’ব নোখোজে যে মানুহে নিজৰ ফালৰ পৰা কেৱল মনটোক শুদ্ধ কৰাৰ চেষ্টা কৰিব পাৰে আৰু ঈশ্বৰে সৃষ্টি কৰা বস্তুসমুহ যথাযথভাৱে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা কৰি নিজৰ জীৱন সাৰ্থক কৰিব পাৰে । ঈশ্বৰৰ সৃষ্টি সম্পৰ্কে এনে ধৰণে বিচাৰ বিশ্লেষণ কৰি চালে মানুহে বুজিব পাৰে যে ঈশ্বৰৰ অনুগ্ৰহ অবিহনে কোনো মানুহ জীয়াই থকা সম্ভৱ নহয়। শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰৰ সৃষ্টিৰ এনে ধৰণৰ বিচাৰ আত্মজ্ঞান লাভ বা পূৰ্ণতা লাভৰ বাবে কৰা প্ৰচেষ্টাৰ অংশ । এই কথা বুজাৰ বাবে মানুহে প্ৰথমে নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন হয় । সাধাৰণ মানুহক এই দিশত ব্যৱাহাৰিক ভাৱে সহায় কৰাৰ অৰ্থে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল । (আগলৈ)
No comments:
Post a Comment