In Bhagavata and
other Vedic scriptures it is told that each human mind creates its own world according
to its nature. If the mind is not under control then the human being becomes bound
to enjoy the happiness and sorrow of the world created by his mind. To make the
point clear to us, scriptures draw our attention to our dream state. When we
are in dream state we enjoy various types of food and travel to different places
using different types of vehicle. We meet various types of people and those
people may be our family members, enemy, friends or anybody else in the dream
world. We may become rich or poor in the the dream world. We may enter into a
forest, see a ferocious tiger there and run away to save our life. That is, whatever
is possible to be happened in our day to day life when we are awake, everything of
those may happen in the dream world also. Scriptures tell that something from
our experience of past lives may also come to us the dream world. Now in waking state we are aware of our actual physical body and we know the things, subjects and
situations that we face and enjoy . But
in the dream state our actual physical body sleeps and we can witness our dream body .The things we experience in the dream state are not same with the things of our waking state. That is, the food
we enjoy in dream state is not the food we eat when we are awake. We eat dream food in
the dream world .Similarly, a dream tiger chases our dream body when we are in the dream world and so on. But there in no difference in feeling of our happiness,
sorrow, fear satisfaction etc with the things we witness and enjoy in both of the
worlds. That is the taste and satisfaction we get with dream food in the dream
world and the taste and satisfaction that we get with real food in the waking state
are same. The fear produced in our mind by a real tiger of real world and a
dream tiger in the dream world are same and so on. Bhagavata and other Vedic
scriptures tell that everything that we encounter in the dream world are
creation of our mind. Each human mind creates one dream world for each person.
The mind of each person is different and so the dream world created by mind of
each person is different. So, two people can not witness the same dream together.
In a similar way the mental world created by mind of each person is separate and
so two people can not think and act in an the same way. To make people
understand the importance of the
control of mind in social and spiritual
life, the nature of mind is analysed in
many different ways like this in Bhagavata
and other vedic scriptures (to be continued)
ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে প্ৰতিটো মনে নিজ নিজ স্বভাৱ অনুসৰি একো একোখন মানসিক জগত সৃষ্টি কৰে ।
মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰা মানুহে নিজৰ মনে সৃষ্টি কৰা জগতখনৰ ভিতৰতে আৱদ্ধ হৈ সেই জগতৰ সুখ দুখ ভোগ কৰি থাকিবলৈ বাধ্য হয় ।
ভাগৱত আৰু অন্যান্য শাস্ত্ৰত সপোন দেখি থকা অৱস্থাৰ উদাহৰণ দি কথাখিনি বুজোৱাৰ চেষ্টা কৰা হৈছে ।
সপোনত আমি বিভিন্ন প্ৰকাৰৰ খাদ্য খাওঁ , বিভিন্ন প্ৰকাৰৰ যান-বাহনত উঠি বিভিন্ন ঠাইলৈ যাওঁ ।সপোনৰ জগতত আমাৰ পৰিয়াল , বন্ধু-বান্ধৱ , শত্ৰু আদিকে ধৰি চিনাকী অচিনাকী বিভিন্ন লোকক লগ পাওঁ।
সপোনত আমি ধনী বা দুখীয়া লোক হ’ব পাৰো ।
সপোনতে আমি হাবিৰ মাজলৈ গৈ হিংস্ৰ বাঘৰ মুখামুখী হ’ব পাৰো ।
ভয় খাই দৌৰি পলাব পাৰো ইত্যাদি ।
মুঠতে দিঠকৰ জগতত আমাৰ লগত যি যি হ’ব পাৰে সপোনৰ জগততো সেই সকলোখিনি হ’ব পাৰে ।
ইয়াৰ ওপৰঞ্চিভাৱে পূৰ্বজন্মত ভোগ কৰি অহা কিছু সুখ দুখৰ অভিজ্ঞতাও সপোনৰ জগতত ভোগ কৰা সম্ভৱ বুলি শাস্ত্ৰত কোৱা হৈছে ।
এতিয়া কথা হৈছে যে আমি যেতিয়া সাৰে থাকো তেতিয়া আমাৰ শৰীৰক আমি জানো আৰু এই অৱস্থাত ভোগ কৰা বস্তু , ঘটনা আৰু পৰিবেশ ইত্যাদিৰ বিষয়েও আমি জানো ।
কিন্তু সপোন দেখি থকা অৱস্থাত আমাৰ বাস্ত্ৱ শৰীৰ শুই থাকে বা শৰীৰৰ জ্ঞান নাথাকে আৰু আমাৰ নিজৰ শৰীৰটোৰ দৰে আন এটা শৰীৰো
আমি
সপোনত দেখা পাওঁ ।
সপোনত ভোগ কৰা বস্তু , ঘটনা ,পৰিবেশ পৰিস্থিতি ইত্যাদি বাস্তৱ জীৱনৰ সৈতে একে নহয়।অৰ্থাৎ সাৰে থকা অৱস্থাত আমি যি খাদ্য খাওঁ সপোনত খোৱা খাদ্য তাৰ সৈতে একে নহয়।
সপোন দেখা অৱস্থাত আমি সপোন জগতৰ খাদ্যহে খাব লাগে ।
সপোনত দেখা বাঘ দিঠকৰ বাঘৰ সৈতে একে নহয় ।সপোন দেখি থকা অৱস্থাত সপোনৰ জগতৰ বাঘে আমাৰ সপোনৰ শৰীৰক খেদি আহে।
সপোন জগতৰ সকলোখিনিয়ে এনে ধৰণৰ অৱাস্তৱ বস্তু ।
কিন্তু সপোন আৰু দিঠক উভয় জগততে আমি ভোগ কৰা সুখ ,দুখ ,ভয় ,সংশয় , সন্তুষ্টি,
অসন্তুষ্টি
ইত্যাদিৰ অনুভূতিৰ মাজত একো পাৰ্থক্য নাথাকে ।
অৰ্থাৎ দিঠকত থকা অৱস্থাত দিঠকৰ খাদ্য খাই যি তৃপ্তি আৰু সোৱাদ আমি পাওঁ ,সপোন দেখি থকা অৱস্থাত সপোনৰ খাদ্য খাইও একে তৃপ্তি পোৱা যায় ।
দিঠকৰ
বাঘে দিঠকৰ শৰীৰক খেদিলে যি ভয় হয় সপোনৰ বাঘে সপোনৰ শৰীৰক খেদিলেও একে ভয় হয় ।
ভাগৱত আৰু অন্যান্য শাস্ত্ৰত কোৱা হৈছে যে সপোনৰ জগতৰ সমস্ত বস্তু আৰু ঘটনা মানুহৰ মনে সৃষ্টি কৰে ।প্ৰত্যেক মানুহৰ মন একে নোহোৱা হেতুকে মনে প্ৰত্যেক মানুহৰ বাবে সৃষ্টি কৰা সপোনৰ জগতো বেলেগ বেলেগ হয় আৰু সেই কাৰণে দুজন মানুহে একেলগ হৈ একেটা সপোন নেদেখে ।একেদৰে দিঠক জগততো প্ৰত্যেক মনে প্ৰত্যেক মানুহৰ বাবে নিজা মানসিক জগত সৃষ্টি কৰে আৰু এজন মানুহৰ মনৰ জগতৰ সৈতে অন্য এজনৰ মনৰ জগত পৃথক হয় ।সেই কাৰণে দুজন মানুহৰ চিন্তা আৰু কাম সম্পূৰ্ণ একে হ’ব নোৱাৰে ।
মানুহৰ সামাজিক আৰু পাৰমাৰ্থিক জীৱনত মন নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা বুজাবৰ বাবে ভাগৱত আৰু
অন্যান্য শাস্ত্ৰত এনে অনেক প্ৰকাৰে মনৰ চৰিত্ৰ বিশ্লেষণ কৰা হৈছে।(আগলৈ)
No comments:
Post a Comment