We,
the common people live a human life in a human society. The human society
provides us food, shelter, education, protection of all kinds and whatever we
need for living a safe and disciplined human life. Practically it is not at all
possible for a common man to live a human life without taking any help from the
human society. In the eyes of the society the human being is a human body only
and so whenever the society interacts with a human being it does so with a
human body . Again, a human being lives in the society along with his father
,mother ,wife ,children, friends, and other relatives and well wishers . He may
also have enemies, competitors etc. Also he is required to maintain relation with
so many people connected with various types of works of his day to day need.
All these relations are maintained with the human body only. Moreover a human
being possesses different types of properties like land, building, money, gold
and so many other things. All those things are possessed by the body. When the
human body dies the human being loses all types of relations with people and all
his possessions. If we analyse the matter in this way we can easily understand
that it is very difficult to live a human life with a feeling of detachment
with the body. In Bhagavata itself it is told that human being and all other
living entities are very much addicted to their material bodies. Nobody wants
to die, that is, to be detached from the body . Every living entity struggles hard
to keep its body forever. A human being utilizes his full capacity and even
becomes ready to sacrifice all his possessions to protect his body by all
means. Vedic scriptures also advise human being to take utmost care to protect
his body.Under such a condition it is not an easy thing to encourage a common
human being to make spiritual practice for attainment of self realization which
means living a human life with feeling of detachment from the body along with all worldly relations and things connected with
the body. Bhagavata tells that it is possible for a human being to live a
normal human life in a human society and make spiritual practice for attainment of
perfection or self realization simultaneously. It is also told that a self
realized spiritual teacher or Guru can only guide a common human being in this
regard with his own practical experiences . Guru Harideva was a self realized
Guru and he established Satra institution to serve this need of the common
people. (to be continued)
আমাৰ দৰে সাধৰণ মানুহে মানৱ সমাজত থাকি এটা মানৱ জীৱন যাপন কৰো ।মানৱ সমাজে আমাক খাদ্য ,আশ্ৰয় , শিক্ষা ,সকলো ধৰণৰ নিৰাপত্তা ইত্যাদি দিয়াৰ লগতে আমাৰ অন্যন্য সমস্ত প্ৰকাৰৰ প্ৰয়োজন পূৰণ কৰে । প্ৰকৃততে আমাৰ দৰে সাধাৰণ মানুহৰ বাবে মানৱ সমাজৰ পৰা পৃথক হৈ জীৱন যাপন কৰা সম্ভৱ নহয় । সমাজৰ চকুত মানুহ মানে মানৱ শৰীৰ মাত্ৰ আৰু সেই কাৰণে সমাজে মানুহৰ সৈতে কৰা সকলো প্ৰকাৰৰ আদান প্ৰদান মানৱ শৰীৰৰ সৈতেহে কৰে ।আকৌ সমাজত বাস কৰা মানুহৰ সৈতে পিতৃ, মাতৃ, স্ত্ৰী , পুত্ৰ, কন্যা , অন্যান্য আত্মীয় স্বজন , শুভ চিন্তক , বন্ধু-বান্ধৱ ইত্যাদিও থাকে । শত্ৰু , প্ৰতিদ্বন্দী ইত্যাদিও থাকে । লগতে দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰকাৰৰ কাজ-কৰ্ম কৰোতে বহুতো ব্যক্তিৰ সৈতে আমাৰ বিভিন্ন প্ৰকাৰৰ সম্পৰ্ক স্থাপন হয় । এই সকলো ধৰণৰ সম্পৰ্ক শৰীৰৰ মাধ্যমতে ৰক্ষা কৰা হয় । ইয়াৰোপৰি মানুহৰ অধিকাৰত মাটি-বাৰী, ঘৰ-দূৱাৰ, টকা-পইচা ,সোণ-ৰূপ ইত্যাদি অনেক ধৰণৰ সা-সম্পত্তি থাকে । শৰীৰ এই সকলো সা-সম্পদৰ অধিকাৰী হৈ থাকে । শৰীৰৰ নাশ বা মৃত্যু হোৱাৰ লগে মানুহৰ এই সমস্ত সা-সম্পৰ্ক তথা সা-সম্পদৰ ওপৰত থকা সমস্ত অধিকাৰ সমাপ্ত হয় । কথাবিলাক এনে ধৰণে বিচাৰ বিশ্লেষণ কৰি চালে আমি সহজে বুজিব পাৰো যে শৰীৰৰ সৈতে আমাৰ একো সম্পৰ্ক নাই বুলি ভাৱি মানৱ জীৱন যাপন কৰা অত্যন্ত কঠিন কাম । ভাগৱততে কোৱা হৈছে যে মানুহকে ধৰি সমস্ত প্ৰাণীয়ে নিজৰ শৰীৰৰ প্ৰতি অত্যন্ত আসক্তি বোধ কৰে।কোনো প্ৰাণীয়ে মৰিব নিবিচাৰে অৰ্থাৎ নিজকে শৰীৰৰ পৰা বিছিন্ন কৰিব নোখোজে । প্ৰত্যেক প্ৰাণীয়ে নিজৰ শৰীৰ চিৰকালৰ বাবে ৰক্ষা কৰাৰ বাবে অহৰহ সংগ্ৰাম কৰে । মানুহে নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰি আৰু আনকি নিজৰ অধিকাৰত থকা সমস্ত সা-সম্পদ বিসৰ্জন দি হ’লেও শৰীৰ ৰক্ষা কৰাৰ চেষ্টা কৰে । শাস্ত্ৰতো কোৱা হৈছে যে শৰীৰক সৰ্বতো প্ৰকাৰৰ ৰক্ষণাবেক্ষণ দিয়াটো মানুহৰ কৰ্ত্তব্য । তেনেস্থলত মানুহক আত্মজ্ঞান লাভ কৰাৰ বাবে অৰ্থাৎ শৰীৰৰ সৈতে আৰু লগতে শৰীৰৰ লগত সংলগ্ন সমস্ত সাংসাৰিক বিষয় বস্তুৰ সৈতে সম্পৰ্ক বিছিন্ন কৰাৰ বাবে উৎসাহিত কৰা সহজ কাম নহয় । ভাগৱত শাস্ত্ৰত কোৱা হৈছে মানৱ সমাজত থাকি স্বাভাৱিক মানৱ জীৱন যাপন কৰা মানুহেও পাৰমাৰ্থিক সাধনা কৰি পূৰ্ণ মানৱত পৰিণত হ’ব পাৰে বা আত্মজ্ঞান লাভ কৰিব পাৰে।লগতে কোৱা হৈছে যে কেৱল আত্মজ্ঞানী গুৰুৱেহে এই বিলাক বিষয়ত সাধাৰণ লোকৰ মনত উৎপন্ন হোৱা সমস্ত সংশয় দূৰ কৰিব পাৰে আৰু নিজৰ অভিজ্ঞতাৰ বলত তেওঁলোকক শুদ্ধ পথেৰে পাৰমাৰ্থিক সাধনাৰ পথত আগবঢ়াই নিব পাৰে । হৰিদেৱ গুৰুজনা আত্মজ্ঞানী মহাপুৰুষ আছিল আৰু জনসাধাৰণক এই দিশত সহায় কৰাৰ উদ্দেশ্যে সত্ৰ স্থাপন কৰিছিল । (আগলৈ)
No comments:
Post a Comment