No human being or demigod or any other living
entity in the creation can survive without “Anna” or food. But none of them can
create “Anna”. It is already told that for different living entities different
kinds of “Anna” or foods are created by God . Out of those, food grain, milk, fruits, vegetables etc are examples of some of the food suitable for human
beings. But human being can not create those foods. They are only able to produce these foods by using the seeds , soil , air , water , sunlight etc and everything of these
are created by God . Cow produces milk with the inherent arrangements
provided by God in her. Human being can
only maintain the cow as per rules of nature and get the milk out of her. It is
also told in the Bhagavadgita that the demigods of heavenly abodes are
entrusted with the responsibilities for maintenance of these systems of
production in proper order. Hence it becomes the duty of human beings to offer
some parts of their produce to the
demigods for their sustenance.It is also told that human beings can transfer the shares due to the demigods by way of performance of
sacrifice . All these things are
mentioned in Bhagavdgita and this scripture is believed to be the direct instructions
from God Almighty to the human beings for their welfare. Now, how the foods offered by human beings by way of
performance of sacrifice etc can reach the demigods is a very difficult subject to
understand by common people like us. But these subjects are discussed in details in
the Vedas and Vedic scriptures including the Bhagavadgita and Bhagavata by the
sages and seers of different times. They
found out the truth behind these things and concluded like this. Those Vedic sages were able to feel or
see the truth behind everything directly and therefore they are called seers. So, we can not deny the truth discovered by them
simply through
our own mental assumptions . If we think in this way , we see that human beings can only use those arrangements
created by God Almighty and maintained by the demigods of heavenly abodes and
get the necessary Anna or food for their sustenance . Except this, the human
beings can do nothing in this regard. But the mind of a human being does not
want to accept these things because of the influence of
the ego part of the mind. If the mind is not controlled through proper
education and spiritual practice then it can not think in correct way. To educate
common people practically with these
teachings of he Vedas and Vedic scriptures Guru Harideva established Satra
Institutions. (to be continued)
কোনো মানুহ , দেৱতা , অন্য লোকৰ বাসিন্দা বা অন্য কোনো জীৱই অন্ন অবিহনে জীয়াই থাকিব নোৱাৰে ।কিন্তু এই সকলৰ কোনেও নিজৰ জীৱন ধাৰণৰ বাবে অন্ন বা আহাৰ সৃষ্টি কৰিব নোৱাৰে । আগতে কোৱা হৈছে যে ঈশ্বৰে ভিন্ন ভিন্ন জীৱৰ বাবে ভিন্ন ভিন্ন প্ৰকাৰৰ অন্ন সৃষ্টি কৰে । ইয়াৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ শস্য, ফলমূল , গাখীৰ, শাক-পাচলি আদি মানুহৰ বাবে উপযোগী আহাৰৰ কিছু উদাহৰণ। কিন্তু মানুহে এই অন্নসমুহ সৃষ্টি কৰিব নোৱাৰে । মানুহে কেৱল বীজ , মাটি , পানী , বায়ু , সূৰ্যকিৰণ ইত্যাদি প্ৰাকৃতিক পৰিবেশ আৰু সুবিধাসমুহ যথোপযুক্ত ভাৱে প্ৰয়োগ কৰি আহাৰ উৎপাদন কৰিব পাৰে। ওপৰোক্ত সমস্ত উপাদান ,পৰিবেশ, পৰিস্থিতি আৰু নীতি নিয়ম আদি ভগৱানৰ সৃষ্টি ।গৰুৱে ঈশ্বৰে নিৰ্দ্ধাৰণ কৰা ব্যৱস্থা অনুসৰি নিজৰ ভিতৰত অন্তৰ্নিহিত ক্ষমতা ব্যৱহাৰ কৰি গাখীৰ উৎপাদন কৰে । মানুহে মাত্ৰ প্ৰকৃতিৰ নিয়ম মানি গৰুক প্ৰতিপালন কৰিব পাৰে আৰু গৰুৱে উৎপন্ন কৰা গাখীৰ ভোগ কৰিব পাৰে । ভগৱদ্গীতাত কোৱা হৈছে যে ভগৱানে সৃষ্টি কৰি প্ৰবৰ্ত্তন কৰা এই নিয়ম আৰু ব্যৱস্থাসমুহ সুচাৰূ ৰূপত পৰিচালনা কৰাৰ দায়িত্ব স্বৰ্গলোকৰ দেৱতাসকলক দিয়া হৈছে । সেই কামৰ প্ৰতিদান হিচাপে ওপৰোক্ত প্ৰাকৃতিক সুবিধা সমুহ ব্যৱহাৰ কৰি মানুহে যি অন্ন উৎপাদন কৰে তাৰ একাশং দেৱতাসকলৰ প্ৰাপ্য। যজ্ঞ অনুষ্ঠানৰ জৰিয়তে মানুহে দেৱতাসকলৰ প্ৰাপ্য অংশ প্ৰদান কৰি সেই অন্নৰ দ্বাৰা দেৱতাসকলৰ পুষ্টি সাধন কৰা উচিত । এই কথাবিলাক ভগৱদ্গীতাত কোৱা হৈছে আৰু এই শাস্ত্ৰ মানৱ জাতিৰ উপকাৰৰ অৰ্থে স্বয়ং ঈশ্বৰে দিয়া উপদেশ বুলি বিশ্বাস কৰা হয়। এতিয়া , মানুহে উৎপাদন কৰা অন্নৰ ভাগ যজ্ঞানুষ্ঠানৰ জৰিয়তে কিদৰে স্বৰ্গলোকৰ দেৱতাসকলৰ ওচৰলৈ যাব পাৰে ইত্যাদি ধৰণৰ জটিল তত্ব সমুহ আমাৰ দৰে সাধাৰণ মানুহৰ বোধগম্য নহয় । কিন্তু বেদ, গীতা , ভাগৱত
আৰু অন্যান্য বৈদিক শাস্ত্ৰৰ মাধ্যমত পৰম জ্ঞান সম্পন্ন ঋষি মুণি সকলে এইবিলাক বিষয় পুংখানুপংখ ভাৱে আলোচনা কৰি ইয়াক সত্য বুলি পতিপন্ন কৰি গৈছে । বৈদিক ঋষি সকলে সমস্ত বিষয়কে প্ৰত্যক্ষভাৱে দৰ্শন কৰিব পাৰে বা সত্যক প্ৰত্যক্ষ ৰূপত অনুভৱ কৰিব পাৰে। সেই কৰণে তেওঁলোকক ত্ৰিকালজ্ঞ বা অতীত , বৰ্ত্তমান আৰু ভৱিষ্যতৰ সকলো বিষয়ে জনা আৰু বেদ বা জ্ঞানৰ প্ৰত্যক্ষ দ্ৰষ্টা ঋষি বুলি কোৱা হয়। এই সকল ঋষিয়ে যি কথা সত্য বুলি কৈ গৈছে তাক আমাৰ দৰে সাধাৰণ মানুহৰ বুদ্ধি বৃত্তিৰে বিচাৰ কৰি অসত্য বুলি প্ৰতিপন্ন কৰা সম্ভৱ নহয় । ইয়াৰ পৰা বুজা যায় যে মানুহে কেৱল ঈশ্বৰে সৃষ্টি কৰা আৰু দেৱতাসকলে সংৰক্ষণ তথা পৰিচালনা কৰা প্ৰাকৃতিক ব্যৱস্থাসমুহ যথাযথ ভাৱে ব্যৱহাৰ কৰি নিজৰ জীৱন ৰক্ষাৰ বাবে অন্ন আহৰণ কৰিব পাৰে । ইয়াত বাদে মানুহে এই বিষয়ত অন্য একো কৰিব নোৱাৰে । কিন্তু মনৰ অভ্যন্তৰত থকা অহংকাৰৰ প্ৰভাৱবশতঃ মানুহৰ
মনে বিলাক কথা এনে ধৰণে মানি ল’ব নোখোজে । উপযুক্ত জ্ঞান আৰু শিক্ষাৰ দ্বাৰা মনক নিয়ন্ত্ৰণ নকৰিলে মানুহৰ মনে কথাবিলাক শুদ্ধভাৱে বিচাৰ কৰিব নোৱাৰে। সাধাৰণ মানুহক শুদ্ধ জ্ঞান প্ৰদান কৰি ব্যৱহাৰিক ৰূপত কথা বিলাক বুজাই দিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।(আগলৈ)
No comments:
Post a Comment