To make us understand that we are not the body that we
possess, Bhagavadgita, Bhagavata and other Vedic Scriptures discuss this subject in various ways. Bhagavdgita tells
that we take birth with a body of very small size. Then, in every moment it grows up and
gradually passes through the stages of childhood, adolescence, adulthood
and old age.Then death comes and the body is ruined . After that the embedded
soul or the possessor of the body takes birth in another new body. This shows
that the body with which we take birth does not exist even for a moment after
our birth. Scriptures tell that our body is like a flowing river. The flowing
water in a river changes its place continuously. Not a single drop of water
stays in one place even for the minutest fraction of a single moment and this
continuous flow of water is called a river. In a similar way our body
goes on changing continuously and we wrongly identify ourselves with this
continuous flow of changes in our human body. In Bhagavadgita the difference
between Jiva and body it possesses is explained through the analogy of our body
and the cloths that we wear to cover the body. When our cloths become old or
unfit for wearing we discard them and put on some new cloths. In a similar way the embedded soul or the possessor of our body
discards the body as soon as it becomes unfit to work in accordance with the requirements and transmigrates to another suitable and new body. Now, we know it well that our body and the
cloths that we wear to cover the body
are totally different. So, with this type of explanation contained
in the Bhagavdgita the common ignorant
people like us can easily understand
that we as a human being are totally different from our body. There are so many
explanations like this in the Vedic Scriptures on this subject and Guru
Harideva recommends the Bhagavata and Bhagavadgita for us for gaining appropriate
knowledge in this regard . Now, knowing of this truth from the scriptures and practically living a human life with a feeling of total detachment from the body is quite different . For this
purpose guidance from a self realized Guru is essential. Guru Harideva realized
this requirement of common people and established Satra Institutions to guide them
practically.(to be continued)
ভাগৱদ্গীতা, ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত বিভিন্ন প্ৰকাৰে আমাক বুজাই দিয়াৰ প্ৰয়াস কৰা হৈছে যে আমাৰ শৰীৰ আৰু আমি একে নহয়। ভাগৱদ্গীতাত কোৱা হৈছে যে আমি এটা অতি ক্ষুদ্ৰ শৰীৰ লৈ জন্ম গ্ৰহণ কৰো । তাৰ পিছত প্ৰত্যেক মুহুৰ্ত্ততে শৰীৰ বৃদ্ধি হয় আৰু ক্ৰমান্বয়ে শৈশৱ ,কৈশোৰ , যৌৱন আদি অৱস্থাৰ মাজেৰে আহি বৃদ্ধাৱস্থাত উপনীত হয় । ইযাৰ পিছত বৰ্ত্তমান শৰীৰ নাশ হয় আৰু শৰীৰ অধিকাৰ কৰি থকা জীৱই অন্য এটা শৰীৰ লৈ জন্ম গ্ৰহণ কৰে । এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে আমি যি শৰীৰ লৈ জন্ম গ্ৰহণ কৰো সেই শৰীৰ জন্মৰ পিচত এক মূহৰ্ত্তৰ সামান্যতম অংশ সময়ৰ বাবেও স্থায়ী হৈ নাথাকে ।শাস্ত্ৰত আমাৰ শৰীৰ এখন বোৱঁতী নৈৰ দৰে বুলি কোৱা হৈছে । বৈ থকা নদীত পানীৰ স্থান সদায় সলনি হৈ থাকে। একেখিনি পানী সামান্যতম সময়ৰ বাবেও একে স্থানত ৰৈ নাথাকে আৰু পানীৰ এই সদায় গতি কৰি থকা সোঁতকে আমি নদী বুলি কওঁ ।একেদৰে মানৱ শৰীৰো সদায় পৰিবৰ্ত্তন হৈ থাকে আৰু শৰীৰৰ পৰিবৰ্ত্তনৰ ধাৰাকে আমি মানুহ হিচাপে আমাৰ প্ৰকৃত পৰিচয় বুলি ভুলকৈ ভাৱি থাকো ।আমাৰ শৰীৰ আৰু আমি পিন্ধি থকা কাপোৰৰ উদাহৰণৰ জৰিয়্তেও ভগৱ্দ্গীতাত শৰীৰ আৰু শৰীৰধাৰী জীৱৰ পাৰ্থক্য ব্যাখ্যা কৰি বুজাই দিয়া হৈছে ।যেতিয়া আমি পিন্ধি থকা কাপোৰ পুৰণি হয় অথবা পিন্ধাৰ অনুপযোগী হয় তেতিয়া তাক সলনি কৰি নতুন কাপোৰ পিন্ধা হয় । একেদৰে শৰীৰধাৰী জীৱই শৰীৰ বৃদ্ধ হ’লে বা নিজৰ প্ৰয়োজন অনুসৰি কাম কৰিব নোৱাৰা হ’লে পুৰণি শৰীৰ ত্যাগ কৰে আৰু নিজৰ প্ৰয়োজন পূৰাব পৰা বিধৰ নতুন শৰীৰ গ্ৰহণ কৰে । আমি ভালকৈ জানো যে আমি পিন্ধা কাপোৰ আৰু আমাৰ শৰীৰ একে নহয় । সেয়েহে এনে প্ৰকাৰৰ উপমাৰ সহায়ত আমাৰ দৰে অজ্ঞানী মানুহে সহজে বুজিব পাৰো যে মানুহ হিচাপে আমাৰ প্ৰকৃত পৰিচয় মানৱ শৰীৰৰ পৰা সম্পূৰ্ণ পৃথক। বৈদিক শাস্ত্ৰসমুহত এই বিষয়ৰ জ্ঞান অনেক প্ৰকাৰে ব্যাখ্যা কৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই আমাৰ দৰে সাধাৰণ মানুহক জীৱ আৰু শৰীৰৰ পাৰ্থক্য বুজি লোৱাৰ বাবে প্ৰধানতঃ ভাগৱত আৰু ভগৱ্দ্গীতা শাস্ত্ৰৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ উপদেশ দিছে । কিন্তু শাস্ত্ৰজ্ঞানৰ সহায়ত নিজকে শৰীৰ পৰা পৃথক বুলি জনা আৰু মানৱ শৰীৰৰ উপস্থিতি অনুভৱ নকৰাকৈ ব্যৱহাৰিক মানৱ জীৱন যাপন কৰা একে কথা নহয় । ইয়াৰ বাবে আত্মজ্ঞানী গুৰুৰ সহায় লোৱাৰ অতি প্ৰয়োজন হয়। হৰিদেৱ গুৰুজনাই সাধাৰণ মানুহৰ এই প্ৰয়োজনৰ কথা ভালদৰে বুজি পাইছিল আৰু তেওঁলোকক এই দিশত সহায় কৰাৰ বাবে সত্ৰানুষ্ঠান স্থাপন কৰিছিল্।(আগলৈ)
No comments:
Post a Comment