Wednesday, 17 March 2021

The “Satra” Institution of Guru Harideva-70(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৭০)

 

In the preceding post we mentioned that human being is very much addicted to his body and it is practically very difficult for a human being to live in the society with a feeling that he is not the body. Now, this addiction, feeling etc are functions of the mind which is a subtle constituent part of the human body. Mind is the controller of all actions performed by the body. Nothing can be felt, desired, enjoyed and brought to the level of addiction etc by a human being without  involvement of mind with the body. However, the word mind used here means Antahkarana or inner senses which  includes the functions of chitta or storage of past memories, manah or mind, buddhi or intelligence and ahamkara or ego. The mind collects information from outside world by hearing , touching, seeing , tasting and smelling through five organs of knowledge namely ears, skin,eyes ,tongue and nose attached with the body . The information collected by the mind is processed and  action to be taken by a human being  on the basis  on these information is decided by co-ordinated action of the four sections of mind mentioned above. Then the mind implements this decision by way of speaking, grasping, moving, procreating and excreting. For performance of those actions the mind engages five organs of actions namely organs of speech, hands, feet, organs of procreation and excretory organs attached with the human body. Without going to the technicality of the things these are some very preliminary ideas we can have about the link  between the body and mind. In this way  we can also have some ideas about   the nature of the control of mind over human body and  the influence of the mind on overall life of a human being. Considering the great role played by the mind in human life it is told in the Vedic Scriptures that the mind represents the human being totally . It is also told that the practice for  control of mind is the most essential part of all types of spiritual practice that we need to perform for  attainment of perfection or self realization. Different ways for control of mind are suggested in different scriptures. Based on those suggestions different spiritual teachers or Gurus  advise people to follow different path  for this purpose. In Bhagavata very simple ways for control of mind is suggested and Guru Harideva brought those teachings of Bhagavata to the common people through his Satra Institutions.. (to be continued)

ইয়াৰ আগৰ লিখনিত কৈ অহা হৈছে যে নিজৰ শৰীৰৰ প্ৰতি মানুহৰ অত্যন্ত আসক্তি থাকে আৰু নিজকে শৰীৰৰ পৰা পৃথক বুলি অনুভৱ কৰি মানৱ সমাজত বসবাস কৰা অত্যন্ত কঠিন কাম এই প্ৰসঙ্গত পাৰি যে আসক্তি , অনুভৱ ইত্যাদি মনৰ কাৰ্য আৰু মন শৰীৰৰ এটা সূক্ষ্ম ভাগ মনে শৰীৰৰ সমস্ত কাৰ্যব্যৱস্থা নিয়ন্ত্ৰণ কৰে মনৰ সংযোগ অবিহনে একোকে অনুভৱ কৰা , আশা-আকাংক্ষা কৰা আৰু উপভোগ কৰা নাযায় মন সংযুক্ত হৈ নাথাকিলে একোৰে প্ৰতি আসক্ত হোৱাও সম্ভৱ নহয় অৱশ্যে ইয়াত মন শব্দৰ দ্বাৰা অন্তঃকৰণ বা মনৰ চাৰিটা বিভাগ অৰ্থাৎ চিত্ত , মন, বুদ্ধি আৰু অহংকাৰৰ সমষ্টিক বুজোৱা হৈছেমনে দেখা  ,শুনা , গোন্ধ লোৱা , সোৱাদ লোৱা আৰু স্পৰ্শ কৰা আদি অনুভূতিৰ দ্বাৰা বাহিৰৰ জগতখনৰ বিষয়ে তথ্য সংগ্ৰহ কৰে কামৰ বাবে মনে  শৰীৰৰ সৈতে সংযুক্ত পাঁচ জ্ঞানেন্দ্ৰিয় বা জ্ঞান অৰ্জনৰ যন্ত্ৰ  অৰ্থাৎ চকু ,কাণ , নাক , জিভা,ছালক কামত লগায়  বাহিৰৰ পৰা সংগ্ৰহ কৰা এই তথ্যৰ ভিত্তিত মনৰ চৰিওটা অংশই সমন্বয়পূৰ্ণ বিচাৰ বিশ্লেষণ কৰে আৰু এই তথ্যৰ সম্পৰ্কত কি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা ভাল তাক নিৰ্ণয় কৰে সেইমতে মনে বাক্য প্ৰয়োগ , আদান্-প্ৰদান , চলা-ফুৰা , প্ৰজনন , পৰিত্যাগ আদি কাৰ্য সম্পাদন কৰে এই কাম বিলাক কৰাৰ বাবে মনে শৰীৰৰ সৈতে সংযুক্ত পাঁচ কৰ্মেন্দ্ৰিয় বা বাক্ যন্ত্ৰ , হাত ,ভৰি , যনন যন্ত্ৰ  আৰু ৰেচক যন্ত্ৰক কামত লগায় এই কথাবিলাক বুজা বা বুজোৱা বৰ টান যদিও বেছি গভীৰতালৈ নোযোৱাকৈ আমি ওপৰোক্ত প্ৰকাৰৰ চিন্তা চৰ্চাৰ দ্বাৰা শৰীৰৰ সৈতে মনৰ সংযোগ কেনেকুৱা তাৰ সাধাৰণ আভাস পাৰো লগতে শৰীৰৰ ওপৰত তথা সামগ্ৰিক ভাৱে মানৱ জীৱনৰ ওপৰত মনৰ প্ৰভাৱ কিমান গভীৰ তাক বুজাৰ চেষ্টা কৰিব পাৰো মানৱ জীৱনৰ ওপৰত মনৰ এনে গভীৰ নিয়ন্ত্ৰণ থকা বাবেই বৈদিক শাস্ত্ৰসমুহত মানুহৰ মনে মানুহজনক সম্পূৰ্ণ ৰুপত প্ৰতিফলিত কৰে  বুলি কোৱা হৈছে লগতে কোৱা হৈছে যে মনৰ নিয়ন্ত্ৰণৰ বাবে কৰা প্ৰচেষ্টা  আত্মজ্ঞান বা পূৰ্ণতা  লাভৰ বাবে কৰা সকলো প্ৰকাৰৰ পাৰমাৰ্থিক সাধনাৰ  মূল অংশ অৰ্থাৎমনক নিয়ন্ত্ৰণ কৰি শুদ্ধ পথলৈ অনাৰ বাবে  যি কৰা হয় সেয়ে পাৰমাৰ্থিক সাধনা বিভিন্ন বৈদিক শাস্ত্ৰত মন নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ পৰামৰ্শ দিয়া হৈছে আৰু তাৰ ভিত্তিত বিভিন্ন ধৰ্মগুৰুৱে মানুহক বিভিন্ন প্ৰকাৰৰ পথ প্ৰদৰ্শন কৰি আহিছে ভাগৱত শাস্ত্ৰত মন নিয়ন্ত্ৰণৰ বাবে অতি সহজ সৰল উপায় প্ৰদৰ্শন কৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে ভাগৱতৰ সেই শিক্ষা জনসাধাৰণৰ মাজত বিলাই দিয়াৰ ব্যৱস্থা কৰি গৈছে (আগলৈ)

No comments:

Post a Comment