It is already told that a jiva in human body, that is, a human being is competent to act for attainment of perfection or liberation because of the presence of highly developed mental and intellectual faculties in the human body. That is, attainment of a human body does not ensure attainment of ultimate perfection or liberation. A human body gives Jiva or human being an opportunity only to work for attainment of perfection and subsequent liberation. Scriptures tell that human being is supposed to perform activities in a human way, enjoy an ideal human life and finally attain liberation. For teaching a human being to act in that way both in the material and spiritual fields, there are sufficient provisions available in the human society. The knowledge of all those provisions originates from the God Almighty and is revealed to human society through the Vedas and Vedic scriptures, great sages and Gurus, knowledgeable persons of various fields and so on. It is the duty of a human being to learn from these sources according to his own nature and act accordingly. Bhagavata tells that through this way a human being undergoes repeated birth and death cycles in a human body. His perfection progresses step by step during each life period and finally he attains total perfection or liberation after passing through so many birth and death cycles. On the other hand, if a human being acts in an inhuman way without learning anything from of the sources mentioned above, he may lose the human body and may be shifted to other bodies of lower status than a human body. In such case the jiva has to struggle for very long time to regain his human body. Now, according to Guru Harideva no human being can attain perfection or liberation without “atmajnana” or self realization. That is, one should first know the difference between his body and the self or the embedded soul in the body. Then he should know that he himself and his body are totally separate from each other. Finally he should realize that he himself is not the body and his true identity is the self or the soul that exists behind the activities of the body. Guru Harideva suggests that the path of self realization ,that is, the path through which human being can attain self realization easily,is the correct, shortest and safest way of attainment of total perfection or liberation for a human being. Human being can attain the ultimate goal in the present life itself through this path. To lead common people in this path Guru Harideva established Satra Institutions.(to be continued)
মানৱ শৰীৰত উন্নততৰ আৰু সুক্ষ্মতৰ কাৰ্যক্ষমতা সম্পন্ন মন, বুদ্ধি ইন্দ্ৰিয় ইত্যাদি থকা কাৰণে পূৰ্ণতা লাভ বা মুক্তি লাভ কৰাৰ লক্ষ্য লৈ কাম কৰাৰ বাবে মানৱ শৰীৰধাৰী জীৱ বা মানুহৰ যোগ্যতা আছে বুলি আগতে কোৱা হৈছে । অৰ্থাৎ মানৱ শৰীৰ লাভ কৰাটোৱে পূৰ্ণ মানৱ হোৱাৰ বা মুক্তিলাভ কৰাৰ একমাত্ৰ চৰ্ত্ত নহয় ।মানৱ শৰীৰ লাভ কৰাৰ অৰ্থ হৈছে পূৰ্ণ মানৱত পৰিণত হোৱাৰ বা মুক্তি লাভ কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ সুযোগ লাভ কৰা । শাস্ত্ৰত কোৱা হৈছে যে মানুহৰ দৰে কাম কৰি আদৰ্শ মানৱ জীৱন যাপন কৰাৰ অন্তত মুক্তি লাভ কৰাৰ বাবে প্ৰচেষ্টা কৰি থকাটোকে মানৱ শৰীৰধাৰী জীৱৰ বা মানুহৰ স্বাভাৱিক আচৰণ বুলি ধৰা হয় । বৈষয়িক আৰু পাৰমাৰ্থিক উভয় দিশতে মানুহক এনে ধৰণে কৰ্ত্তব্য আচৰণ কৰাৰ শিক্ষা দিয়াৰ বাবে যথোপযুক্ত ব্যৱস্থা মানৱ সমাজত আছে। পৰমেশ্বৰ হৈছে এনে সকলো প্ৰকাৰৰ শিক্ষা ব্যৱস্থাৰ মূল উৎস আৰু বেদ ,বৈদিক শাস্ত্ৰ , ঋষি-মুণি সকল , গুৰু সকল আৰু অন্যান্য অনেক বিষয়ৰ গুণী-জ্ঞানী ব্যক্তি সকলৰ মাধ্যমত এই শিক্ষা মানৱ সমাজত অহৰহ প্ৰচাৰিত হৈ আছে । নিজৰ স্বভাৱ আৰু ৰুচি অনুসৰি এই উৎস সমুহৰ পৰা শিক্ষা আহৰণ কৰা আৰু সেই আদৰ্শ আৰু উপদেশ অনুসৰি কাম কৰি যোৱাটো মানুহৰ কৰ্ত্তব্য বুলি শাস্ত্ৰত কোৱা হৈছে ।ভাগৱতে কৈছে যে এই পথ অৱলম্বন কৰি কাম কৰি থাকিলে মানুহে মানৱ শৰীৰ লৈ বাৰে বাৰে জন্ম গ্ৰহণ আৰু মৃত্যুবৰণ কৰি থাকে , প্ৰত্যেক জন্মতে পূৰ্ণতা লাভৰ দিশে অলপ অলপকৈ আগবাঢ়ি থাকে আৰু অসংখ্য জন্মৰ অন্তত পূৰ্ণ মানৱত পৰিণত হৈ মুক্তি লাভ কৰে।আনহাতে মানুহে যদি ওপৰত কৈ অহা উৎস সমুহৰ পৰা শিক্ষা আহৰণ নকৰাকৈ আৰু মানৱীয় নীতি নিয়ম অমান্য কৰি অমানৱ সুলভ কাৰ্য কৰি ফুৰে তেন্তে তেওঁ মানৱ শৰীৰৰ সুবিধাসমুহৰ পৰা বঞ্ছিত হয় আৰু মানৱ শৰীৰতকৈ নিম্নতৰ শৰীৰত জন্ম লবলৈ বাধ্য হয়।তেনে অৱস্থাত জীৱই পুনৰ মানৱ শৰীৰ পাবৰ বাবে জন্ম জন্মান্তৰ ধৰি সংঘৰ্ষ কৰিব লগীয়া হয় । এনে সকলো দিশ চালি জাৰি চাই হৰিদেৱ গুৰুজনাই কৈছে যে আত্মজ্ঞান লাভ নকৰাকৈ কোনো মানুহে পূৰ্ণতা লাভ বা মুক্তি লাভ কৰিব নোৱাৰে।অৰ্থাৎ মানুহে আত্মা বা জীৱ আৰু শৰীৰৰ মাজৰ পাৰ্থক্য বুজি পাব লাগে । মানুহে বুজি পাব লাগে লাগে যে তেওঁ নিজে আৰু তেওঁৰ শৰীৰ সম্পূৰ্ণ পৃথক । মানুহে অনুভৱ কৰিব লাগে যে শৰীৰ তেওঁৰ প্ৰকৃত পৰিচয় নহয়, শৰীৰৰ অন্তৰালত থাকি যিয়ে শৰীৰৰ কাৰ্যসমুহ পৰিচালনা কৰি আছে সেয়াহে তেওঁৰ প্ৰকৃত পৰিচয়।হৰিদেৱ গুৰুজনাই কৈছে যে এই আত্মজ্ঞানৰ পথ অৰ্থাৎ যি পথ গ্ৰহণ কৰিলে মানুহে সহজে আত্মজ্ঞান লাভ কৰিব পাৰে সেয়ে মানৱৰ বাবে পূৰ্ণতা প্ৰাপ্তি আৰু মুক্তিলাভৰ সবাতোকৈ শুদ্ধ , সংক্ষিপ্ত আৰু নিৰাপদ পথ । এই পথেৰে আগবাঢ়িলে বৰ্ত্তমান জন্মতে লক্ষ্যস্থানত উপনীত হ’ব পাৰি । সাধাৰণ জনতাক এই পথেৰে আগুৱাই নিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰিছিল। (আগলৈ)
No comments:
Post a Comment