In the preceding
post it is told the self realized personalities or Jivanmuta Purushas accept
everything with equanimity.Nothing of this world can create reactions like
happiness and sorrow, attachment and aversion etc in their mind. But that
does not mean that they sit idle like inert materials or they are totally
indifferent towards anything that happens in the life of common human beings in
the society.We the general people are full of desires and choose to do the works
which can bring more material benefit with lesser possible effort. If that
expectation is not fulfilled and if we become bound to do some hard work that
brings lesser material benefit, then we perform such works halfheartedly with
displeasure in mind. But Jivanmukta Purushas know that nobody can do anything
in this world unless he is destined to do that and so they do not feel any
pleasure or displeasure in that respect. In Bhagavadgita it is told that the
Jivanmukta Purushas perform those works only where they become entangled
automatically according to the results of their past deeds. For that they do
not feel any pleasure or displeasure. Also while performing those works they
remain indifferent about the nature and outcome of those works. On the other
hand they do not show any interest to entangle themselves with any material work
for their own benefit. So the Jivanmukta Purushas are not indifferent like wood, stone etc towards activities, pleasure and pain of
people and other things and happenings etc in the society. But so far
reactions, feeling etc in their mind towards fulfillment of their own interests are
concerned, their behavior can be compared with inert object like wood, stone
etc.The only difference here is that a piece of wood has no mind to react and a
Jivanmukta Purusha has mind to react but it do not react because it is totally
free from desires. We already told that Guru Harideva was Jivanmutka
Mahapurusha and unless we study these characteristics of Jivanmukta Purushas
depited in Bhagavadgiata and Bhagavata it is difficult to understand the life
and teachings of Guru Harideva and the ultimate aim of the Satra Institution established by him.(to be continued)
ইয়াৰ আগৰ লিখনিত কোৱা হৈছে যে আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষ সৰ্বত্ৰ সমদৃষ্টি সম্পন্ন। জগতৰ একো বস্তু বা ঘটনাই তেওঁলোকৰ মনত সুখ, দুখ , ৰাগ, বিদ্বেষ ইত্যাদি ধৰণৰ প্ৰতিক্ৰিযা সৃষ্টি কৰিব নোৱাৰে।
কিন্তু ইয়াৰ অৰ্থ এনে নহয় যে তেওঁলোকে জড় পদাৰ্থৰ দৰে অলস হৈ বহি থাকে বা জগতৰ অন্য মানুহ আৰু প্ৰাণীৰ জীৱনত সংঘ্টিত হৈ থকা শুভ বা অশুভ ঘটনা সমুহৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ থাকে ।
আমাৰ দৰে সাধাৰণ মানুহৰ অনেক কামনা বাসনা থাকে।
যিবিলাক কাম কৰিলে কষ্ট কম হয় আৰু বৈষয়িক লাভ বেছি হয় আমি তেনে কাম কৰাৰ প্ৰতি আগ্ৰহান্বিত হওঁ ।
তাৰ বিপৰীতে বেছি পৰিশ্ৰম কৰি কম লাভ হোৱা কাম কৰিবলৈ বাধ্য হ’লে আমি সেই কাম সুচাৰু ৰূপে নকৰো আৰু তেনে কাম কৰি মনত অশান্তি অনুভৱ কৰো ।
কিন্তু জীৱন্মুক্ত পুৰুষৰ এই জ্ঞান থাকে যে জগতত কোনেও একো কাম নিজৰ ইচ্ছামতে কৰিব নোৱাৰে ।
অতীত কৰ্মৰ পৰা উৎপন্ন হোৱা সংস্কাৰে যি কৰিবলৈ বাধ্য কৰে সকলোৱে তাকেহে কৰি থাকে ।
সেই কাৰণে আত্মজ্ঞানী পুৰুষে কম বা বেছি কষ্টকৰ
বা কাম কৰি সাধাৰণ মানুহৰ দৰে মনত কোনো আনন্দ বা বিষাদ অনুভৱ নকৰে।
ভগৱদ্গীতাত কোৱা হৈছে যে জীৱন্মুক্ত তত্বজ্ঞানী পুৰুষে যি কৰ্মত কিবা প্ৰকাৰে জড়িত হৈ পৰিব লগা হয় তাকেহে কৰে ।
সেই কৰ্ম কৰি তেওঁলোক আনন্দিত বা বিষাদগ্ৰস্ত নহয়।
কৰ্মৰ চৰিত্ৰ আৰু ফলাফল সম্পৰ্কেও তেওঁলোক উদাসীন হৈ থাকে।
জীৱন্মুক্ত পুৰুষে নিজৰ লাভালাভ বিচাৰ কৰি কোনো কৰ্ম কৰিবলৈও আকাঙ্ক্ষা নকৰে , অৰ্থাৎ যি কৰ্মত তেওঁ জড়িত নহয় , নিজৰ স্বাৰ্থ
পূৰণৰ অৰ্থে তেনে কৰ্মত জড়িত হ’বলৈ আশা নকৰে । কৰ্ম আৰু তাৰ ফলাফল সম্পৰ্কত তেওঁলোকৰ আচৰণ উদাসীনবৎ অৰ্থাত উদাসীনৰ দৰে ।
গতিকে কৰ্ম , মানুহৰ আনন্দ বিষাদ , জগতৰ অন্যান্য বস্তু আৰু ঘটনা আদি বিষয়ত জীৱমুক্ত পুৰুষ স্থিতি কাঠ শিল ইত্যাদিৰ দৰে জড়বস্তুৰ দৰে উদাসীন নহয় ।
কিন্তু এই বিলাক কৰ্ম কৰাৰ ফলত যি সুখ বা দুখ উৎপন্ন হয় তাক ভোগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া, অনুভূতি ইত্যাদি কাঠ শিল আদি জড় বস্তুৰ দৰে সম্পূৰ্ণ
উদাসীন।
ইয়াতে পাৰ্থক্য ইমানেই যে প্ৰতিক্ৰিয়া সৃষ্টি হ’ব পৰাকৈ কাঠ শিল আদি জড় বস্তুৰ মন নাই আৰু জীৱনমুক্ত পুৰুষৰ মন থকা সত্বেও সেই মন সম্পূৰ্ণ বাসনামুক্ত হোৱা কাৰণে তেওঁলোক প্ৰতিক্ৰিয়াৰ পৰা মুক্ত হৈ থাকে ।
হৰিদেৱ গুৰুজনা আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষ আছিল কাৰণে ভগৱদ্গীতা আৰু ভাগৱতত বৰ্ণনা কৰা অন্যান্য জীৱন্মুক্ত পুৰুষৰ বৈশিষ্ট সমুহ অধ্যয়ন নকৰিলে গুৰুজনাৰ জীৱনী , উপদেশ আৰু তেওঁ স্থাপন কৰা সত্ৰৰ মূল লক্ষ্য সম্পৰ্কে সম্যক জ্ঞান লাভ কৰা সম্ভৱ নহয় ।(আগলৈ)
No comments:
Post a Comment