In Bhagavata it is told that some kinds of food items
we consume create disorder in our body. The disease created by such item can be
cured by the therapeutic use of the same item which
creates the disorder. For example food items prepared from milk may sometimes
cause stomach disorder. This disorder can
be cured by consumption of curd prepared from the milk itself. Therapeutic use of a poison
can cure diseases created in our body by the poisonous material and so on. In a
similar way the activities we perform to fulfill our selfish desires create
bondage. We become bound to enjoy the outcome of each and every deed we
perform for fulfillment of our own desires. By performance of good deeds we enjoy
happiness and by performing bad deeds
we invite sorrow. But since all are bound to enjoy both the happiness and sorrow
according to the works they perform, the outcome of both types of deeds is the cause of bondage only. Also, if one’s body ends before enjoyment of the fruits of his actions,
then he has to take rebirth in another body for those enjoyments and there is
no end of this birth and death cycle . So the bondage can be called a kind of
disease created by our actions. Now, with the analogy cited above, the Bhagavata
intends to make it clear that the disease or bondage created by our actions
can be cured by performance of action only. It is told that when the activities
of a man are dedicated to the service of the God Almighty, the same activities
which are supposed to be the cause of his perpetual bondage become weapons to free him from all kinds of
bondage. As long as the desire for enjoyment of the outcome of works is there, one has to continue his movements in unending birth and death cycle and
enjoy happiness and sorrow according to the nature of his works. This desire of
enjoyment of the fruits of works performed may be
converted to the desire for serving the mission of the God Almighty. By doing so, one’s activities are converted
into karma-yoga or the way by which one can attain spiritual perfection while performing
the activities for which he has a natural tendency. The Satra Institutions established by Guru Harideva and his followers brought these types of teachings
of Bhagavata into practical application for spiritual education of common
people. (to be continued)
ভাগৱতত কোৱা হৈছে যে কিছুমান খাদ্যই আমাৰ শৰীৰ অসুস্থ কৰে ।এনে খাদ্যই আমাৰ শৰীৰত যি ৰোগ সৃষ্টি কৰে তাক সেই একে খাদ্যবস্তুৰ পৰা প্ৰস্তুত কৰা ঔষধ ব্যৱহাৰ কৰি আৰোগ্য কৰিব পাৰি । উদাহৰণ স্বৰূপে গাখীৰৰ পৰা তৈয়াৰ কৰা কোনো খাদ্য খাই পেটৰ অসুখ হ’লে গাখীৰৰ পৰাই প্ৰস্তুত কৰা দৈ খালে আৰোগ্য হয় । বিষৰ পৰা প্ৰস্তুত কৰা ঔষধৰ দ্বাৰা শৰীৰত উৎপত্তি হোৱা বিষক্ৰিয়াৰ নিৰাময় হয় ইত্যাদি। একেদৰে আমাৰ নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে আমি যিবিলাক কাম কৰি থাকো সেই কৰ্মৰ পৰা বন্ধন সৃষ্টি হয় ।নিজৰ কামনা বাসনা পূৰণৰ বাবে কৰা প্ৰত্যেকটো কৰ্মৰ ফল ভোগ কৰাৰ বাবে আমি বাধ্য হওঁ ।ভাল কামৰ কৰিলে তাৰ ফল হিচাপে আমি সুখ ভোগ কৰিব লাগে আৰু বেয়া কাম কৰিলে দুখ ভোগ কৰিব লাগে। যিহেতু নিজৰ কৰ্ম অনুসৰি সুখ বা দুখ ভোগ কৰাৰ বাবে আমি বাধ্য হ’ব লাগে সেয়েহে শাস্ত্ৰত এই শুভ আৰু অশুভ দুয়োবিধ ফলকে বন্ধন বুলি কোৱা হৈছে ।আকৌ নিজে কৰা কামৰ ফল ভোগ কৰাৰ আগতে যদি কাৰোবাৰ বৰ্ত্তমান শৰীৰ ধ্বংস হয় অৰ্থাৎ মৃত্যু হয় তেন্তে তেওঁ সেই ফল ভোগ কৰাৰ বাবে অন্য এটা শৰীৰ গ্ৰহণ কৰি পুনৰ্জন্ম ল’ব লগীয়া হয় আৰু জন্ম মৃত্যুৰ এই পাক চক্ৰৰ কোনো অন্ত নাথাকে । গতিকে বন্ধন আমাৰ কৰ্মৰ ফলত সৃষ্টি হোৱা একপ্ৰকাৰ ৰোগ বুলি ক’ব পাৰি। ওপৰত উল্লেখ কৰা উপমাৰ সহায়ত ভাগৱতে এই কথা স্পষ্ট কৰি দিছে যে কৰ্মই যি বন্ধন সৃষ্টি কৰে সেই বন্ধনৰ পৰা কৰ্মৰ দ্বাৰাই মুক্তি লাভ কৰিব পাৰি। কোৱা হৈছে যে মানুহৰ কৰ্ম যেতিয়া পৰমেশ্বৰৰ সেৱাত নিযুক্ত হয় তেতিয়া বন্ধন সৃষ্টিৰ সম্ভাৱনা থকা কৰ্মই মানুহক সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্ত কৰিব পাৰে ।যেতিয়ালৈকে কৰ্মৰ পৰা উৎপন্ন ফল ভোগ কৰাৰ স্পৃহা থাকে তেতিয়ালৈকে মানুহে অসংখ্য বাৰ জন্ম গ্ৰহণ আৰু মৃত্যু বৰণ কৰি সুখ আৰু দুখ ভোগ কৰি থাকিবলৈ বাধ্য হয় । কিন্তু কৰ্ম কৰি তাৰ ফল ভোগ কৰাৰ বাবে মানুহৰ যি স্বাভাৱিক স্পৃহা থাকে তাক পৰমেশ্বৰ আৰু তেওঁ সৃষ্টিৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ স্পৃহালৈ ৰূপান্তৰিত কৰা সম্ভৱ।এনে কৰিব পাৰিলে মানুহে অহৰহ কৰি থকা সাধাৰণ কৰ্মও কৰ্মযোগত পৰিণত হয় অৰ্থাৎ নিজৰ প্ৰকৃতি অনুসৰি যি কৰ্ম স্বাভাৱিকভাৱে কৰি থকা হয় তাকে কৰিও মানুহে পাৰমাৰ্থিক জীৱনৰ পূৰ্ণতা লাভ কৰিব পাৰে । হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে স্থাপন কৰা সত্ৰসমুহত ভাগৱতৰ এই ধৰণৰ শিক্ষাসমুহৰ ব্যৱহাৰিক প্ৰয়োগ কৰি জনসাধাৰণক পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰা হৈছিল। (আগলৈ)
No comments:
Post a Comment