In our day to day life we always face many desirable and undesirable things and happenings. We accept the desirable things happily and try to avoid the undesirable things and happenings. In Bhagavdgita it is told that the self realized persons or Jivanmukta Purushas never become happy or unhappy with anything that comes into their life or that goes away from them. They know that everything in this world is transient and so they never think about the reason of coming in and going out of anything from their lives. General ignorant people notice those uncommon behaviors of the Jivanmukta Purusahas and consider them to be either lazy or mentally abnormal persons. But that is not true. Those people are very much powerful and active. But their way of working is different from that of common people. They need not do their works by movement of their hands, feet or other physical organs like us. Those people can work with the power of their thoughts. Their thoughts generate tremendous power and radiation of that thought power makes other people willing to work according to their will. We can say that their way of working is similar to that of God in some respect. In Bhagavdgita Lord Krishna said that he has hands, feet, eyes, heads, mouths, ears etc every where , that is, he works with all organs of knowledge and action available with all beings in the creation.In a similar way the radiation of the power generated by the thoughts of a Jivanmukta Purusha can influence other people to do works as per his will. To understand this we can take example of the Sun. The only thing done by the sun is that it rises in the east and sets in the west. When the Sun rises we become active automatically. In this example, we see that nothing more than Sun’s presence is needed to make us active. In a similar way the presence of a Jivanmukta Purusha is needed to make people spiritually active. The radiations of the spiritual thought power generated in a Jivanmukta Purusha make people automatically attracted towards spiritual life. Then it becomes the duty of a Jivanmukta Purusha to show the correct path to them. We already mentioned that Guru Harideva was engaged in educating common people in spiritual and allied fields for more than hundred years after establishment of his Satra without any clash with anybody.The reason behind it is that he was a Jivanmukta Purusha with characteristics described above. His presence itself used to influence people’s minds and made them interested to accept his teachings . After that only Guru Harideva showed them the correct path of true spiritual life through his Satra Institutions. (to be continued)
দৈনন্দিন জীৱনত আমি অনেক প্ৰিয় আৰু অপ্ৰিয় বস্তু আৰু ঘটনাৰ মুখামুখী হ’ব লগীয় হয় ।
প্ৰিয় বস্তু পালে বা প্ৰিয় ঘটনা ঘটিলে আমি তাক আনন্দ মনেৰে গ্ৰহণ কৰো আৰু অপ্ৰিয় ঘটনা বা বস্তুৰ পৰা আঁতৰত থকাৰ চেষ্টা কৰো।
ভগৱদ্গীতাত কোৱা হৈছে যে আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষে তেওঁলোকৰ জীৱনলৈ অহা বা জীৱনৰ পৰা আঁতৰি যোৱা একো ঘটনা বা বস্তুৰ বাবে আনন্দিতও নহয় আৰু বিষাদো নকৰে ।
তেওঁলোকে জানে যে জগতৰ সমস্ত বস্তু নিত্য পৰিবৰ্ত্তনশীল আৰু সেই কাৰণে তেওঁলোকে নিজৰ জীৱনলৈ অহা আৰু জীৱনৰ পৰা আঁতৰি যোৱা একো বিষয়-বস্তু বা ঘটনাৰ কাৰণ বিচাৰি হাবাথুৰি নাখায় । সাধাৰণ মানুহৰ দৃষ্টিত তেওঁলোকৰ এনে আচৰণ অস্বাভাৱিক যেন লাগে আৰু সেই কাৰণে অজ্ঞ লোকে তেওঁলোকক অতি অলস প্ৰকৃতিৰ ব্যক্তি বা মানসিক বিকাৰগ্ৰস্ত ব্যক্তি বুলিও ভাৱে।
কিন্তু এই কথা সত্য নহয় ।এই সকল অতি শক্তিশালী আৰু কৰ্মপৰায়ণ ব্যক্তি ।কেৱল তেওঁলোকৰ কৰ্ম কৰাৰ পদ্ধতি সাধাৰণ মানুহৰ কৰ্মপদ্ধতিৰ সৈতে নিমিলে।তেওঁলোকে আমাৰ দৰে হাত , ভৰি বা অন্যান্য অঙ্গ-প্ৰত্যঙ্গৰ দ্বাৰা কাম নকৰে ।
শাস্ত্ৰত কোৱা হৈছে যে এই সকল লোকে নিজৰ চিন্তা শক্তিৰ দ্বাৰা কাম কৰিব পাৰে।জীৱন্মুক্ত পুৰুষৰ চিন্তাৰ মাধ্যমত প্ৰচণ্ড শক্তিৰ উৎপত্তি হয় আৰু এই চিন্তা শক্তিৰ বিকীৰণৰ প্ৰভাৱত সাধাৰণ লোকে তেওঁলোকৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ ইচ্ছুক হয় । তেওঁলোকৰ কাম কৰাৰ প্ৰণালীৰ সৈতে ভগৱানৰ কাম কৰাৰ প্ৰণালীৰ কিছু মিল আছে বুলি ক’ব পাৰি ।
ভগৱদ্গীতাত ভগৱান কৃষ্ণই কৈছে যে সৰ্বত্ৰতে তেওঁৰ হাত,ভৰি, চকু , কাণ,নাক,মুখ ইত্যাদি আছে অৰ্থাৎ ভগৱানে সৃষ্টিৰ সকলো জীৱৰ কৰ্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয়ৰ মাধ্যমত কাম কৰে ।একেদৰে জীৱন্মুক্ত পুৰুষেও চিন্তা শক্তিৰ দ্বাৰা অন্য মানুহক তেওঁৰ ইচ্ছা অনুসৰি কাম কৰিবৰ বাবে প্ৰভাৱিত কৰিব পাৰে।কথাখিনি বুজাৰ বাবে আমি সূৰ্যৰ উদাহৰণ ল’ব পাৰো ।
সূৰ্যই ৰাতি পুৱা পূৱফালে উদয় হোৱা আৰু সন্ধিয়া পশ্চিমত অস্ত যোৱাত বাদে আন একো নকৰে।
সূৰ্য উদয় হোৱাৰ লগে লগে আমি নিজে নিজে কৰ্মব্যস্ত হৈ পৰো ।ইয়াত দেখা যায় আমাক কৰ্মত ব্যস্ত কৰাৰ বাবে সূৰ্যৰ উপস্থিতিৰ বাহিৰে অন্য একোৰে প্ৰয়োজন নহয় ।
একেদৰে মানুহক পাৰমাৰ্থিক বিষয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে জীৱন্মুক্ত পুৰুষৰ উপস্থিতিয়ে যথেষ্ট হয়।
জীৱন্মুক্ত পুৰুষে বিকীৰণ কৰা পাৰমাৰ্থিক চিন্তা শক্তিৰ প্ৰভাৱত মানুহ পাৰমাৰ্থিক জ্ঞান লাভ কৰাৰ বাবে নিজে নিজে আগ্ৰহী হয় ।তাৰ পিছত জীৱন্মুক্ত পুৰুষে গুৰুৰ কৰ্ত্তব্য পালন কৰি তেওঁলোকক শুদ্ধ পথ প্ৰদৰ্শন কৰে। আগৰ
লিখনিত কোৱা হৈছে যে হৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰাৰ পিছত এশ বছৰৰো অধিক কাল পাৰমাৰ্থিক বিষয় আৰু তাৰ সৈতে সংঙ্গতি পূৰ্ণ সাংসাৰিক জীৱন যাপন কৰাৰ শিক্ষা জনসাধাৰণ দিছিল । এই সুদীৰ্ঘ কালৰ ভিতৰত তেওঁ কাৰো পৰা একো বিৰোধ বা বাধা পোৱা নাছিল । ইয়াৰ কাৰণ হৈছে হৰিদেৱ গুৰুজনা ওপৰোক্ত প্ৰকাৰৰ গুণ-বৈশিষ্ট সম্পন্ন জীৱন্মুক্ত মহাপুৰুষ আছিল ।
তেওঁৰ উপস্থিতিৰ প্ৰভাৱতে সাধাৰণ লোকৰ মন পাৰমাৰ্থিক জীৱন যাপন কৰাৰ বাবে আগ্ৰহান্বিত
হৈছিল
আৰু গুৰুজনাই সত্ৰৰ মাধ্যমত এই সকল আগ্ৰহী লোকক শুদ্ধ পথ প্ৰদৰ্শন কৰিছিল।(আগলৈ)
No comments:
Post a Comment