Guru Harideva
was a self realized personality, a Jivanmukta Mahapurusha and to understand him
properly it is necessary to study the life stories of the Jivanmukta Purushas
described in the Bhagavata. Scriptures tell that Jivanmukta purushas are also
bound to perform activities according to their past deeds. They are to enjoy
happiness and sorrow in their life in the same way as an ordinary human being
till they are alive in the current body mind complex. However, the ideals of
their lives and activities differ from that of ordinary human beings. Jivanmukta
Purushas perform their works with proper knowledge of bondage and liberation.
Also, they accept whatever happiness and sorrow come to their life with
equanimity . So, nothing from the activities of their present life become
cause of anxiety in their present life and also the cause of subsequent rebirth.
Ordinary people like us do our works with expectation of results, we feel
happiness when our expectations are fulfilled and feel sorry if the expected
results from our works are not achieved. Scriptures tell that such reactions
generated in our minds are the causes of anxiety in our present life and
subsequent rebirth. Jivanmukta Purushas have no anxiety and rebirth because of
absence of any
expectation and subsequent reaction. In
the scriptures there are many examples of Jivanmukta Purushas like Vyasadeva,
Sukadeva, Janaka and so on. If we go
through their stores as depicted in the Bhagavata we can find that all of them had
undergone sufferings of one kind or other in their lives. All of them accepted
happiness and sorrow faced in their lives with equanimity. Scriptures even
describe sufferings of Lord Rama , Lord Krishna and other incarnations of God
in human form to make common human beings bold enough to face the adversities in
their lives and go on performing their activities in accordance with the advises
of the Vedic scriptures and without expectation of anything in return. Through his
Satra Institutions Guru Harideva brought those teachings from Bhagavata to the
reach of common people. Like other Jivanmukta Purushas Guru Harideva also had
to face many adverse situations. Happiness and sorrow came to his life also. He
accepted everything with equanimity which is natural to a Jivanmukta Purusha and for that reason he had no clash anywhere
and at any time with anybody during his long life time of more than hundred
years after establishment of Satra Institution. Thus in addition to the
scriptural knowledge imparted, he also practically showed common people the way
of living ideal human life conducive to spiritual development. (to be
continued)
হৰিদেৱ
গুৰুজনা
আত্মজ্ঞানী জীৱন্মুক্ত
মহাপুৰুষ
আছিল। তেওঁৰ
জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে শুদ্ধভাৱে জানিবৰ বাবে ভাগৱত আদি শাস্ত্ৰত
বৰ্ণনা কৰা জীৱন্মুক্ত
মহাপুৰুষ
সকলৰ জীৱন চৰিত্ৰ অধ্যয়ন কৰা প্ৰয়োজন।শাস্ত্ৰত কোৱা
হৈছে
যে
জীৱন্মুক্ত
পুৰুষেও
অতীতত
কৰা
কৰ্মৰ
ফল
অনুসৰি
বৰ্ত্তমান
জন্মত
কৰ্ম
কৰিবলৈ
বাধ্য
হয়
।যেতিয়ালৈকে বৰ্ত্তমানৰ
শৰীৰ
জীৱিত
হৈ
থাকে
তেতিয়ালৈকে
তেওঁলোকে
সাধাৰণ
মানুহৰ
দৰেই
কৰ্মৰ
পৰা
উৎপন্ন
সুখ আৰু দুখ
ভোগ
কৰিব
লাগে
।কিন্তু এই
বিষয়ত
সাধাৰণ
মানুহৰ
সৈতে
তেওঁলোকৰ
কিছু
পাৰ্থক্য
আছে
।জীৱন্মুক্ত পুৰুষে
কৰ্মৰ
পৰা
হ’ব
পৰা
বন্ধন
আৰু
মুক্তিৰ
বিষয়ে
পৰিপূৰ্ণ
জ্ঞান
লাভ
কৰাৰ
পিছতহে কৰ্ম কৰে
।তদুপৰি তেওঁলোকে
কৰ্মৰ
পৰা
উৎপন্ন
সুখ
আৰু
দুখ
উভয়কে
সমান
ভাৱে
গ্ৰহণ
কৰে
। সেই
কাৰণে
জীৱন্মুক্তি
লাভ
কৰাৰ
পিছৰ
অৱস্থাত
কৰা
কোনো
কৰ্মৰ ফলত তেওঁলোকে অশান্তি পাব লগীয়া নহয়
আৰু কৰ্ম তেওঁলোকৰ বাবে পুনৰ্জন্মৰ
কাৰণ
হ’ব
নোৱাৰে
। কিন্তু
আমাৰ
দৰে
সাধাৰণ
মানুহে কৰ্ম কৰি
তাৰ
পৰা
ফল
পাবলৈ
আশা
কৰো। মনৰ
আশা
পূৰণ
হ'লে
আনন্দ
অনুভৱ
কৰো
আৰু
আশা
কৰা
ধৰণে
ফল
নাপালে
মনোকষ্ট
হয়
। শাস্ত্ৰত
কোৱা
হৈছে
যে
মনত
উৎপন্ন
হোৱা
এনে
ধৰণৰ
প্ৰতিক্ৰিয়া
সমুহৰ
বাবে
আমি কৰ্ম বন্ধনত আৱদ্ধ হওঁ আৰু আমাৰ
পুনৰ্জন্ম
হয়। আনহাতে
একো
আকাংক্ষা
নথকা
হেতুকে
জীৱন্মুক্ত
পুৰুষৰ
মনত
কোনো ধৰণৰ
একো
প্ৰতিক্ৰিয়া
নহয়
আৰু
সেই কাৰণে
তেওঁলোকৰ
বৰ্ত্তমান জন্মত মানসিক অশান্তি বা পিছৰ কালত পুনৰ্জন্ম
নহয়
।ভাগৱত শাস্ত্ৰত
ব্যাসদেৱ, শুকদেৱ
,
জনক
আদিকে
ধৰি
অনেক
জীৱন্মুক্ত
পুৰুষৰ
কথা
কোৱা
হৈছে
।ভাগৱতৰ বৰ্ণনা
পঢ়ি
চালে
আমি
জানিব
পাৰো
যে
এই
সকল
মহাপুৰুষেও
জীৱনত
অনেক
ঘাত-প্ৰতিঘাতৰ
সন্মুখীন
হৈছিল
।এই
সকল
মহাপুৰুষে
তেওঁলোকৰ
জীৱনলৈ
অহা
সুখ
আৰু
দুখ
সমভাৱে
গ্ৰহণ
কৰিছিল
।
শাস্ত্ৰত আনকি
ভগৱান
ৰাম
,
ভগৱান
কৃষ্ণ
আৰু ভগৱানৰ অন্যান্য
নৰৰূপী
অৱতাৰ
সকলে
ভোগ
কৰা
দুখ
দুৰ্দশা
আৰু
কৰ্মৰাজিৰ
বৰ্ণনাও
কৰা
হৈছে। শাস্ত্ৰৰ
এই
বিলাক
বৰ্ণনাৰ
দ্বাৰা
সাধাৰণ
লোকক
সাহসেৰে সকলো বাধা বিপত্তি নেওচি বৈদিক শাস্ত্ৰৰ বিধান অনুসৰি আৰু একো বিনিময় নিবিচৰাকৈ নিষ্কাম ভাৱে কৰ্ম কৰাৰ প্ৰেৰণা দিয়া হৈছে ।সত্ৰৰ জৰিয়তে হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ এনে উচ্চ স্তৰৰ জ্ঞান সাধাৰণ জনতাৰ দৈনন্দিন জীৱনৰ মাজলৈ আনি দিছিল । অন্য জীৱন্মুক্ত পুৰুষৰ দৰে গুৰুজনাইও অনেক বিষম পৰিস্থিতিৰ সন্মুখীন হৈছিল, তেওঁৰ জীৱনলৈও সুখ আৰু দুখ আহিছিল ।কিন্তু তেওঁ এই সমস্তকে সমভাৱে গ্ৰহণ কৰিছিল আৰু এনে সৰ্বত্ৰ
সমদৃষ্টি জীৱন্মুক্ত পুৰুষৰ স্বভাৱ । হৰিদেৱ গুৰুজনাই সত্ৰ
স্থাপন কৰাৰ পিছত এশ বছৰৰো অধিক কাল জীৱিত আছিল।
জীৱন্মুক্ত
পুৰুষৰ স্বভাৱ অনুসৰি সমস্তৰে প্ৰতি সমদৃষ্টি ৰাখি চলিছিল কাৰণে গুৰুজনাই সুদীৰ্ঘ জীৱন পৰিক্ৰমাৰ ভিতৰত কেতিয়াও, কোনো বিষয়তে আৰু কাৰো সৈতে কোনো সংঘৰ্ষ বা মনোমালিন্যত লিপ্ত হোৱাৰ উদাহৰণ নাই।এনেদৰে হৰিদেৱ গুৰুজনাই জনসাধাৰণক শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰাৰ ওপৰঞ্চিভাৱে ব্যৱহাৰিক ৰূপত পাৰমাৰ্থিক উন্নতি লাভৰ বাবে উপযোগী জীৱন যাপন কৰাৰ আৰ্হি দেখুৱাই থৈ গৈছে।(আগলৈ)
No comments:
Post a Comment