Sunday, 24 January 2021

The “Satra” Institution of Guru Harideva-44(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৪৪)

 

Common ignorant people can not get clear idea of anything by listening the theoretical advises from the scriptures or knowledgeable persons. So, in Bhagavata and other Vedic scriptures the knowledge of the Vedas is distributed by means of description of the life stories of people. Through those stories both the Karma, that is, the works to be performed by people and Bikarma, that is, the works not to be performed are pointed out clearly and the positive and negative results of those are also demonstrated. With that, common people can easily understand the lessons intended to be given by the Vedas. Now, the Jivanmukta Purushas are not common people. They are self realized  soul  free from all worldly activities.It is not essential for  Jivanmukta Mahapurushas or great teachers of mankind to earn knowledge like the common people. They are not bound to follow scriptural rules and regulations regarding Karma and Bikarma in their day to day life. They can use their free will power and do whatever they feel to be essential for the welfare of mankind and the creation as a whole.  But in spite of that,  the Jivanmukta Purushas are kind enough to help common people interested in material activities  to find out the path of spiritual perfection without abandoning their duties as a householder. They do it by practical demonstration through their own life. For that purpose they strictly follow the teachings of the Vedic scriptures in their day to day life. Thus they make the the teachings of the Vedas easier for the common people to understand. While doing so, they  sincerely study of the social, economical, cultural, educational, and all other prevailing conditions of the people and also the location and surroundings etc of the society during their time. Then they make suitable programs for the benefit of the people of that particular society. Guru Harideva was also a Jivanmukta Yogasiddha Mahapurusha, that is , a self realized personality  with all  characteristics  mentioned above. From his very young age Guru Harideva witnessed the sufferings of the common people and was very much sympathetic towards them. At that time itself he decided to do something for their welfare. Then after serious performance of spiritual practice for long ten years he  came back to Assam  as a Jivanmukta Mahapurusa, that is, a person with tremendous will power and served those people . He started his mission by establishment of Satra Institutions and showed common people the ways of development of spiritual life and the well-being of material life together through the teachings of  the Bhagavata .(to be continued)

অজ্ঞানী সাধাৰণ লোকে শাস্ত্ৰ বা জ্ঞানী ব্যক্তিৰ উপদেশ শুনি একো কথা স্পষ্টভাৱে বুজি নাপায় সেই কাৰণে ভাগৱতকে ধৰি অন্যান্য বৈদিক শাস্ত্ৰত কিছুমান লোকৰ জীৱন চৰিত্ৰৰ আলম লৈ গল্পৰ আকাৰত বেদজ্ঞান বিলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে কাহিনীবিলাকৰ জৰিয়তে মানুহক কৰ্ম অৰ্থা শাস্ত্ৰৰ বিধান মতে  কি  কাম কৰা উচিত আৰু বিকৰ্ম অৰ্থা শাস্ত্ৰই কোনবিলাক কাম নিষিদ্ধ বা গৰ্হিত বুলি কৈছে তাক স্পষ্টভাৱে বুজাই দিয়া হৈছে ইয়াৰ লগতে কৰ্মৰ পৰা পোৱা শুভফল বা সুখ আৰু বিকৰ্মৰ পৰা উদ্ভৱ হোৱা অশুভ ফল বা দুখ কিদৰে ভোগ কৰিব লগা হয় তাকো দেখুৱাই দিয়া হৈছেসাধৰণ মানুহে এই বিলাকৰ পৰা বেদত প্ৰকৃততে কি উপদেশ দিয়া হৈছে তাক সহজতে বুজিব পাৰে যিসকল জীৱন্মুক্ত পুৰুষ তেওঁলোক সাধাৰণ মানুহৰ শাৰীত নপৰে জীৱন্মুক্ত মহাপুৰুষ সকল বা মানৱ সমাজৰ মহান শিক্ষক সকলে সাধৰণ মানুহৰ দৰে শাস্ত্ৰৰ পৰা  শিক্ষা আহৰণ কৰাৰ প্ৰয়োজন নাথাকে কৰ্ম ,বিকৰ্ম ইত্যাদি বিষয়ত শাস্ত্ৰৰ বিধি নিষেধ মানি চলিবলৈও তেওঁলোকৰ কোনো বাধ্য-বাধকতা থাকিব নোৱাৰে এই সকল মহাপুৰুষে  মানৱ সমাজৰ লগতে সমস্ত সৃষ্টিৰ মঙ্গলৰ অৰ্থে যি কাম কৰা উচিত বুলি বিবেচনা কৰে তাকে নিজৰ স্বাধীন ইচ্ছাশক্তিৰ প্ৰয়োগৰ দ্বাৰা কৰিব পাৰে তথাপিও ভাগৱত শাস্ত্ৰত এনে কিছুসংখ্যক জীৱন্মুক্ত পুৰুষৰ কথা কোৱা হৈছে যিসকলে নিজৰ অন্তৰৰ দয়া গুণৰ দ্বাৰা প্ৰভাৱিত হৈ সাংসাৰিক কৰ্মত আসক্ত সাধাৰণ জনতাক বৈষয়ি কাম পৰিত্যাগ নকৰাকৈও কিদৰে পাৰমাৰ্থিক পথত আগবাঢ়ি যাব পাৰি তাৰ পথ প্ৰদৰ্শন কৰে। এই কাম তেওঁলোকে নিজৰ জীৱনৰ শৈলীৰ মাধ্যমত  ব্যৱহাৰিক ভাৱে কৰি দেখুৱায় তাৰ বাবে তেওঁলোকে নিজৰ দৈনন্দিন জীৱনৰ সকলো কামতে শাস্ত্ৰৰ নিৰ্দেশ কঠোৰভাৱে মানি চলে আৰু ইয়াকে দেখি সাধাৰণ মানুহে শাস্ত্ৰত কি কোৱা হৈছে তাক স্পষ্টভাৱে বুজি পায় ই কাম কৰাৰ আগতে তেওঁলোকে সেই সময়ৰ সমাজৰ মানুহৰ সামাজিক , অৰ্থনৈতিক , সাংস্কৃতিক , শৈক্ষিক , ভৌগোলিক আৰু পাৰিপাৰ্শ্বিক ইত্যাদি সম্ভৱপৰ সকলো অৱস্থাৰ বিষয়ে অধ্যয়ন কৰে তাৰ পিছত সেই বিশেষ সমাজখনৰ প্ৰয়োজন অনুসৰি আদৰ্শ প্ৰস্তুত কৰি নিজৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে হৰিদেৱ গুৰুজনাও এজন জীৱন্মুক্ত যোগসিদ্ধ মহাপুৰুষ আছিল অৰ্থাৎ আমি ওপৰত উল্লেখ কৰি অহা সকলো গুণ-মাহাত্ম্যৰ অধিকাৰী আত্মজ্ঞানী  পুৰুষ আছি  কম বয়সৰ পৰাই তেওঁ অসমৰ সাধাৰণ জনতাৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি নিজে দুখবোধ কৰিছিল আৰু তেওঁলোকৰ প্ৰতি অত্যন্ত সহানুভূতিশীল আছিল সেই সময়তে তেওঁ এইসকল লোকৰ দুৰ্দশা মোচনৰ বাবে কিবা এটা কৰাৰ বাবে দৃঢ়সংকল্প লৈছিল সে সংকল্প মনত ৰাখিয়ে তেওঁ সুদীৰ্ঘ দহ বছৰ কাল সাধনাৰ অন্তত জীৱন্মুক্ত মহাপুৰুষ হিচাপে অত্যন্ত শক্তিশালী ৰূপত অসমলৈ ঘুৰি আহিছিল আৰু  ভাগৱত শাস্ত্ৰৰ পৰা আৰ্হি গ্ৰহণ কৰি নিজৰ জীৱন শৈলী আৰু কৰ্মৰাজিৰ মাধ্যমত অসমৰ জনসাধাৰণক বৈষয়িক আৰু পাৰমাৰ্থিক উভয় প্ৰকাৰৰ উন্নতি সাধনৰ বাবে জ্ঞান আৰু ব্যৱহাৰিক শিক্ষা দিয়াৰ উদ্দেশ্যে সত্ৰানুষ্ঠান স্থাপন কৰিছিল(আগলৈ)

No comments:

Post a Comment