In human society a small section of people is said to be the liberated soul living in this world in human body just to spend the accumulated outcome of their past deeds. In scriptural language they are called Jivanmukta Purusha or Tatwajnani Purusha, or Yoga Siddha Purusha or Mahapurusha and like that. All of them are self realized personalities or Atmajnani Purushas. They are full of spiritual knowledge and are said to be the living incarnation of virtue moving in this material world for the purpose of educating common people. We, the general people are bound to do our works as destined by our past deeds and enjoy happiness and sorrow generated by those deeds. When something favorable comes to our life we sing, dance, arrange parties and do many other things to express our joy. Similarly when some adverse situation arises in our life we cry, blame other people for those adversities, express intolerance towards those situations of life and so on. But the Jivanmukta Purushas stated above know that the happiness and sorrow encountered in their lives are their own earnings from their past deeds . They are bound to spend all those earnings in their present life itself and enjoy the fruits in terms of happiness and sorrow with the current body mind complex.So, they accepts each and every situation faced in their life peacefully and enjoy both happiness and sorrow equally. Scriptures tell that ordinary people like us have reaction or feeling of happiness and sorrow about the happenings that occur in our life. Hence we become bound to enjoy the results of those reactions in the current or future lives. But no reaction of any kind about anything of this world can disturb the minds of theJivanmukta Purushas . So they can do anything whatever they want with free will power during their lifetime after attainment of Jivanmukti. Also the works performed by a jivanmukta Purusha can not create any further bondage for his future enjoyments. In Bhagavata there are descriptions of the life stories and activities of some of the Jivanmukta Purushas. From those stories we can learn that the life styles and activities of different Jivanmukta Purusha differ due to different situati of Guru Haridevaon of their past and present lives. Guru Harideva was also a personality of this category, that is, he was a Jivanmukta Purusha or Mahapurusha. So unless we go through the life stories of other Jivanmukta Purushas described in the Bhagavata it is not possible to understand the philosophy of life, activities, teachings and also the principle and prime aim of the Satra Institutions of Guru Harideva . (to be continued)
শাস্ত্ৰত কোৱা হৈছে যে মানৱ সমাজত অতি অলপ সংখ্যক লোকৰ আত্মাই মুক্তিলাভ কৰাৰ পিছতো শৰীৰ ধাৰণ কৰি মুক্তি লাভৰ আগতে কৰা অতীত কৰ্মৰ ফল ভোগ কৰি থাকে।শাস্ত্ৰৰ ভাষাত এই সকল লোকক জীৱন্মুক্ত পুৰুষ বা তত্বজ্ঞানী পুৰুষ বা যোগসিদ্ধ পুৰুষ বা মহাপুৰুষ আদি বিভিন্ন বিভূষণৰ দ্বাৰা বুজোৱা হয় । এই সকলোবিলাকেই আত্মজ্ঞান সম্পন্ন ব্যক্তিত্ব । এই সকল মহাত্মাই পাৰমাৰ্থিক জ্ঞানৰ পূৰ্ণতা লাভ কৰাৰ পিছত ধৰ্মৰ মূৰ্ত্তিমান ৰূপ ধৰি লোকশিক্ষাৰ
অৰ্থে
ইহসংসাৰৰ সাধাৰণ মানুহৰ মাজত থাকে বা বিচৰণ কৰি ফুৰে বুলি কোৱা হৈছে । আমাৰ দৰে সাধাৰণ মানুহে কৰ্মৰ অমোঘ বিধান অনুসৰি পূৰ্বতে কৰি অহা কৰ্মই যিদৰে
পৰিচালনা কৰে ঠিক সেইদৰে কাম কৰিবলৈ বাধ্য হওঁ আৰু সেই কৰ্ম অনুসৰি সুখ বা দুখ ভোগ কৰো । যেতিয়া আমাৰ জীৱনলৈ সুখ আহে তেতিয়া আমি আনন্দতে গান গাওঁ ,নাচো , উৎসৱ পাতো আৰু অন্যান্য অনেক প্ৰকাৰে মনৰ আনন্দ প্ৰকাশ কৰো । আকৌ যেতিয়া কিবা কষ্টকৰ অৱস্থাৰ সন্মুখীন হ’ব লগীয়া হয় তেতিয়া আমি কান্দো , নিজৰ দুৰৱস্থাৰ বাবে অন্যক দোষাৰোপ কৰো,
দুখপূৰ্ণ অৱস্থাৰ প্ৰতি অসহিষ্ণুতা প্ৰকাশ কৰো ইত্যাদি ।কিন্তু ওপৰত উল্লেখ কৰা জীৱন্মুক্ত পুৰুষে ভালদৰে বুজে যে তেওঁলোকৰ জীৱনলৈ অহা সুখকৰ বা দুখকৰ উভয় অৱস্থাই পূৰ্বতে কৰি অহা নিজৰ কৰ্মৰ জৰিয়তে নিজে আৰ্জি লোৱা বস্তু ।বৰ্ত্তমানৰ শৰীৰ আৰু মন কাৰ্যকৰী হৈ থকা সময়ৰ ভিতৰতে তেওঁলোকে নিজৰ সেই অৰ্জনৰ ফল ভোগ কৰাৰ বাবে বাধ্য । সেই কাৰণে তেওঁলোকে জীৱনত সন্মুখীন হোৱা সকলো পৰিস্থিতিকে নিজৰ প্ৰাপ্য বুলি মানি লয় আৰু তাৰ পৰা উৎপন্ন সুখভোগ আৰু দুখভোগ উভয়কে সমভাৱে গ্ৰহণ কৰে । শাস্ত্ৰত কোৱা হৈছে যে জগতৰ বস্তুসমুহ আৰু জীৱনত অহৰ্নিশে ঘটি থকা ঘটনাসমুহে আমাৰ দৰে সাধাৰণ মানুহৰ মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু সেই প্ৰতিক্ৰিয়াৰ পৰা উৎপন্ন ফল আমি বৰ্ত্তমান জন্ম বা পৰবৰ্ত্তী জন্মত ভোগ কৰিবলৈ বাধ্য হওঁ।কিন্তু জগতৰ একো বস্তু বা কোনো ঘটনাই জীৱন্মুক্ত পুৰুষৰ মনত একো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে ।
সেই কাৰণে জীৱন্মুক্ত অৱস্থা লাভ কৰাৰ পিছত তেওঁলোকে নিজৰ ইচ্ছাশক্তি প্ৰয়োগ কৰি নিজে ভাল বুলি ভবা যিকোনো কাম কৰিব পাৰে আৰু তেওঁলোকে কৰা কৰ্মই ভৱিষ্যতে কৰ্মফল ভোগ কৰিব লগা ধৰণে একো ফল সৃষ্টি নকৰে।ভাগৱত শাস্ত্ৰত এনে কিছুমান জীৱন্মুক্ত পুৰুষৰ জীৱন বৃত্তান্ত আৰু কৰ্মৰাজিৰ বৰ্ণনা কৰা হৈছে ।
এইসমুহ অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে অতীত আৰু বৰ্ত্তমান জন্মৰ পৰিস্থিতি পৃথক পৃথক হোৱা হেতুকে ভিন্ন ভিন্ন জীৱন্মুক্ত পুৰুষৰ জীৱন শৈলী আৰু কৰ্মৰাজিৰ পাৰ্থক্য থাকে।
হৰিদেৱ গুৰুজনাও এই একে শ্ৰেণীৰ ব্যক্তি অৰ্থাৎ জীৱন্মুক্ত পুৰুষ বা মহাপুৰুষ আছিল ।
সেই কাৰণে ভাগৱতত বৰ্ণনা কৰা জীৱন্মুক্ত পুৰুষ সকলৰ বিষয়ে অধ্যয়ন নকৰিলে হৰিদেৱ গুৰুজনাৰ জীৱন দৰ্শন, শিক্ষামূলক উপদেশ, কৰ্মৰাজি আৰু তেওঁৰ সত্ৰসমুহৰ মূল আদৰ্শ আৰু লক্ষ্যৰ বিষয়ে স্পষ্ট ধাৰণা কৰা সম্ভৱ নহয় ।( আগলৈ)
No comments:
Post a Comment