During 15th
century CE, that is, during the period when Gruru Harideva and the Acharyas
deputed by him established Satra Institutions in different parts of Assam,
there was no provision for allotment of land in the name of any person or
institution and collection of land revenue by the Government as at present.
Most of the lands were covered by thick forests. People used to clear the forests
and occupy very small quantities of land just sufficient for their own
residential and agricultural purposes. It is already told that the religious
heads or Satradhikars of the Satras of Guru Harideva and their family members
were very highly educated persons and they had experience of various fields of
activities. From their vast experience and knowledge, they realized the fact
that, in a place like Assam, usage of the huge quantities of land resource
abundantly available here, for increasing the agricultural and allied products
was the only way for the economic growth of the common people during that time.
So, the Satradikars and their family members encouraged the common people to
make huge areas land suitable from cultivation and other allied works. The
common people were very much respectful and obedient to the Satradhikars and
their family members. So, they started working in accordance with the instructions
and guidance of those learned people of the Satra institutions. They started occupying
more and more areas of land for expansion of their activities in agricultural
and other allied fields. In this way the economic conditions of common people
connected with the Satras started improving day by day. At the same time, as a
mark of gratitude to the Satradhikars and the Satras , those people used to
make some quantity of land cultivable for the purpose of maintenance of the
Satras. They also used to donate their services as and when required during the
cultivation of those Satra lands in the interest of the Satras. Gradually with
the involvement of more and
more people with the satras, the landed property under the control of the
Satras of Guru Harideva and the income from those properties went on
increasing. In this way with the help of common people all the Satra Institutions of Guru Harideva ran
smoothly for centuries together without acceptance of any financial favor from
the the kings or any other affluent and rich person .(to be continued)
খৃষ্টীয় পঞ্চদশ শতিকাত অৰ্থাৎ হৰিদেৱ গুৰুজনা আৰু তেওঁৰ আজ্ঞাপ্ৰাপ্ত আচাৰ্য সকলে অসমৰ বিভিন্ন স্থানত সত্ৰ প্ৰতিষ্ঠা কৰাৰ সময়ত বৰ্ত্তমান কালৰ দৰে চৰকাৰৰ ফালৰ পৰা কোনো ব্যক্তি বা অনুষ্ঠানৰ নামত ভূমি আৱণ্টন দিয়াৰ বা ভূমিৰ
ওপৰত কৰ আৰোপ কৰা ব্যৱস্থা প্ৰবৰ্ত্তন হোৱা নাছিল ।বেছিভাগ ভূমি ডাঠ হাবি বননিৰে আবৃত আছিল ।মানুহে নিজৰ সুবিধা মতে হাবি বননি পৰিষ্কাৰ কৰি অতি ক’ম পৰিমাণৰ মাটি বসতি স্থাপন আৰু কৃষি কৰ্মৰ বাবে দখল কৰি লৈছিল ।আমাৰ আগৰ লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ সত্ৰসমুহৰ মূল ধৰ্মাচাৰ্য বা সত্ৰাধিকাৰ সকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোক সকল অতি উচ্চ শিক্ষিত হোৱাৰ লগতে বিভিন্ন বৃত্তিমূলক কৰ্ম সম্পৰ্কতো অভিজ্ঞতা অৰ্জন কৰা লোক আছিল ।
নিজৰ বিশাল জ্ঞান আৰু অভিজ্ঞতাৰ পৰা তেওঁলোকে ভালদৰে বুজি পাইছিল যে সেই সময়ৰ পৰিস্থিতত অসমৰ দৰে ঠাইত এনেয়ে পৰি থকা প্ৰচুৰ ভূমি কৃষিকাৰ্য আৰু তাৰ আনুষঙ্গিক অন্যান্য উৎপাদন মূলক কৰ্মত ব্যৱহাৰ কৰাটোৱে জনসাধাৰণৰ অৰ্থনৈতিক উন্নতিৰ একমাত্ৰ পথ ।সেই কাৰণে সত্ৰাধিকাৰ সকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে সাধাৰণ ৰাইজক যিমান পাৰে অধিক পৰিমাণৰ ভূমি কৃষি আৰু আনুষঙ্গিক কৰ্মৰ বাবে ব্যৱহাৰযোগ্য কৰি উৎপাদন বৃদ্ধি কৰাৰ বাবে উদগনি দিছিল আৰু তাৰ বাবে ব্যৱহাৰিক
দিহাপৰামৰ্শ দি সহায় কৰিছিল ।সাধাৰণ জনতাই সত্ৰাধিকাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক অত্যধিক সন্মান কৰা হেতুকে তেওঁলোকৰ কথা মানি
চলিছিল আৰু
তেওঁলোকে
দিয়া
নিৰ্দেশ আৰু দিহা পৰামৰ্শ অনুসৰি কাম কৰাৰ বাবে আগ্ৰহী
আছিল। সকলো লোকে যিমান সম্ভৱ সৰহ পৰিমাণৰ ভূমি দখল কৰি কৃষি আৰু অন্যান্য আনুষঙ্গিক কামত ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল ।
ইয়াৰ ফলত সত্ৰৰ সৈতে সংযুক্ত
সাধাৰণ শ্ৰেণীৰ লোকৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নততৰ হৈ আহিছিল ।
একে সময়তে সেই সকল লোকে সত্ৰাধিকাৰ
আৰু সত্ৰ্ৰ্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শনৰ কৰাৰ অৰ্থে কিছু পৰিমাণৰ ভূমি কৃষি উপযোগী কৰি সত্ৰৰ আৰ্থিক প্ৰয়োজনৰ জোৰা মৰাৰ বাবে সত্ৰক এৰি দিছিল ।
তদুপৰি
তেওঁলোকে প্ৰয়োজন অনুসৰি শ্ৰমদান কৰি সত্ৰৰ বাবে ৰখা আছুতীয়া ভূমিত কৃষিকৰ্ম আদি কৰাত সহায়ো কৰি দিছিল।
অনুক্ৰমে সত্ৰৰ অনুগামী লোকৰ সংখ্যা বাঢ়ি যোৱাৰ সমান্তৰাল ভাৱে সত্ৰৰ অধীনলৈ অহা মাটিৰ পৰিমাণো বাঢ়ি গৈছিল আৰু সেই অনুপাতে সত্ৰসমুহৰ আয়ৰো বৃদ্ধি হৈছিল ।এনেদৰে সাধাৰণ শ্ৰেণীৰ লোক সকলৰ সহায় সহযোগত হৰিদেৱ গুৰুজনাৰ সত্ৰসমুহ অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈ উঠিছিল আৰু ৰজা বা অন্য কোনো প্ৰভাৱশালী ধনৱান লোকৰ পৰা কোনো প্ৰকাৰৰ আৰ্থিক অনুগ্ৰহ গ্ৰহণ নকৰাকৈ শতিকাৰ পিছত শতিকা ধৰি সম্পূৰ্ণ স্বাধীনভাৱে চলি আছিল ।(আগলৈ)
No comments:
Post a Comment