In the preceding
post we discussed the way through which huge areas of agricultural land came under control of the Satra institutions established by Guru Harideva and
his followers in Assam during 15th century CE. We also discussed the ways
of cultivation of those lands for the purpose of economic growth of the Satra
Institutions. Now, with the increase in income of the Satras, the Satradhikars
and their family members started implementation of various programs for
the well fare of the general public of the localities. They opened schools in
the Satra campus for imparting formal education to the children as per academic
curriculum of that time. Various developmental and educational programs in the field
of culture, art and craft, public health, social harmony, mass education etc
were taken up by inviting experts from different places under patronization of
the Satras. Those programs were taken up in
addition to the day to day religious activities of the Satras . Those programs made huge numbers of people interested in the activities of the Satra institutions. With
the increase in activities and number of followers, the volume of works of the
Satra institutions also went on increasing. However , by the time a portion of
people connected with the Satras gained sufficient
practical experiences in different activities of the Satras. Some of them became very
much attracted towards the aims, principles and working
procedures
of the Satras. They became willing to
serve the Satra institutions as full time devotees. Considering the demand of
the situations the Satradikars also divided the work load of the Satras into
several parts and distributed the responsibilities of the works among those volunteers part by part according to their intelligence and capacity. In this way people of
different categories with designations like priest; teacher; pathaka or
reciter of Bhagavata and other religious scriptures; Bharali or store keeper cum
accountant; Cook; Deuri, that is, people who prepare and distribute the Prasada or
religious offerings ; Athapariya, that is, cleaner, helper and guard of Satra institutions;
Thakuriya and Medhi,that is, Personal secretary to the Satradhikars and manager
of the overall affairs of the Satras etc were introduced into the service of the
Satras. Those people used to serve the Satra institutions without any
remuneration. But their feeding, lodging and other expenditure of personal
maintenance were born from the fund of the Satras. In this manner the financial and administrative infrastructure
of all Satra Institutions of Guru Harideva were made ready in all respects to work
for the all round development of the people of Assam during 15th
century CE. (to be continued)
হৰিদেৱ গুৰুজনা আৰু তেওঁৰ শিষ্যসকলে খৃষ্টীয় পঞ্চদশ শতিকাত অসমত স্থাপন কৰা সত্ৰসমুহৰ নিয়ন্ত্ৰণৰ অধীনলৈ প্ৰচুৰ পৰিমাণৰ কৃষিভূমি কিদৰে আহিছিল তাক ইয়াৰ পূৰ্বৰ লিখনিত কৈ অহা হৈছে। সত্ৰৰ আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ বাবে সেই ভূমিত কি উপায়েৰে কৃষি আৰু অন্যান্য উৎপাদন মূলক কাম কৰা হৈছিল তাকো কৈ অহা হৈছে ।
এনদৰে পৰিস্থিতিৰ পৰিবৰ্ত্তন হোৱাৰ লগে লগে সত্ৰৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ সৈতে সঙ্গতি ৰাখি সত্ৰাধিকাৰ সকল আৰু তেওঁলোকৰ পৰিয়ালৰ লোক সকলে জনসাধাৰণৰ উপকাৰত অহা অনেক কল্যাণমূলক কাৰ্যসূচী হাতত লোৱা আৰম্ভ কৰিছিল ।সত্ৰ চৌহদত শিশু সকলক নিয়মীয়া শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বাবে সেই সময়ৰ আনুষ্ঠনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম অনুসৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।সত্ৰৰ পৃষ্ঠপোষকতাত অনেক স্থানৰ পৰা বিজ্ঞ লোকক নিমন্ত্ৰণ কৰি আনি বিভিন্ন প্ৰকাৰৰ সংস্কৃতি , শিল্প-কলা , ভাস্কৰ্য বিদ্যা আদিৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল ।
জনস্বাস্থ্য , সামাজিক সম্প্ৰীতি , গণশিক্ষা আদি বিষয়ত বহুতো শিক্ষামূলক আৰু উন্নয়নমূলক কাম কৰা আৰম্ভ হৈছিল ।
সত্ৰৰ দৈনন্দিন ধৰ্মকাৰ্য সমুহৰ ওপৰঞ্চি ভাৱে এই সমুহ সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল ।এই কাৰ্যসূচী সমুহ হাতত লোৱাৰ ফলত বহু বেছি সংখ্যক লোক সত্ৰানুষ্ঠানৰ প্ৰতি আকৰ্ষিত হৈছিল ।
এনেদৰে কামৰ আচনি আৰু অনুগামী লোকৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত সত্ৰৰ কামৰ বোজাও অনুক্ৰমে বাঢ়ি গৈছিল ।অৱশ্যে ইয়াৰ ভিতৰতে সত্ৰৰ সৈতে সংযুক্ত হৈ থকা কিছু সংখ্যক লোকে সত্ৰৰ বিভিন্ন কাম কাজ শিকি লৈছিল । তেওঁলোকে সত্ৰৰ লক্ষ্য , উদ্দেশ্য আৰু কাৰ্যপ্ৰণালীৰ প্ৰতি আকৃষ্ট হৈ ভকত হিচপে সত্ৰতে থাকি সত্ৰৰ বাবে পূৰ্ণ কালীন সেৱা আগ বঢ়াবলৈ ইচ্ছুক হৈছিল ।
পৰিবৰ্ত্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি সত্ৰাধিকাৰ সকলেও সত্ৰৰ কাম সমুহ কেবাটাও ভাগত ভাগ ভাগ কৰি এই স্বেচ্ছাসেৱক সকলৰ জ্ঞান আৰু সমৰ্থ্য অনুসৰি একো একোটা বিভাগৰ দায়িত্ব তেওঁলোকৰ হাতত অৰ্পণ কৰিছিল ।
এনেদৰে সত্ৰসমুহত পুৰোহিত ,পাঠক , ভড়ালী , দেউৰী, আঠপৰীয়া , খাটনীয়াৰ, সুপকাৰ বা ৰান্ধনি , ঠাকুৰীয়া ,মেধি ইত্যাদি অনেক পদবীৰ সৃষ্টি কৰি সত্ৰৰ বিভিন্ন কামৰ দায়িত্ব ভগাই দিয়া হৈছিল।
এইসকল বিষয়ববীয়াই নিজৰ কামৰ বাবে সত্ৰৰ পৰা কোনো পাৰিশ্ৰমিক গ্ৰহণ কৰা নাছিল ।
কিন্তু তেওঁলোকৰ থকা-খোৱা, পিন্ধা-উৰা আৰু জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অন্যান্য ব্যক্তিগত ব্যয় সত্ৰৰ আয়ৰ পৰা বহন কৰা হৈছিল ।এনেদৰে খৃষ্টীয় পঞ্চদশ শতিকাত হৰিদেৱ গুৰুজনাৰ সত্ৰসমুহৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক আন্তঃগাঠনি জনসাধাৰণৰ সৰ্বাঙ্গীণ বিকাশৰ অৰ্থে কাম কৰাৰ বাবে সকলো ফালৰ পৰা সাজু কৰি তোলা হৈছিল ।(আগলৈ)
No comments:
Post a Comment