The golden
period of the Satra Institutions established by Guru Harideva and his followers
during 15th-16th century CE for all round development of the
people of Assam ended during the time of three Burmese invasions of Assam between 1817 and 1826 CE. The
Satradhikars
and the Bhakatas of most of the Satra Institutions had to run away abandoning
the Satras to save their lives. The Burmese invaders massacred so many people and destroyed most of the
Satra Instiutions and the residential villages nearby the Satras. Large number
of became victims of the massacare. So many people fled away to safer places
leaving their house and properties abaondoned.Then in 1826 the British took over
the reign of Assam. After that the Satradhikars and some of the Bhakatas
returned to the Satras and started their activities once again. But all the
people for whom the Satras were established did not return again to their abandoned places of residence. Large number of them preferred
to stay in their new places of settlement. In this way the number of people connected
with the Satra institutions drastically reduced. With this reduced man power
the Satras became unable to keep the huge areas of land under actual
utilization as earlier.The new British Government was more interested in earning revenue rather than over all development of the general people of Assam. They
considered land revenue as one of the prime source of income. So within 10-15
years of the commencement of their rules they completed survey of the lands of
Assam. Because of the situations that arose due to the Burmese invasion as
mentioned above the British surveyors found smaller areas of land under
actual occupation of the Satras. So they ignored the total entitlement and allotted
to the Satras very small portion of land which was actually under their utilization as per survey records. The
British Government also issued Nisf kheraj Pattas in the name of the religious
heads or Satradhikars of the Satras for those small parts of lands. But
that also they did not made totally free from land revenue.They converted those
revenue free Satra lands into half revenue estates and the Satradhikars were made
Nisfikheraj pattadars of those Satra lands for the ease of collection of land revenue
directly from them. In this ways the Satra Institutions had to run with
tremendous hardship from economic and all other sides during the British rule. (to be continued)
হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে খৃষ্টীয় পঞ্চদশ–ষোড়শ শতিকাত অসমৰ জনসাধাৰণৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে স্থাপন কৰা সত্ৰসমুহৰ গৌৰৱ্পূৰ্ণ সোণালী ইতিহাস ১৮১৭ আৰু ১৮২৬ খৃষ্টাব্দৰ ভিতৰত তিনিবাৰ সংঘটিত হোৱা মানৰ আক্ৰমণৰ ফলত সমাপ্ত হৈছিল ।বেছিভাগ সত্ৰাধিকাৰ আৰু ভকতে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে সত্ৰ এৰি পলাই যাবলগীয়া হৈছিল ।মান সৈন্যই প্ৰজাৰ জনবসতিৰ লগতে সত্ৰ সমুহো ভাঙি জ্বলাই ধ্বংস স্তুপত পৰিণত কৰিছিল ।মানৰ অত্যাচাৰত বহু লোকৰ মৃত্যু হৈছিল । বহু লোকে ঘৰ বাৰী এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল।ইয়াৰ পিছত ১৮২৬ খৃঃত অসম বৃটিছৰ শাসনাধীন হৈছিল ।বৃটিছ শাসন প্ৰবৰ্ত্তন হোৱাৰ পিছত সত্ৰাধিকাৰ সকল আৰু কিছু সংখ্যক ভকত সত্ৰসমুহলৈ ঘুৰি আহিছিল যদিও মূলতঃ যিসকল লোকৰ সেৱাৰ উদ্দেশ্যে সত্ৰসুহ স্থাপন কৰা হৈছিল সেই সকল সাধাৰণ জনতাৰ সৰহ সংখ্যকে নিজৰ এৰি যোৱা পুৰণি বাসস্থানলৈ পুনৰ ঘুৰি অহা নাছিল। তেওঁলোকৰ বহুতে পলাই যোৱাৰ পিছত নতুনকৈ বসতি স্থাপন কৰা স্থানতে থাকি গৈছিল । এনেদৰে সত্ৰসমুহৰ সৈতে বিভিন্ন প্ৰকাৰে সম্পৰ্ক ৰখা লোকৰ সংখ্যা একেবাৰে কমি গৈছিল। এইদৰে জনবল বহুখিনি কমি যোৱাৰ বাবে সত্ৰসমুহে নিজৰ নিয়ন্ত্ৰণত থকা বৃহৎ পৰিমাণৰ ভূমি পূৰ্বৰ দৰে খেতি বাতি কৰি দখলত ৰখা অসম্ভৱ হৈ উঠিছিল। নতুনকৈ শাসন ভাৰ লোৱা ইংৰাজ চৰকাৰে জনসাধাৰণৰ উপকাৰ কৰাতকৈ নিজৰ আৰ্থিক লাভৰ প্ৰতিহে বেছি আগ্ৰহী আছিল।ভূমি ৰাজহক তেওঁলোকে আয় বৃদ্ধিৰ প্ৰধান উপায় সমুহৰ ভিতৰৰ এটা বুলি গণ্য কৰিছিল। সেয়েহে শাসনভাৰ লোৱাৰ দহ-পোন্ধৰ বছৰ কালৰ ভিতৰতে বৃটিছে অসমৰ ভূমিৰ জৰীপ কাৰ্য সম্পন্ন কৰিছিল । মানৰ আক্ৰমণৰ ফলত উদ্ভৱ হোৱা ওপৰোক্ত পৰিস্থিতিৰ কাৰণে এইবাৰৰ জৰীপত জৰীপকৰ্ত্তাসকলে পূৰ্বৰ তুলনাত অনেক কম পৰিমাণৰ কৃষিভূমিহে সত্ৰসমুহৰ প্ৰকৃত দখলত থকাৰ তথ্য লাভ কৰিছিল । তেওঁলোকে জৰীপৰ তথ্য অনুসৰি সেই সময়ত সত্ৰৰ প্ৰকৃত দখলত থকা অতি কম পৰিমাণৰ ভূমিহে সত্ৰৰ বাবে আবণ্টন কৰিছিল।কিন্তু সেই ভূমিও আহোম ৰজাই দিয়াৰ দৰে কৰ কাটলৰ পৰা সম্পূৰ্ণ মুক্ত কৰি দিয়া নাছিল ।বৃটিছ চৰকাৰে সত্ৰৰ বাবে প্ৰাপ্যতকৈ বহু কম পৰিমাণৰ ভূমিৰ মঞ্জুৰ কৰি সত্ৰৰ প্ৰধান ধৰ্মাচাৰ্য বা সত্ৰাধিকাৰ সকলৰ নামত নিষ্ফখেৰাজ পট্টা প্ৰদান কৰিছিল ।ইয়াৰ জৰিয়তে সত্ৰৰ সম্পূৰ্ণ নিষ্কৰ ভূমিৰ ওপৰত আধা হাৰত খাজনা আদায় কৰাৰ নিয়ম প্ৰবৰ্ত্তন কৰাৰ উপৰিও সত্ৰাধিকাৰ সকলক সেই ভূমিৰ নিষ্ফখেৰাজ পট্টাদাৰ হিচাপে গণ্য কৰি তেওঁলোকৰ পৰা ব্যক্তিগতভাৱে সত্ৰভূমিৰ ভূমিৰাজহ সংগ্ৰহ কৰাৰ সহজ উপায় উদ্ভাৱন কৰিছিল ।এনেদৰে বৃটিছ শাসন কালত হৰিদেৱ গুৰুজনাৰ মতাদৰ্শত স্থাপন কৰা সত্ৰসমুহে আৰ্থিক আৰু অন্যান্য সকলো দিশৰ পৰা অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ চলিব লগীয়া হৈছিল। (আগলৈ)
No comments:
Post a Comment