In continuation
of the preceding post it is to be mentioned here that the Ahom Kings of Assam
conducted survey of the lands in their country in a later period from the period establishment of Satra Institutions by Guru Harideva
and his followers in 15th century CE. Since 15th century to
till the time of survey, huge areas of agricultural
land
came under occupation of the Satras. As per historical evidence, the land survey in
Assam was started during the reign of the Ahom King Gadadhar Simha who ruled Assam
during 1681 CE to 1696 CE and this process was completed during the reign of
his successor. From this fact we can say that huge area of agricultural land
was under occupation of the Satras since more than one and half centuries prior
to the land survey conducted by the rulers of Assam. During survey, the
Government allotted the lands under occupation of the general public in their
names and imposed revenue on those landed properties. In this process the
surveyors found huge quantities of land under control of the Satras. They also noticed
that the income from those lands occupied by the Satras were being utilised for
religious purpose and also for the social, educational, cultural and economical
well fare of public. They brought the matter to the notice of the Ahom Kings. After
realization the fact the Ahom Kings allotted those lands to the religious heads
or Satradhikars of the Satras as free grants. As a proof of those donations
they issued written documents in the form of copper plates or papers in use at
that time. However some of such
documents of land donations were issued in the names of the principal deities of
worship available in the Satras also. While
issuing those land documents the kings also considered the interest of the
Bhakatas or devotees who were in sevice of the Satra Institutions as full time
servants. Regarding these Bhakatas we mentioned in our preceding post. In those
documents the details of those Bhakatas were recorded to ensure their partial rights
over the lands mainly allotted for maintenance of the Satras. Except this
minor reform nothing was changed by the Ahom kings during their reigns and the
right of the Satras over the lands under their occupation since centuries
together was fully safe guarded for long time. Thus the Satras continued to run
with its previous glamour and independence as per original plan of Guru
Harideva for more than another one and half centuries till the the invasion of
Assam by invaders from Myanmar and subsequent inclusion of this State into
British empire in 1826 CE.(to be continued)
ইয়াৰ আগৰ লিখনিটোৰ আঁত ধৰি আৰু কোৱা উচিত যে হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে খৃষ্টীয় পঞ্চদশ শতিকাত অসমত সত্ৰ সমুহ স্থাপন কৰাৰ অনেক কাল পিছতহে আহোম ৰজাসকলে নিজ ৰাজ্যৰ ভূমি জৰীপৰ কাম হাতত লৈছিল ।
পঞ্চদশ
শতিকাৰ পৰা জৰীপৰ সময়লৈকে কৃষিভূমি সত্ৰ সমুহৰ দখললৈ ক্ৰমান্বয়ে আহি আছিল আৰু এনেদৰে এক বৃহৎ পৰিমাণৰ ভূমি সত্ৰৰ দখললৈ আহিছিল ।
আহোম ৰজা গদাধৰ সিংহই ১৬৮১ খৃঃৰ পৰা ১৬৯৬ খৃঃলৈকে অসমত ৰাজত্ব কৰিছিল আৰু তেওঁৰ দিনতে অসমৰ ভূমি জৰীপ কাৰ্য আৰম্ভ হৈছিল বুলি বুৰঞ্জীত কোৱা হৈছে। গদাধৰ সিংহই আৰম্ভ কৰা এই ভূমি জৰীপ কাৰ্য তেওঁৰ পৰবৰ্তী ৰজাৰ ৰাজত্ব কালতহে
সমাপ্ত হৈছিল ।
এই তথ্যৰ পৰা আমি ক’ব পাৰো যে দেশৰ চৰকাৰে ভূমি জৰীপ কৰাৰ প্ৰায় দেৰ শতক মান পূৰ্বৰে পৰা প্ৰচুৰ পৰিমাণৰ কৃষিভূমি সত্ৰসমুহৰ দখলত আছিল ।চৰকাৰে জৰীপ চলোৱাৰ সময়ত সাধাৰণ প্ৰজাই দখল কৰি থকা মাটিবিলাক তেওঁলোকৰ নামত আবণ্টন কৰি ভুমিৰাজহ আদায় কৰাৰ ব্যৱস্থা কৰা হৈছিল ।
জৰীপকাৰী সকলে জৰীপ কৰাৰ সময়ত সত্ৰসমুহৰ দখলত থকা প্ৰচুৰ পৰিমাণৰ ভূমি কৃষিকৰ্ম আৰু তাৰ আনুষঙ্গিক অন্যান্য উৎপাদন মূলক কৰ্মত ব্যৱহাৰ হৈ থকাৰ সন্ধান পাইছিল ।
জৰীপ কাৰ্যত নিযুক্ত বিষয়া সকলে লক্ষ কৰিছিল যে সত্ৰৰ দখলত থকা ভূমিৰ আয় ধৰ্মীয় কাৰ্যকলাপ আৰু জনসাধাৰণৰ মঙ্গলৰ অৰ্থে গ্ৰহণ কৰা শৈক্ষিক , সামাজিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক ইত্যাদি প্ৰকাৰৰ জনকল্যাণমূলক কামত ব্যৱহাৰ কৰা হয়।
তেওলোকে বিষয়টো ৰজাৰ দৃষ্টিগোচৰ কৰিছিল।
ৰজাই সকলো কথা চালি জাৰি চাই সত্ৰসমুহৰ দখলত থকা ভূমি সমুহ সত্ৰৰ মূল ধৰ্মগুৰু বা সত্ৰাধিকাৰ সকলৰ নামত নিষ্কৰ ভূমি হিচাপে আবণ্টন কৰি দিছিল ।লগতে ভূমি আবণ্টনৰ প্ৰমাণ হিচাপে তাম্ৰপত্ৰ বা সেই সময়ত প্ৰচলিত তুলাপাত ,পেড়াকাকত
আদিত
লিখি
দান
পত্ৰ বা দলিল প্ৰস্তুত কৰি সত্ৰ সমুহক দিয়া হৈছিল।এনে কিছুসংখ্যক দানপত্ৰ কিছুমান সত্ৰৰ উপাস্য মূল বিগ্ৰহৰ নামতো প্ৰদান কৰা হৈছিল ।
এই দলিল সমুহ প্ৰদান কৰাৰ সময়ত ৰজাসকলে সত্ৰৰ ভকত বা পূৰ্ণকালীন সেৱক সকলৰ স্বাৰ্থ ৰক্ষাৰ কথাও বিবেচনা কৰিছিল।সত্ৰৰ ভকত সকলৰ বিষয়ে ইয়াৰ আগৰ লিখনিত উল্লেখ কৰা হৈছে।
ৰজাই দিয়া
দান পত্ৰ বিলাকত সত্ৰৰ পৰিচালনাৰ দায়িত্বৰ কথা কোৱাৰ লগতে সত্ৰৰ সৈতে সংযুক্ত এই ভকত বা স্বেচ্ছসেৱক সকলৰ বিষয়েও উল্লেখ কৰি তেওঁলোকৰ স্বাৰ্থও সংৰক্ষণ কৰাৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল।
এই সামান্য পৰিমাণৰ সংশোধনত বাদে আহোম ৰজাসকলে তেওঁলোকৰ ৰাজত্ব কালত
অন্য
একো নিয়মৰ পৰিবৰ্ত্তন কৰা নাছিল আৰু শতিকাৰ পিছত শতিকা জুৰি সত্ৰসমুহৰ দখলত থকা ভূমি বিলাকৰ ওপৰত সত্ৰৰ আধিপত্য নিগাজী হৈ আছিল ।ইয়াৰ পিছত মানৰ আক্ৰমণ আৰু তাৰ পিছৰ পৰ্যায়ত ১৮২৬ খৃঃত অসম দেশ বৃটিছ সম্ৰাজ্যৰ অধীনস্থ নোহোৱা পৰ্যন্ত প্ৰায় দেৰ শতিকা কাল হৰিদেৱ গুৰুজনাৰ আদৰ্শ অনুসৰি প্ৰতিষ্ঠিত সত্ৰসমুহে নিজৰ পূৰ্বগৌৰৱ আৰু স্বাধীনতা অক্ষুন্ন ৰাখি অতি সুকলমে চলি আছিল।
(আগলৈ )
No comments:
Post a Comment