Friday, 22 January 2021

The “Satra” Institution of Guru Harideva-43(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৪৩)

 

In Bhagavata the life stories of Vyasdeva, Sukadeva, Jadabharata, Ambasrisha, Rishabhadeva and some other great personalities are described. All of them were Jivanmukta Purusha and about those people we mentioned in our preceding post. All of them lived in this world among the common people at different times and in different places. All of them were great teachers of the mankind. Their life styles were different from each other and with that they taught different lessons suitable for people of different natures. General people find it easier to follow the life styles and activities of the great personalities rather than listening to their advises. From the descriptions contained in the Bhagavata we see that Sukadeva and Jadabharata attained very high level of spirituality. It is not possible for a common householder to follow their life styles. Vyasdeva was a great scholar and it is not possible for common people to reach that height of wisdom.  Ambarisha was a great emperor and he was also a great devotee of Lord Krishna. He created examples suitable for the people in power like him. It is told in Bhagavata that Rishabhadeva possessed all characteristics of a Jivanmukta Mahapurusha. We have already given some idea about the characteristics of Jivanmukta Purushas in our preceding post and we can also have the details of those from the life story of Rishabhdeva described in the Bhagavata. It is told that in spite of being a Jivanmukta Purusha, Rishabhdeva got married, produced children and made them well educated in various field of activities like an ordinary householder. Under his able guidance  his sons became famous in spiritual field and some of them earned fame as rulers and other material field of activities and rendered great services for the welfare of mankind . All those details are available in Bhagavata. Rishabhdeva did those woks for the purpose of practically showing common people the way of performance of duties of a householder in accordance with Vedic culture. He taught common people to develop spirituality and economic well-being together. He made them enable to attain reputations, material pleasure , virtuous, active and obedient sons and daughters and an eternal life finally. Thus through the practical activities of his own life, Rishabhdeva made common people understand the path of attainment of spiritual perfection along with performance of duties of a householder. In the philosophy of life of Guru Harideva and the education imparted by him through his Satra Institutions, these teachings of the Bhagavata are fully reflected. (to be continued)

ভাগৱত শাস্ত্ৰত ব্যাসদেৱ , শুকদেৱ , জড়ভৰত , অম্বৰীষ , ঋষভদেৱ আৰু অন্যন্য কিছুমান মহাত্মাৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰা হৈছে সকলো কেইজনেই আমি আগৰ লিখনি উল্লেখ কৰা জীৱন্মুক্ত মহাপুৰুষ আটাইকেইজন মহাপুৰুষেই বিভিন্ন কালত  আৰু বিভিন্ন স্থানত  এই জগতৰ মানুহৰ মাজত থাকি মানৱ সমাজৰ একো একোজন মহান শিক্ষক হিচাপে কৰ্ত্তব্য পালন কৰিছিল তেওঁলোক প্ৰত্যেকৰে জীৱন শৈলী আৰু কাম বেলেগ বেলেগ আছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে বেলেগ বেলেগ স্বভাৱ সম্পন্ন লোকৰ বাবে উপযোগী ভিন্ন ভিন্ন প্ৰকাৰৰ পাঠ শিকাইছিল মহাপুৰুষ সকলে দিয়া শিক্ষাতকৈ তেওঁলোকে যি কৰি দেখুৱায় তাক সাধাৰণ লোকে বেছি সহজে বুজি পায় আৰু অনুকৰণ কৰে ভাগৱতৰ বৰ্ণনাৰ মাধ্যমত আমি পাওঁ যে শুকদেৱ আৰু জড়ভৰতৰ জীৱন শৈলী অতি উচ্চ স্তৰৰ সাধকৰ বাবেহে উপযোগী আমাৰ দৰে সাধাৰণ গৃহস্থৰ বাবে তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি চলা সম্ভৱ নহয় ব্যাসদেৱ অতিশয় উচ্চ স্তৰৰ পণ্ডিত ব্যক্তি আৰু সাধাৰণ লোকে তেওঁৰ দৰে উচ্চ স্তৰৰ জ্ঞান অৰ্জন কৰা সম্ভৱ নহয় আনহাতে অম্বৰীশ চক্ৰবৰ্ত্তী সম্ৰাট হোৱা স্বত্বেও ভগৱান কৃষ্ণৰ মহান ভক্ত আছিলতেওঁৰ নিজৰ সমপৰ্যায়ৰ সম্ৰাট বা ৰাজপুৰুষ সকলৰ  বাবে জীৱনাদৰ্শ সৃষ্টি কৰিছেভাগৱতত কোৱা হৈছে যে ঋষভদেৱৰ গাত জীৱন্মুক্ত মহাপুৰুষৰ সমস্ত লক্ষণ আছিল জীৱন্মুক্ত পুৰুষৰ গুণাৱলী সম্পৰ্কে সাধাৰণ আভাস ইয়াৰ পূৰ্বৰ লিখনিত দিয়া হৈছে আৰু ভাগৱতত ঋষদেৱৰ বিষয়ে বৰ্ণনা কৰোতে এই বিলাক বিতংভাৱে কোৱা হৈছে জীৱন্মুক্ত পুৰুষ হোৱা সত্বেও সাধাৰণ গৃহস্থ ব্যক্তিৰ দৰে ঋষভদেৱে বিয়াবাৰু কৰাইছিল ,তেওঁৰ বহু সংখ্যক সতি সন্ততি আছিল, সকলো সন্তানকে বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰাৰ লগতে জনকল্যাণমূলক কৰ্মত নিযুক্ত কৰাৰ ব্যৱস্থা কৰিছিল তেওঁৰ উপদেশ মতে চলি কিছুমান সন্তানে আধ্যাত্মিক দিশত আৰু আন কিছুমানে ৰাজ কাৰ্য আৰু অন্যান্য বৈষয়িক দিশত একো একোজন সুবিখ্যাত ব্যক্তিত পৰিণত হৈছিল এই সকলো কথা ভাগৱতত বিতংভাৱে কোৱা হৈছে  সাধৰণ মানুহক বৈদিক নীতি নিয়মৰ আধাৰত আদৰ্শ গৃহস্থ জীৱনৰ কৰ্ত্তব্য পালন কৰাৰ ব্যৱহাৰিক শিক্ষা দিয়াৰ অৰ্থে ঋষভদেৱে এইবিলাক কাম নিজে কৰি দেখুৱাইছিল বুলি কোৱা হৈছে নিজে আত্মজ্ঞানী পুৰুষ হোৱা সত্বেও তেওঁ মানুহক পাৰমাৰ্থিক সাধনাৰ সৈতে সামঞ্জস্য ৰাখি সাংসাৰিক জীৱন চলাই নিয়াৰ কৌশল শিকাইছিল মানুহে নিজৰ বাবে সুনাম ,সমৃদ্ধি অৰ্জন কৰাৰ লগতে সন্তানক জ্ঞানী , কৰ্মপটু আৰু বিনয়ী কৰি গঢ় দিয়াৰ শিক্ষা দিছিল আৰু ইবিলাক কাম কৰিও কিদৰে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰি তাৰ উদাহৰণ প্ৰস্তুত কৰিছিল নিজৰ জীৱন শৈলী আৰু কৰ্মৰ মাধ্যমত ঋষভদেৱে গৃহস্থ জীৱনৰ সমস্ত কৰ্ত্তব্য সমাধা কৰিও কিদৰে পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰি তাৰ শিক্ষা দি গৈছে হৰিদেৱ গুৰুজনাই নিজৰ জীৱন শৈলী আৰু সত্ৰানুষ্ঠানৰ জৰিয়তে জনসাধাৰণক দিয়া উপদেশ সমুহ ঋষভদেৱৰ কাহিনীৰ মাধ্যমত ভাগৱতে দিয়া  আদৰ্শমূলক শিক্ষাৰ আধাৰত প্ৰস্তুত কৰিছিল ।(আগলৈ)

No comments:

Post a Comment