Saturday, 16 January 2021

The “Satra” Institution of Guru Harideva-40(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৪০)

 

The  common people for the benefit of whom Guru Harideva and his followers established  Satra institutions in  Assam  are not matured enough  to understand the Ultimate Truth as impersonal knowledge by spiritual practice through the Path of knowledge or  Jnana Yoga . They are also not in a position to realize the Ultimate Truth as pure consciousness or Paramatma by practice of Yoga.Those people are simply interested in doing their works and enjoying the fruits of those works in the form of happiness only. But it is not at all possible since  material activities bring both happiness and sorrow. To make the things simple for those people, Bhagavata tells that the God Almighty creates, maintains and annihilates the creation. We can not imagine the volume of works involved in creation, maintenance and annihilation of the universe. But God Almighty is doing that with a little part of his knowledge and capacity. Again God Almighty is full in opulence and so he need not perform those activities to fulfill any desire. Bhagavata also tells that the whole creation is the body of the God Almighty, that is, everything in the creation are included in the body of the God Almighty and nothing remains outside this body. We may compare it with our own body. We have hands, feet, mouth, ear, nose and so many other organs in our body and not a single organ of our body can exist outside the body. Here, we can not have any desire to possess some organ of our own body which is already a part of us only.  Like that, since everything in the creation is included in the body of God Almighty, he can not have any desire for anything in the creation. So, Bhagavata tells that God Almighty is the supreme teacher of the human society. He teaches us through his own way of activities and shows the real path of religion. But people can not immediately change their tendency of performing the fruitive actions. So the sages framed rules for performance of fruitive actions and noted those rules in the scriptures. Vedic teachers or  Gurus  first engage common people in fruitive actions according to their natural tendencies and as per recommendations of the  scripture. This is one way to make common people interested towards the performance of  selfless action in a gradual manner. Through this process the common people can ultimately be brought to the path of devotion. Guru Harideva  followed this principle to educate common people through his Satra Institutions which we will elaborate at proper place. (to be continued)

 যিসকল ব্যক্তিৰ উপকাৰৰ অৰ্থে হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে সত্ৰসমুহ স্থাপন কৰি গৈছে সেই সকল ব্যক্তিয়ে জ্ঞান যোগৰ মাধ্যমত সাধনা কৰি পৰম সত্য বা পৰমেশ্বৰ বিশুদ্ধ জ্ঞানমাত্ৰ বুলি বুজিব পৰা সামৰ্থ্যৰ অধিকাৰী নহয় পৰমেশ্বৰক জগতৰ সমস্তৰে আত্মাৰূপে উপলব্ধি কৰাৰ বাবে প্ৰয়োজনীয় যোগ মাৰ্গৰ সাধনা কৰাও তেওঁলোকৰ বাবে সম্ভৱ নহয় তেওঁলোকে নিজৰ ৰুচি অনুসৰি কৰ্ম কৰি থাকে আৰু তাৰ বিনিময়ত কেৱল মাত্ৰ সুখ আহৰণ কৰিব বিচাৰে কিন্তু কৰ্মৰ  দ্বাৰা দুখ বাদ দি কেৱল সুখ লাভ কৰা সম্ভৱ নহয় কাৰণে তেওঁলোকে কেতিয়াও সন্তুষ্টি লাভ কৰিব নোৱাৰে এই শ্ৰেণীৰ লোকক কথাবিলাক বুজাই দিয়াৰ বাবে ভাগৱতে কৈছে যে পৰমেশ্বৰে জগতৰ সৃষ্টি কৰে , নিৰ্দিষ্ট কালৰ বাবে পালন কৰে আৰু যথা সময়ত সৃষ্টিৰ ধ্বংসও সাধন কৰে। তিনিওটা কৰ্ত্তব্য পালন কৰাৰ বাবে পৰমেশ্বৰে কি পৰিমাণৰ কাম কৰে তাক আমি কল্পনাও কৰিব নোৱাৰো কিন্তু পৰমেশ্বৰে নিজৰ সামান্য শক্তি সামৰ্থ্য প্ৰয়োগ কৰিয়ে সেই কাম কৰিব পাৰে পৰমেশ্বৰ স্বয়ং সম্পূৰ্ণ , সৰ্ব শক্তিমান , সৰ্বজ্ঞ , সৰ্বব্যাপ্ত পুৰুষ তেওঁৰ কোনো অভাৱ থাকিব নোৱাৰে আৰু সেই কাৰণে ভগৱানে নিজৰ কোনো অভাৱ পূৰণৰ ইচ্ছাবশতঃ কাম কৰাৰ প্ৰশ্ন নাহে ভাগৱতত আৰু কোৱা হৈছে যে সমগ্ৰ সৃষ্টি ভগৱানৰ শৰীৰ আৰু সৃষ্টিৰ কোনো বস্তু ভগৱানৰ শৰীৰৰ বাহিৰত নাই কথাখিনি বুজাৰ বাবে আমি নিজৰ শৰীৰৰ উদাহৰণ লব পাৰো আমাৰ শৰীৰত হাত ,ভৰি , চকু ,নাক্,কান আদি বিভিন্ন অঙ্গ-প্ৰত্যঙ্গ আছে আৰু ইয়াৰ এটা অঙ্গও শৰীৰৰ বাহিৰত নাথাকে এই অঙ্গ-প্ৰত্যঙ্গ বোৰ ইতিমধ্যে আমাৰ নিজৰ শৰীৰৰ অংশ হৈ থকা হেতুকে শৰীৰৰ কোনো অঙ্গ নিজৰ কৰি লোৱাৰ বাসনা কাৰো নাথাকে একেদৰে যিহেতু সৃষ্টিৰ সমস্ত বস্তু পৰমেশ্বৰৰ শৰীৰৰ অংশ  গতিকে ইয়াৰ একো বস্তুকে পোৱাৰ বাসনা পৰমেশ্বৰৰ থাকিব নোৱাৰে সেই কাৰণে ভাগৱতে কৈছে যে  মানৱ সমাজৰ বাবে পৰমেশ্বৰতকৈ শ্ৰেষ্ঠ শিক্ষক অন্য কোনো হব নোৱাৰে ঈশ্বৰে নিজৰ কৰ্ম সাধনৰ মাধ্যমত আমাক শিক্ষাদান কৰে আৰু প্ৰকৃত ধৰ্মৰ পথ প্ৰদৰ্শন কৰে কিন্তু স্বভাৱৰ বশবৰ্তী হৈ থকা হেতুকে মানুহে একেকোবে বাসনামুক্ত হৈ কাম কৰা সম্ভৱ নহয় সেই কাৰণে ঋষিসকলে বাসনামূলক কৰ্ম কৰাৰ বাবে নীতি-নিয়ম  প্ৰস্তুত কৰি শাস্ত্ৰত লিপিবদ্ধ কৰি থৈছে বৈদিক শিক্ষক বা গুৰুসকলে  সেই শাস্ত্ৰ সমুহত উল্লেখ কৰা নীতি নিয়ম মানি বাসনা পূৰণৰ অৰ্থে কাম কৰাৰ বাবে সাধাৰণ লোকক নিৰ্দেশ দিয়ে শাস্ত্ৰৰ নিয়ম মানি নিজৰ স্বভাৱমতে কাম কৰি থাকিলে সকাম কৰ্ম কৰি থকা মানুহ ক্ৰমান্বয়ে নিষ্কাম কৰ্মৰ প্ৰতি আকৃষ্ট হয় আৰু অৱশেষত ভক্তিযোগৰ পথত উপনীত হব পাৰে হৰিদেৱ গুৰুজনাই সত্ৰৰ মাধ্যমত জনসাধাৰণক শিক্ষাদান কৰাৰ বাবে ভাগৱতৰ এই আদৰ্শ গ্ৰহণ কৰিছিল্।(আগলৈ)

No comments:

Post a Comment