In the preceding post we mentioned that the condition of the Satra Institutions established by Guru Harideva and his followers deteriorated during British rule in Assam. The income from the landed properties allotted to the Satras by the British Government was not sufficient to bear the cost of public well fare works conducted by the Satras as mentioned earlier.The Satras became bound to limit their activities to the extent of imparting religious education and cultural functions related with essential religious performances only. The income from the landed property was not even sufficient to maintain the religious activities of the Satras, the Satradhikars and small numbers of Bhakatas or full time servants available in the Satras. Under such situation the intelligent and highly educated persons from Satradhikar families who used to extend selfless services for the purpose of planing and performance of various public well fare activities of the Satras became jobless. Those people left the Satras in search of other suitable engagements outside. Similar was the case with the Bhakatas or the full time service providers to the Satras also. Then in 1897 CE, there was great devastation of earthquake in Assam. People became bound to evacuate their places of residence abandoning the nearby Satras once again. Moreover, due to after effect of the devastating earthquake like epidemic, flood and erosion of river Brahmaputa and its tributaries etc, many people died and a large number of people were forced to shift their places of residences. In this way the whole demographic picture of Assam changed drastically and some of the Satras became bound to shift to new places abandoning the lands under their possessions because of non availability of public residence nearby the Satras. Under such situation, the Satras gradually started losing direct control over their landed properties and with the passage of time huge areas of Satra lands were occupied by the people migrated from nearby countries. In this way almost all of near about one hundred Satras established by Guru Harideva and his followers came to miserable conditions and are fighting for their own sustenance at present after rendering glorious services for over all development to the people of Assam constantly for a very long period of several centuries. (to be continued)
ইয়াৰ আগৰ লিখনিত হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে স্থাপন কৰা সত্ৰসমুহে বৃটিছ শাসন কালত সন্মুখীন হোৱা দুৰৱস্থাৰ কথা কৈ অহা হৈছে।বৃটিছ চৰকাৰে সত্ৰসমুহক দিয়া কম পৰিমাণৰ ভূমিৰ পৰা হোৱা আয় সত্ৰসমুহে পূৰ্বৰে পৰা ৰূপায়ন কৰি অহা জনকল্যাণমূলক কাম বিলাক কৰাৰ বাবে যথেষ্ট নাছিল ।সেই কাৰণে সত্ৰসমুহে কেৱল মাত্ৰ ধৰ্মীয় শিক্ষাদান আৰু সত্ৰৰ অৱশ্য কৰ্ত্তব্য হিচাপে পালন কৰা ধৰ্মানুষ্ঠান বিলাকৰ সৈতে সংযুক্ত সাংস্কৃতিক কাৰ্য্সূচী বিলাকহে পালন কৰি থাকিব লগীয়া হৈছিল ।ভূমি সম্পত্তিৰ পৰা লাভ কৰা আয়ৰ পৰা সত্ৰৰ ধৰ্ম কাৰ্য চলোৱা আৰু সত্ৰাধিকাৰৰ লগতে সত্ৰত থকা সীমিত সংখ্যক ভকতৰ ভৰণ পোষণ দিয়াও অতি কঠিন হৈ পৰিছিল । এনে পৰিস্থিতিত সত্ৰাধিকাৰ পৰিয়ালৰ যিসকল উচ্চশিক্ষিত আৰু বুদ্ধিমান ব্যক্তিয়ে সত্ৰৰ জনকল্যাণমূলক আঁচনি সমুহৰ পৰিকল্পনা কৰি নিস্বাৰ্থ সেৱাৰ মনোভাৱেৰে সেই সমুহ কাৰ্য্কৰী কৰাৰ কামত ব্ৰতী হৈছিল সেই সকল লোকৰ বাবে সত্ৰত কৰিব লগীয়া একো কাম নোহোৱা হৈছিল। ফলত তেওঁলোকে সত্ৰানুষ্ঠান ত্যাগ কৰি বাহিৰত অন্য কামত ব্যস্ত হ’বলৈ বাধ্য হৈছিল । সত্ৰৰ নিষ্ঠাৱান পূৰ্ণকালীন সেৱক বা ভকত সকলৰো একে অৱস্থা হৈছিল ।এনেদৰে সত্ৰসমুহ কোনোৰকমে চলি থকাৰ পিছত ১৮৯৭ খৃঃত সমগ্ৰ অসম বিধংসী ভুমিকম্পৰ প্ৰৱল ধ্বংসলীলাৰ সন্মুখীন হৈছিল। মানুহে আকৌ এবাৰ ধ্বংসৰ গৰাহত পৰা নিজৰ বাসস্থান আৰু সত্ৰসমুহ এৰি যাবলৈ বাধ্য হৈছিল।ভূমিকম্পৰ পৰবৰ্ত্তী পৰ্যায়ত হোৱা মাৰি-মৰকৰ লগতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহৰ পৰা সৃষ্টি হোৱা বানপানী প্ৰৱল গৰাখনীয়াৰ ফলতো বহু মানুহৰ মৃত্যু হৈছিল;বহুতো জনবসতি, সত্ৰ আৰু সত্ৰভূমি ক্ষতিগ্ৰস্ত হৈছিল আৰু অসমৰ সকলো ঠাইৰ জনসংখ্যা গাঁথনিৰ বিৰাট পৰিবৰ্ত্তন হৈছিল । ওচৰ পাঁজৰৰ গাওঁ জনবসতিশূন্য হৈ পৰাত অনুগামী লোকৰ অভাৱ হোৱাৰ ফলত বহু সত্ৰ নিজৰ নিজৰ নিষ্ফখেৰাজ পট্টাৰ মাটিৰ পৰা আঁতৰৰ অন্য ঠাইলৈ স্থানান্তৰ কৰিব লগীয়াও হৈছিল।এনে প্ৰকাৰৰ বিভিন্ন সমস্যাৰ বাবে সময় যোৱাৰ লগে লগে মাটিৰ ওপৰত থকা সত্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা ক্ৰমান্বয়ে শিথিল হৈ পৰাত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি চুবুৰীয়া দেশৰ পৰা অহা প্ৰব্ৰজনকাৰী লোক সকলে বৃহৎ পৰিমাণৰ সত্ৰভূমি দখল কৰি লৈছিল । এনেদৰে হৰিদেৱ গুৰুজনা আৰু তেওঁৰ অনুগামী সকলে অসমৰ লোকৰ সৰ্বাঙ্গীন বিকাশৰ উদ্দেশ্যে স্থাপন কৰা প্ৰায় এশখন সত্ৰই কেইবা শতিকা জুৰি একেৰাহে অসমৰ ৰাইজৰ সেৱা কৰাৰ অন্তত বৰ্ত্তমান কালত দৰিদ্ৰতাৰ বোজাত কোঙা হৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি জীয়াই আছে।(আগলৈ)
No comments:
Post a Comment