The knowledge and
teachings contained in the Vedas are simplified in
Bhagavata for the benefit of common people irrespective of their cast, creed,
gender, age and so on. Most of the common people are householders and they like
to keep themselves engaged in material activities. For those people Bhagavata
suggests the ways of spiritual development without abandonment of their material
activities of householders. Bhagavata assures that spiritual perfection can be
attained by the householders and explains the things through life stories of the
people of different places and of
different times. It is already told that Guru Harideva attained self realization
or spiritual perfection by performance of spiritual practice as per instructions of the Bhagavata. He was in the Jivanmukta
stage of spiritual perfection at the time of establishment of his Satra
Institution. But since he was unmarried till that time there was some confusions
in the mind of his followers regarding possibility of attainment of spiritual
perfection by a house holder engaged in worldly activities. To remove those
confusions he had to enter into married life. He wanted to practically
demonstrate the teachings of Bhagavata regarding the life style to be led and
activities to be performed by a householder for attainment of spiritual
perfection.So, after full establishment of his second Satra Institution at
Maneri
in 1457CE, Guru Harideva
entered into married life. He had two daughters and one son. Unfortunately his
son died at very young age. He bore that pain calmly and performed the last
rites of his son with the natural equanimity of a Jivanmukta Purusha. He
educated his younger daughter with proper education and married her to a young
scholar of the Vedas. Then he trained both his daughter and son in law and
deputed them for establishment of a new Satra Institution in a new place to serve
the common people there. His elder daughter Bhuvaneswari was a reputed scholar
of the Vedas and Vedic scriptures. She performed severe spiritual practice and
attained spiritual perfection. She did
not enter into married life and preferred to live the life of an ascetic. She
was made religious head or Satradhikar of Maneri Satra after the death of Guru
Haridev in 1566 CE. All these things were very uncommon for a lady of Assam during
15th-16th century CE. But Guru Harideva used to encourage
her activities in all respect .In this way Guru Harideva practically
demonstrated the high positive values of the teachings of Bhagavata in
spiritual and material field of activities through his own life for correct understanding
of the things by the common people .(to be continued)
সকলো জাতি ,ধৰ্ম , বৰ্ণ , লিঙ্গ , বয়স ইত্যাদিৰ অন্তৰ্গত সকলো সাধাৰণ লোকৰ সুবিধাৰ অৰ্থে বেদত অন্তৰ্নিহিত জ্ঞান আৰু শিকনি সমুহ ভাগৱত শাস্ত্ৰত সৰল ভাৱে ব্যাখ্যা কৰা হৈছে ।
সমাজৰ সৰহ সংখ্যক লোকেই গৃহস্থ আৰু তেওঁলোকে বৈষয়িক কৰ্মত ব্যস্ত থাকিয়ে ভাল পায় ।
এই সকল লোকে যাতে নিজৰ নিজৰ সাংসাৰিক কৰ্ত্তব্য কৰিও পাৰমাৰ্থিক উন্নতি লাভ কৰিব পাৰে তাৰ উপায় ভাগৱতত দিয়া হৈছে ।গৃহস্থৰ কৰ্ত্তব্য পালনৰ প্ৰতি অৱহেলা নকৰাকৈও পাৰমাৰ্থিক উন্নতিৰ উচ্চতম পৰ্যায়ত উপনীত হ’ব পাৰি বুলি ভাগৱতে নিশ্চিত সিদ্ধান্ত দিছে আৰু বিভিন্ন স্থানৰ বিভিন্ন লোকৰ জীৱন কাহিনীৰ মাজেৰে এই কথা ব্যাখ্যা কৰি বুজাই দিছে ।
আগতে কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই নিজে ভাগৱত শাস্ত্ৰৰ নিৰ্দেশ অনুসৰি কৰা সাধনাৰ বলতে পাৰমাৰ্থিক পূৰ্ণতা বা আত্মজ্ঞান লাভ কৰিছিল।
পাৰমাৰ্থিক সাধনাৰ দ্বাৰা জীৱন্মুক্ত স্তৰত উপনীত হোৱাৰ পিছতহে তেওঁ ভাগৱত শাস্ত্ৰই দেখুওৱা আৰ্হিমতে জনসাধাৰণক শিক্ষাদান কৰাৰ অৰ্থে সত্ৰানুষ্ঠানৰ স্থাপনা কৰিছিল।
কিন্তু তেতিয়ালৈকে তেওঁ নিজে অবিবাহিত আছিল কাৰণে গৃহস্থী কৰ্মত ব্যস্ত থকা ব্যক্তিয়ে পাৰমাৰ্থিক পূৰ্ণতা কিদৰে লাভ কৰিব পাৰে তাকে লৈ তেওঁৰ অনুগামী সকলৰ মনত কিছু খেলি মেলিৰ সৃষ্টি হৈছিল ।সাধাৰণ লোকৰ মনত ভাগৱত বাণীৰ সত্যতা সম্পৰ্কে উৎপন্ন হোৱা এনে সন্দেহ দূৰ কৰাৰ বাবে তেওঁ বিবাহ বন্ধনত সোমাব লগীয়া হৈছিল।
পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিবৰ বাবে গৃহস্থ ব্যক্তিয়ে কি ধৰণৰ জীৱন যাপন কৰিব লাগে আৰু কি ধৰণে সাংসাৰিক কৰ্ত্তব্য কৰিব লাগে তাক নিজৰ জীৱনৰ মাধ্যমত বুজাই দি সাধাৰণ মানুহৰ মনৰ সন্দেহ দূৰ কৰা উচিত বুলি তেওঁ বিবেচনা কৰিছিল ।
১৪৫৭ খৃঃ ত মানেৰীত দ্বিতীয়্খন সত্ৰ স্থাপন কৰাৰ কাম সৰ্বতো প্ৰকাৰে সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ বিয়া কৰাইছিল ।তেওঁৰ দুই কন্যা আৰু এক পুত্ৰ আছিল ।দুৰ্ভাগ্যবশতঃ অতি কম বয়সতে তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল আৰু গুৰুজনাই এই যন্ত্ৰণা অতি শান্তভাৱে বহন কৰিছিল ।
আত্মজ্ঞানী জীৱন্মুক্ত পুৰুষৰ স্বভাৱ্সুলভ সাম্যভাৱ প্ৰদৰ্শন কৰি তেওঁ নিজ পুত্ৰৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰিছিল ।
কনিষ্ঠা কন্যাক উপযুক্ত শিক্ষা দি বেদজ্ঞ পণ্ডিত যুৱকৰ সৈতে বিয়া দিছিল ।
জী-জোৱাঁই উভয়কে কিছুকাল নিজৰ লগত ৰাখি উপযুক্ত প্ৰশিক্ষণ দিয়াৰ অন্তত নতুন সত্ৰ স্থাপনৰ দায়িত্ব দি জনসাধাৰণৰ সেৱা কৰাৰ অৰ্থে দূৰলৈ পঠিয়াই দিছিল ।তেওঁৰ জ্যেষ্ঠ কন্যা ভূৱনেশ্বৰীয়ে বেদ আৰু বৈদিক শাস্ত্ৰ অধ্যয়ন কৰি পাণ্ডিত্য অৰ্জন কৰিছিল ।তেওঁ চিৰকুমাৰী হৈ থাকি সন্ন্যাসীৰ দৰে জীৱন যাপন কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল ।
১৫৬৬ খৃঃত হৰিদেৱ গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেওঁ মানেৰী সত্ৰৰ সত্ৰাধিকাৰ পদত অধিস্থিত হৈছিল ।
খৃষ্টীয় পঞ্চদশ- ষোড়শ শতিকাৰ অসমৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাৰ বাবে এই বিলাক কাম কৰাটো একেবাৰে অস্বাভাৱিক কথা আছিল ।
কিন্তু গুৰুজনাই তেওঁৰ সকলো প্ৰকাৰে উৎসাহ দিছিল আৰু সকলো বিষয়তে সহায় সহযোগ কৰিছিল ।
এনেদৰে হৰিদেৱ গুৰুজনাই ভাগৱতৰ শিকনিসমুহ নিজৰ জীৱনৰ মাধ্যমত ব্যৱহাৰিকভাৱে ৰূপায়ণ কৰি দেখুৱাইছিল আৰু এই শিক্ষাৰ পাৰমাৰ্থিক আৰু বৈষয়িক উভয় প্ৰকাৰৰ মূল্য জনসাধাৰণক বুজাই দিছিল ।(আগলৈ)
No comments:
Post a Comment