All kinds of
knowledge originate from the Vedas. Starting from the
things of day to day life of human
being up to the highest stage of
attainment of salvation are explained in the Vedas. In human society one small section
of people get scope to gain knowledge by way of legacy or otherwise. Scriptures tell
that each and every human being has his right to gain knowledge of the Vedas
and perform spiritual practice.But majority of the people are not lucky enough to
have scope for that. It is told in Bhagavata that after realization of this
fact, the Great sage Vyasdeva became unhappy. So, he simplified the knowledge
and teachings contained in the Vedas and brought the things to the reach of the understanding capacity
of all human beings through the Bhagavata. The simplified Vedic knowledge and
instructions contained in the Bhagavata are suitable for the whole mankind
irrespective of their knowledge, education, nationality, cast, creed, nature , gender
,age ,economic and social status and so on . The spiritual teachers of
different times who engage themselves in the selfless service of imparting
spiritual education to common people find this scripture most suitable for
guiding them in all aspects starting from material activities of worldly life up to the the stage of
liberation. Guru Harideva also established Satra Institutions for the same
purpose and he used Bhagavata as main text book for educating common people.
While explaining the contents of the Vedas, Bhagavata fully establishes that Lord
Krishna is the Ultimate Truth and the words Akhanda Sat, Brahma, Parabrahma,
God Almighty etc are used to mean Lord Krishna only. It is also told here that
nobody can know Lord Krishna unless Krishna reveals himself in one’s heart and for
this revelation one should fully purify his heart through the path of devotion.
Complete surrender and rendering of devotional service to Lord Krishna are the
ways to purify one’s heart .Also, according to Bhagavata the paths of knowledge, Yoga practice, action or Karma are the ways to lead one to
the path of devotion. In accordance with these teachings of Bhagavata, Guru Harideva
designed his Satra institution to make people feel the revelation of the Akhada Sat or Lord Krishna by purification of one’s own heart through the path of devotion. For this he suggested that along with
the spiritual activities people should also consider the day to day worldly
activities as devotional service to Lord Krishna and fully surrender the
outcome of all those activities for the satisfaction of Lord Krishna only. (to be continued)
বেদ সমস্ত প্ৰকাৰ জ্ঞানৰ মূল উৎস ।
মানৱ জীৱনৰ দৈনন্দিন ব্যৱহাৰিক কাম কাজৰ পৰা আৰম্ভ কৰি সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ পৰ্যন্ত সমস্ত বিষয়ৰ জ্ঞান বেদত আছে ।মানৱ সমাজৰ একাংশ লোকে জন্ম সূত্ৰে বা অন্য কোনো প্ৰকাৰে বেদজ্ঞান লাভ কৰাৰ সুবিধা পায় ।
শাস্ত্ৰত কোৱা হৈছে যে প্ৰত্যেকজন মানুহৰে বেদজ্ঞান অৰ্জন কৰাৰ আৰু পাৰমাৰ্থিক চিন্তা চৰ্চা কৰাৰ অধিকাৰ আছে।কিন্ত বেছিভাগ মানুহেই ইয়াৰ বাবে সুযোগ লাভ কৰাৰ ব্যৱস্থা নাই ।ভাগৱতত কোৱা হৈছে যে মহান ঋষি ব্যাসদেৱে মানৱ সমাজৰ এই অৱস্থা অনুভৱ কৰাৰ পিছত মনত বৰ অশান্তি পাইছিল ।
সেই কাৰণে তেওঁ বেদজ্ঞান সকলোৰে বাবে সহজ,
সৰল আৰু সুলভ কৰাৰ কাম হাতত লৈছিল
আৰু তাৰ ফলতে ভাগৱত শাস্ত্ৰ ৰচিত হৈছিল ।ভাগৱ্তত সহজ সৰল ৰূপত প্ৰকাশিত হোৱা বেদজ্ঞান আৰু বৈদিক শিক্ষা সকলো দেশৰ ,সকলো জাতিৰ ,সকলো ধৰ্ম পৰম্পৰাৰ , সকলো বয়সৰ , সকলো চৰিত্ৰৰ , ধনী দুখীয়া ,জ্ঞানী অজ্ঞানী , ৰজা-ভিকহু ইত্যাদি সকলোৰে মঙ্গলৰ বাবে উপযোগী ।সেই কাৰণে জনসাধাৰণক পাৰমাৰ্থিক শিক্ষাদান কৰাৰ নিস্বাৰ্থ ব্ৰত গ্ৰহণ কৰা গুৰুসকলে সাধাৰণ অজ্ঞানী লোকক দৈনন্দিন জীৱন যাত্ৰা প্ৰণালীৰ পৰা আৰম্ভ কৰি মুক্তি লাভ পৰ্যন্ত সকলো দিশৰ পথ প্ৰদৰ্শন কৰাৰ বাবে ভাগৱত শাস্ত্ৰ অতি উপযোগী বুলি বিবেচনা কৰে ।
হৰিদেৱ গুৰুজনাইও এই একে উদ্দেশ্যতে সত্ৰ স্থাপন কৰিছিল আৰু জনসাধাৰণৰ শিক্ষাৰ অৰ্থে ভাগৱতক মূল পাঠ্য পুস্তক হিচাপে গ্ৰহণ কৰিছিল ।
বেদবাণীৰ সৰল ব্যাখ্যা কৰিবলৈ গৈ ভাগৱতে অতি সুন্দৰভাৱে প্ৰমাণ কৰি দেখুৱাইছে যে ভগৱান শ্ৰীকৃষ্ণ একমাত্ৰ পৰম সত্য আৰু এই পৰম সত্যকে অখণ্ড সৎ , ব্ৰহ্ম , পৰম ব্ৰহ্ম , পৰমেশ্বৰ ইত্যাদি বিভিন্ন শব্দৰ দ্বাৰা প্ৰকাশ কৰাৰ চেষ্টা কৰা হয়। ইয়াত আকৌ কোৱা হৈছে যে যেতিয়ালৈকে ভগৱান কৃষ্ণই মানুহৰ হৃদয়ত নিজে আত্মপ্ৰকাশ নকৰে তেতিয়ালৈকে তেওঁক জনা বা অনুভৱ কৰা সম্ভৱ নহয় ।
আকৌ
ভগৱানৰ আত্মপ্ৰকাশ ঘটিবৰ বাবে হৃদয় সম্পূৰ্ণ পবিত্ৰ হ’ব লাগে ।
ভক্তি যোগ অৰ্থাৎ সম্পূৰ্ণ আত্মসমৰ্পণ আৰু ভগৱানৰ উদ্দেশ্যে নিবেদন কৰা ভক্তিযুক্ত সেৱা হৃদয় পবিত্ৰ কৰাৰ উপায় ।
ভাগৱতে আৰু কৈছে যে জ্ঞানমাৰ্গ, কৰ্মমাৰ্গ ,যোগমাৰ্গ ইত্যাদি প্ৰকাৰৰ
সাধনাই
মানুহৰ মন ভক্তিযোগৰ পিনে ঢাল খুৱায় আৰু ভগৱানৰ আত্মপ্ৰকাশৰ উপযোগীকৈ হৃদয় পবিত্ৰ কৰি তোলে ।
হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰৰ এই আদৰ্শ অনুসৰি অন্তৰ শুদ্ধিকৰণৰ যোগেদি মানুহৰ হৃদয় ভগৱান কৃষ্ণৰ আত্মপ্ৰকাশৰ বাবে উপযোগী কৰাৰ লক্ষ্য গ্ৰহণ কৰি সত্ৰ স্থাপন কৰিছিল ।ইয়াৰ বাবে তেওঁ মানুহক পাৰমাৰ্থিক কৰ্মৰ
লগতে
দৈনন্দিন সাংসাৰিক কৰ্ত্তব্য সমুহো ভগৱান কৃষ্ণৰ সেৱাৰ অৰ্থে কৰা কৰ্ম হিচাপে গণ্য কৰাৰ লগতে সমস্ত কৰ্মৰ ফল কৃষ্ণৰ চৰণত অৰ্পণ কৰাৰ পৰামৰ্শ দিছে ।
(আগলৈ)
No comments:
Post a Comment