In the preceding
posts we mentioned that Guru Harideva planned to establish some special type of educational
institutions for educating common people and he established his first institution
at Bahari in the Barpeta district of Assam in 1453 CE. After establishment of his
institution Guru Hardeva himself declared that the
institution is meant for theoretically educating the common
people about the single Ultimate Truth or God Almighty behind each and
everything in the creation and also the ways to realize that truth practically. The
scriptures tell that the creation has a beginning and it also ends after
certain duration. But the Ultimate Truth behind the creation is eternal ; it has got neither beginning nor
end and it is called “Sat” in the scriptural
terms. Since Guru Harideva established the educational institution mainly for
the purpose related to this “Sat” or ever existing Ultimate Truth, he named it
as “Satra”. Defining the word “Satra”, Guru
Harideva told that since this institution is designed to help common people to come near
to or meet or realize the eternal Ultimate Truth or God Almighty or “Sat” it is
called Satra. Explaining the things further, Guru Harideva told that the
creation constitute various plans or abodes or Lokas called higher heavens,
middle havens , earth, nether region etc. The process of creation, sustenance
and annihilation of innumerable verities of items are continued there during the
period of existence of each plan or Loka. Some of those items are living beings
and some are non living matters. With the capacity of our sense mind and
intelligence we can see, feel or act on a very small number of items available
in the creation. The rest are beyond the range of our sense, mind and
intelligence. Regarding those thing we collect information from the Sages,
Gurus, and other knowledgeable and intelligent people of higher order or from the Vedic scriptures. Based on his
profound knowledge of the Vedas, Upanishadas and Bhagavata, Guru Harideva told that whatever
living beings or nonliving matters are there in the creation including the abodes
or the lokas containing those entities and also the minds, intelligence and
sense organs which acted upon those items in the creation are pervaded by one Akhanda
Sat or indivisible and ever existing Ultimate Truth or God Almighty. Guru
Harideva established his educational institution with the ultimate aim of educating
common people about this indivisible, all pervading and eternal Ultimate Truth
and hence he named his educational institution as “Satra”. (to be continued)
ইয়াৰ আগৰ কেইটামান লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাই সাধাৰণ জনতাক শিক্ষাদান কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ধৰণৰ শিক্ষানুষ্ঠান গঢ়াৰ পৰিকল্পনা কৰিছিল আৰু ১৪৫৩ খৃষ্টাব্দত বৰ্ত্তমানৰ বৰপেটা জিলাৰ অন্তৰ্গত বহৰিত প্ৰথমখন অনুষ্ঠান স্থাপন কৰিছিল ।
প্ৰতিষ্ঠা কৰাৰ পিছত গুৰুজনাই নিজে ঘোষণা কৰিছিল যে সৃষ্টিৰ সমস্ত বস্তুৰ অন্তৰালত এক একক পৰম সত্য নিহিত আছে আৰু জনসাধাৰণক সেই পৰম সত্যৰ বিষয়ে তাত্বিক জ্ঞান প্ৰদান কৰাৰ লগতে সেই সত্য উপলব্ধি কৰাৰ ব্যৱহাৰিক উপায় সম্পৰ্কে শিক্ষাদান কৰাই এই অনুষ্ঠানৰ মুখ্য উদ্দেশ্য।
শাস্ত্ৰত কোৱা হৈছে যে সৃষ্টিৰ আৰম্ভণী আছে আৰু নিৰ্দিষ্ট কালৰ অন্তত ই ধ্বংসও হয়্।কিন্তু সৃষ্টিৰ অন্তৰালত যি পৰম সত্য আছে তাৰ কোনো উতপত্তি বা বিনাশ নাই অৰ্থাৎ এই সত্য চিৰন্তন আৰু সেই কাৰণে শাস্ত্ৰীয় ভাষাত ইয়াক “সৎ” বুলি কোৱা হয়। যিহেতু হৰিদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা অনুষ্ঠান এই চিৰন্তন সত্য বা সদ্বস্তুৰ সৈতে সম্পৰ্কিত সেই কাৰণে গুৰুজনাই ইয়াৰ নাম দিছিল সত্ৰ ।সত্ৰ শব্দৰ অৰ্থ ব্যাখ্যা কৰি হৰিদেৱ গুৰুজনাই কৈছে যে তেওঁৰ এই শিক্ষানুষ্ঠান সাধাৰণ জনতাক পৰম সত্য বা সদ্বস্তুৰ ওচৰলৈ নিয়াত বা দৰ্শন কৰাত বা উপলব্ধি কৰাত সহায় কৰিব পৰা ধৰণৰ শাস্ত্ৰসন্মত
আৰ্হিমতে প্ৰতিষ্ঠা কৰা হৈছে কাৰণে ইয়াৰ নাম সত্ৰ।
কথাখিনি বিশদভাৱে বুজোৱাৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই পুনৰ কৈছে যে সৃষ্টিত স্বৰ্গলোক,মৰ্ত্ত্যলোক, পাতাল লোক ইত্যাদি বিভিন্ন বিভাগ আছে ।
স্বৰ্গ বা পাতাল ইত্যাদি লোকৰ আকৌ উচ্চ-উচ্চতৰ, মধ্যম , নিম্ন-নিম্নতৰ ইত্যাদি অনেক প্ৰকাৰৰ বিভাগ আছে ।
সৃষ্টিৰ পৰা আৰম্ভ কৰি ধ্বংসকাল পৰ্যন্ত প্ৰত্যেক লোকতে অসংখ্য প্ৰকাৰৰ বস্তুৰ সৃষ্টি , সংৰক্ষণ আৰু ধ্বংস
কাৰ্য চলি থাকে
।অসংখ্য সৃষ্ট বস্তুৰ ভিতৰৰ এভাগ জীৱ আৰু আনভাগ জড়।আমাৰ ইন্দ্ৰিয় ,মন আৰু বুদ্ধিৰ ক্ষমতা অনুসৰি ইয়াৰে এটা অতি সামান্য সংখ্যক বস্তুহে আমি চাব আৰু অনুভৱ কৰিব পাৰো বা সেই বস্তুৰ ওপৰত কাৰ্য কৰিব পাৰো ।
সিংহভাগ বস্তুৱে আমাৰ ইন্দ্ৰিয় , মন আৰু বুদ্ধিৰ পৰিসীমাৰ বাহিৰত থাকে আৰু সেই বিলাকৰ বিষয়ে জানিবৰ বাবে আমি নিজতকৈ উন্নততৰ জ্ঞান বুদ্ধি সম্পন্ন ঋষি, মুনি , অন্য ব্যক্তি অথবা বৈদিক শাস্ত্ৰৰ সহায় লোৱাৰ প্ৰয়োজন হয়।
বেদ, উপনিষদ,ভাগৱত আদি শাস্ত্ৰৰ অগাধ জ্ঞানসম্পন্ন মহাপুৰুষ হৰিদেৱ গুৰুজনাই কৈছে যে জীৱ আৰু জড় সমস্ত বস্তু আৰু সেই সকলৰ আশ্ৰয়স্থান স্বৰ্গ, মৰ্ত্ত্য ,পাতাল ইত্যাদি সমস্ত লোকৰ লগতে সেই বিলাক দেখা, স্পৰ্শ কৰা,উপলব্ধি কৰা বা সেইবিলাকৰ ওপৰত বিভিন্ন প্ৰকাৰৰ কাৰ্য কৰা মন, বুদ্ধি, ইন্দ্ৰিয় ইত্যাদি সাধনসমুহকে ধৰি সৃষ্টিৰ সকলোতে এক অখণ্ড সৎ বা পৰম সত্য বা পৰমেশ্বৰ ব্যাপ্ত হৈ আছে । জনসাধাৰণক এই জ্ঞান দিয়াৰ লগতে সেই অখণ্ড সদ্বস্তুৰ সাক্ষাৎ লাভ কৰাৰ উপায় সম্বন্ধে শিক্ষা দিয়াটোকে মূল লক্ষ্য হিচাপে লৈ হৰিদেৱ গুৰুজনাই বিশেষ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠা
কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল সত্ৰ ।
(আগলৈ)
No comments:
Post a Comment