In continuation of
the preceding post we should further say that in human society, most of the people
perform various activities to protect the interest of their own family members,
near relatives or members of the society whom they considered to be their own
on the basis of similarities in cast, creed , social and cultural behavior etc.The activities performed by people with such
intention are called materialistic activities. Bhagavata tells that activities
performed with this type of mentality may appear to be beneficial for a small
section of people for the time being but it can not bring any benefit to
anybody in the long run. Explaining the futility of materialistic activities,
the Bhagavata tells that performance of such activities are like the watering
of the branch of a tree. If we pour water on the branch of a tree, it is neither beneficial for the
branch on which water is poured nor
beneficial for the tree as a whole . Instead, if water is poured on the root of
a tree it is distributed throughout the entire tree and benefits all parts of
it including the branches. Moreover, materialistic activities are generally
intended to benefit an individual or a very small group of people by causing
harm to the human society as a whole. In the scriptures
and also in ancient and modern human histories we get so many examples of
conflicts in the human society due to this reason. Guru Harideva observed that considering
the immediate benefits people resort to such activities and due to their
ignorance they cannot assess the negativity of the things. He was also aware of
the fact that, for watering of the root of a tree, people should first know the root to be watered . Then he should know
the way to reach the root and the process of watering etc. Similarly to perform
activities for the benefit of all, people should first know the root behind the
whole creation and then they should know the way of reaching that root and so on.
Through his Satra institution Guru Harideva aimed to teach people these things practically . (to be continued)
ইয়াৰ আগৰ লিখনিৰ আঁত ধৰি কোৱা উচিত যে মানৱ সমাজত সৰহ সংখ্যক লোকে নিজৰ পৰিয়াল , আত্মীয়-স্বজন আৰু নিজৰ জাতি ,ধৰ্ম , সামাজিক ,সাংস্কৃতিক আদি বিষয়ত মিল থকা ক্ষুদ্ৰ সমাজ খনৰ স্বাৰ্থ ৰক্ষাৰ হকে বিভিন্ন প্ৰকাৰৰ কাম কৰে।
এনে ধৰণৰ মানসিকতাৰে কৰা
কৰ্মক বৈষয়িক কৰ্ম বুলি কোৱা হয় ।
ভাগৱতে কৈছে যে এনে ধৰণৰ মনোবৃত্তিৰ অধীন হৈ কৰা কৰ্ম সমুহে সাময়িকভাৱে সমাজৰ এটা সৰু অংশৰ লোকৰ উপকাৰত অহা যেন লাগিলেও প্ৰকৃতাৰ্থত ই সমাজৰ কাৰো একো উপকাৰ কৰিব নোৱাৰে ।এনে প্ৰকাৰৰ বৈষয়িক কৰ্মৰ অৰ্থহীনতা বুজাবলৈ গৈ ভাগৱতে কৈছে যে এই ধৰণৰ কাম গছৰ ডালত পানী দিয়াৰ দৰে ।গছৰ ডালত পানী দিলে ই ডালৰো একো উপকাৰত নাহে আৰু সামগ্ৰিক ভাৱে গছৰো একো উপকাৰ নহয় ।তাৰ পৰিবৰ্ত্তে গছৰ গুৰিত পানী দিলে ইয়াৰ ডাল-পাতকে ধৰি সমস্ত অংশৰ সামগ্ৰিকভাৱে শ্ৰী-বৃদ্ধি হয় ।তদুপৰি বৈষয়িক কৰ্ম সমুহ সাধাৰণতে এজন ব্যক্তি অথবা সমাজৰ এটা অতি ক্ষুদ্ৰ অংশৰ উপকাৰৰ উদ্দেশ্য আগত ৰাখি কৰা হয় আৰু ইয়াকে কৰিবলৈ যাওঁতে সমগ্ৰ মানৱ সমাজো ক্ষতিগ্ৰস্ত হয় ।
শাস্ত্ৰসমুহ আৰু মানৱ সমাজৰ প্ৰাচীন আৰু আধুনিক ইতিহাসত এনে ধৰণৰ কৰ্মৰ দ্বাৰা সৃষ্টি হোৱা অসংখ্য সংঘাতৰ বৰ্ণনা পোৱা যায় ।হৰিদেৱ গুৰুজনাই উপলব্ধি কৰিছিল
যে মানুহে সংকীৰ্ণ আৰু সাময়িক উপকাৰৰ প্ৰতি আকৰ্ষিত হৈ স্বাৰ্থপৰ মনোভাৱেৰে বৈষয়িক কৰ্মসমুহ সম্পন্ন কৰে আৰু অজ্ঞানতাবশতঃ ইয়াৰ ভৱিষ্যত ভয়াবহ পৰিণামৰ বিষয়ে উদাসীন হৈ থাকে ।
হৰিদেৱ
গুৰুজনাই এই তত্বও ভালদৰে জানিছিল যে গছৰ গুৰিত পানী দিয়াৰ অৰ্থে প্ৰথমতে গুৰি ক’ত আছে জনা দৰকাৰ আৰু লগতে তালৈ কিদৰে যাব লাগে,
কিদৰে পানী দিব লাগে ইত্যাদি কথাও জানিব লাগে ।
একেদৰে সৃষ্টিৰ সামগ্ৰিক উপকাৰৰ অৰ্থে কাম কৰিবৰ বাবে সৃষ্টিৰ মূল কি তাক জানিব লাগে আৰু লগতে সেই মূল তত্ববস্তুৰ সংস্পৰ্শ লাভ
আৰু সন্তুষ্টি বিধান কৰাৰ উপায় ইত্যাদিৰ বিষয়ে জ্ঞান আহৰণ কৰা প্ৰয়োজন হয় ।হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰ অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণক এইবিলাক বিষয়ৰ শিক্ষা দিয়াৰ ব্ৰত গ্ৰহণ কৰিছিল ।(আগলৈ)
No comments:
Post a Comment