Tuesday, 17 November 2020

The “Satra” Institution of Guru Harideva-10 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১০)

 In our day to day life we come into contact with so many things. Some of these are animate and some are inanimate. The Akhanda Sat or indivisible Ultimate Truth is present behind all these things. Guru Harideva tried to make common people understand  and   realize this Akhanada Sat through his Satra Institution. But it is not an  easy thing to do. Practically, with the application of our mind and intelligence  it is not possible to find out the ultimate truth behind the things of our daily use also. For understanding the point we can take the example of a piece of cloth .Cloth is a very common item of our day to day use and we always remain in contact with it. A piece of cloth is produced, then we use it for a certain time and then gradually it undergoes destruction. Now, starting from the cloth if we go into inner direction we find that cloth is produced from cotton and so cotton is the cause of the cloth .If we proceed further we find that from cotton plant cotton is produced and so the plant is the cause of cotton. Again cotton plants grow from cotton seeds and so seed is the cause of cotton plant. After investigating up to this point, confusion arises in the mind of  common man like us. We become confused to note that the cotton plant and cotton seed are the cause and effect of each other . The   cotton seeds and the cotton plants rotate one after another like the rings of a chain and we cannot tell whether seeds come first or plants come prior to the seeds. However, people highly educated in material science can make some further studies up to some more steps in the inner direction beyond seeds. But after proceeding for some steps their investigation is also bound to stop at a point before reaching to the ultimate cause of the piece of cloth. The situation is the same for all other things in the creation. In this way we can see that  the mind an intelligence of a human being have some limited utilization in finding out the inner cause of the objects in the creation up to certain level  and after that it cannot move further . The scriptures tell that unless the cause of all causes or the root cause is reached, our investigation towards the inner direction of anything in the creation never ends. Now, this root cause is the Akhanda Sat or Indivisible Ultimate Truth behind everything in the creation. Guru Harideva’s aim was to teach common people the way of finding this root cause behind everything in the creation through his Satra institution. (to be continued)

দৈনন্দিন জীৱনত আমি অনেক বস্তুৰ সংস্পৰ্শলৈ আঁহো ইয়াৰে কিছুমান জীৱ বা চেতন পদাৰ্থ আৰু কিছুমান জড় বা অচেতন পদাৰ্থ অখণ্ড বা অসীম পৰম সদ্বস্তু এই সমস্ততে বিদ্যমান আৰু সাধাৰণ জনতাক এই জ্ঞান দিয়াৰ লগতে অখণ্ড সদ্বস্তু বা পৰম সত্যক উপলব্ধি কৰাৰ পথ প্ৰদৰ্শন কৰাৰ বাবে হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল কিন্তু এই কাম কৰা বৰ সহজ নহয় ইয়াৰ কাৰণ হৈছে মন আৰু বুদ্ধিৰ ব্যৱহাৰিক ক্ষমতা প্ৰয়োগ কৰি আমি আমাৰ নিত্য ব্যৱহাৰ্য বস্তুসমুহত অন্তৰ্নিহিত হৈ থকা অখণ্ড সদ্বস্তুক উপলব্ধি কৰাও সম্ভৱ নহয় কথাখিনি বুজাৰ বাবে আমি এখন কাপোৰৰ উদাহৰণ পাৰো কাপোৰ আমাৰ নিত্য ব্যৱহাৰ্য বস্তু আৰু সদায় আমাৰ গাতে লাগি থাকে এখন কাপোৰ তৈয়াৰ কৰা হয়, কিছুদিনৰ বাবে আমি তাক ব্যৱহাৰ কৰো আৰু ক্ৰমান্বয়ে ধংস হয় এতিয়া কাপোৰখনৰ পৰা আৰম্ভ কৰি ভিতৰৰ পিনে লে আমি দেখো যে কাপোৰ কপাহৰ পৰা তৈয়াৰ কৰা হয় অৰ্থাৎ কপাহ কাপোৰৰ কাৰণ ইয়াতকৈ গভীৰলৈ লে আমি দেখো যে কপাহ গছৰ পৰা উৎপন্ন হয় আৰু সেয়ে গছ কপাহৰ কাৰণ আকৌ কপাহৰ গুটিৰ পৰা কপাহ গছ হয় আৰু সেয়েহে গুটি কপাহ গছৰ কাৰণ   ইয়াৰ পিছতে আমাৰ দৰে সাধাৰণ মানুহৰ বুদ্ধিত কামত আউল লাগে আৰু মনত খেলি মলি আৰম্ভ  হয় আমি দেখো যে কপাহ গছৰ পৰা কপাহ গুটি উৎপন্ন হয় আৰু গুটিৰ পৰা পুনৰ গছ গজে   গুটিৰ পৰা গছ আৰু গছৰ পৰা গুটিৰ পুনৰাবৃত্তি হৈ থাকে আৰু গছ আগতে আহে নে গুটি আগতে আহে তাকে লৈ আমাৰ মনত খেলিমেলিৰ সৃষ্টি হয় অৱশ্যে সাধাৰণ লোকতকৈ বেছি বুদ্ধিমান কিছুমান ব্যক্তিয়ে গভীৰ স্তৰৰ অধ্যয়ন কৰি গুটিৰ পৰা  আৰু কেটামান স্তৰ ভিতৰলৈ অনুসন্ধান কৰি সাধাৰণ লোকে ভৱাতকৈ অধিক সুক্ষ্মতৰ তথ্য লাভ কৰিব পাৰে কিন্তু তেওঁলোকেও এটা নিৰ্দিষ্ট সীমালৈ যোৱাৰ পিছত তাতোকৈ অধিক আৰু ভিতৰলৈ যাব নোৱাৰা হয় আৰু  মূল কাৰণ বিচাৰি নোপোৱাকৈয়ে অনুসন্ধান সমাপ্ত কৰিব লগীয়া হয় সৃষ্টিৰ সকলো বস্তুৰ ক্ষেত্ৰতে এই কথা সত্য এনেদৰে দেখা যায় যে এটা নিৰ্দিষ্ট সীমা পৰ্যন্ত মানুহৰ মন আৰু বুদ্ধিৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰি যদিও বুদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰি কোনো বস্তুৰ মূল কাৰণ বিচাৰি পোৱা সম্ভৱ নহয় শাস্ত্ৰত কোৱা হৈছে যে যেতিয়ালৈকে সৰ্ব কাৰণৰ কাৰণ অৰ্থাৎ মূল কাৰণ বিচাৰি উলিওৱা নহয় তেতিয়ালৈকে জগতৰ বস্তুৰ কাৰণ বিচাৰি কৰা আমাৰ অনুসন্ধান সমাপ্ত নহয় মূল কাৰণেই হৈছে অখণ্ড সদ্বস্তু বা পৰম সত্য বা পৰমেশ্বৰ হৰিদেৱ গুৰুজনাই সাধাৰণ জনতাক সমস্ত জগতৰ   এই মূল কাৰণ বিচাৰি উলিওৱাৰ শিক্ষা দিয়াৰ অৰ্থে সত্ৰ স্থাপন কৰিছিল (আগলৈ)

No comments:

Post a Comment