Friday, 27 November 2020

The “Satra” Institution of Guru Harideva-15 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১৫)

 

Guru Harideva used to study  the Bhagavadgita as a part of his “nitya karma” or daily routine works. We will discuss the influence of the teachings of Bhagavdgita in his life at proper place. Here, in the light of Bhagavadgita, we want to have some idea about the Akhanda Sat, that is, the  prime aim of the Satra institution established by Guru Harideva. In the Bhagavadgita it is told that the word “Sat” indicates the Param Brahma and that is another name of the indivisible Ultimate Truth or the Akhanda Sat. So one meaning of the “Sat” as per Bhagavatgita, is  the eternal Ultimate Truth that  exists  prior to the creation , during sustenance of the creation and after annihilation of the creation . Regarding this eternal existence or “Sat Bhava” of the Param Brahma we discussed in the preceding posts. Elaborating the second meaning of the  word Sat”, Bhagavadgita tells that this word is used to mean  “Sadhu Bhava”, which signifies goodness in the thought and intention of  one’s mind . Whenever some good or saintly expression is there in the mental thought behind something, we signify that thought with the word “Sat”. For example the company of people who have good thought and intention is called  “Satsanga”. Similarly , a good decision is called “sat siddhanta”, a good behavour  is called “sat byavahara” and so on . A person with “Sadhu Bhava” or good intention in mind can promote the harmony of the world and can help the activities in the creation to run smoothly. Explaining the meaning and practical use of the word “Sat”, Bhagavadgita further tells that, whenever some good deed is performed with good intention in mind, then the word “Sat” is added  as adjective  to that work and then it is called “Sat Karma”. Emphasizing the importance of “Sat Karma”, Bhagavadgita tells that as human beings we have duties towards ourselves,  towards other  people and all other things in the creation and also towards the Supreme Divinity or God Almighty.  The duties performed by us for the satisfaction of the God Almighty are called Yajna or sacrifice. The duties that we perform for the welfare of others are called Dana or philanthropic deeds. The austerities like self-control, self-discipline, restraint of the mind and the sense organs etc, that we perform for our own benefits are called Tapas. Performance of  these duties with pure mind and without expectation of anything in return,  is said to be the performance of good deeds or Sat Karmas. Those who are interested in realizing the God Almighty or Akhanda Sat must perform sacrifice, charity and austerity for purification of mind. Guru Harideva  included all these teachings of the Bhagavadgita  in the list of activities of the Satra Institution established by him. The details of these things we will discuss at proper place . (to be continued )

নিত্যকৰ্মৰ অংশ হিচাপে হৰিদেৱ গুৰুজনাই নিতৌ ভাগৱদ্গীতা অধ্যয়ন কৰিছিল গুৰুজনাৰ জীৱনত ভগৱদ্গীতাৰ প্ৰভাৱ সম্পৰ্কে যথাস্থানত বিতংভাৱে আলোচনা কৰা ইয়াত কেৱল হৰিদেৱ গুৰুজনাৰ সত্ৰৰ মূল লক্ষ্য অৰ্থাৎ অখণ্ড সদ্বস্তু সম্পৰ্কে ভগৱদ্গীতাত কি কোৱা হৈছে তাৰ আভাস বলৈ চেষ্টা কৰা হৈছেগীতাত কোৱা হৈছে যে সৎ শব্দৰ দ্বাৰা পৰম ব্ৰহ্মক বুজোৱা হয় এই পৰম ব্ৰহ্মই হৈছে অখণ্ড সদ্বস্তু বা পৰম সত্য বা পৰমেশ্বৰ গতিকে ভগৱদ্গীতাৰ মতে সৎ শব্দৰ এটা অৰ্থ হৈছে সেই সনাতন অখণ্ড সদ্বস্ত যি সৃষ্টিৰ পূৰ্বতো থাকে , সৃষ্টি চলি থকা অৱস্থাতো থাকে আৰু সৃষ্টি নাশ হোৱাৰ পিছতো থাকে এই সনাতন অস্তিত্বৰ ধাৰণাকে সৎ ভাৱ বুলি কোৱা হৈছে    আৰু এই বিষয়ে পূৰ্বৰ লিখনি সমুহত আলোচনা কৰি অহা হৈছে ভগৱদ্গীতাত সৎ শব্দৰ দ্বিতীয় অৰ্থ সাধু ভাৱ বা মনৰ পবিত্ৰ ভাৱ বুলি কোৱা হৈছে অৰ্থাৎ সৎ শব্দৰ দ্বাৰা মানুহৰ মনৰ শুভ ভাৱনা আৰু উদ্দেশ্যৰ সততা বুজোৱা হয় যেতিয়া আমি কৰবাত কিবা মঙ্গলময় বা সততাপূৰ্ণ ভাৱ আৰু উদ্দেশ্য দেখা পাওঁ তেতিয়া তাতে সৎ ভাৱৰ প্ৰকাশ হোৱা বুলি অনুভৱ কৰো উদাহৰণ স্বৰূপে মনত শুদ্ধ ভাৱনা  আৰু উদ্দেশ্যৰ সততা থকা ব্যক্তিৰ সঙ্গক সৎসঙ্গ বুলি কোৱা হয় সেইদৰে ভাল সিদ্ধান্তক সৎ সিদ্ধান্ত , ভাল ব্যৱহাৰক সদ্ব্যহাৰ বুলি কোৱা হয়; অৰ্থাৎ সৎ শব্দৰ বিশেষণ লগাই শুভ ভাৱযুক্ত আৰু মঙ্গলময় উদ্দেশ্যমূলক সকলো বিষয়-বস্তুকে বৰ্ণনা কৰা হয়সাধুভাৱ, অৰ্থাৎ মানুহৰ মনৰ মঙ্গলকাৰক ভাৱনাই ভগৱানৰ সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰে আৰু সৃষ্টিকাৰ্য সুকলমে চলাৰ ক্ষেত্ৰত সহায়ক হয় ।এনেদৰে  শব্দৰ ব্যৱহৰিক  অৰ্থ ব্যাখ্যা  কৰি  গীতাত পুনৰ কোৱা হৈছে যে মঙ্গলময় ভাৱনা আৰু উদ্দেশ্য লৈ যিবিলাক কৰ্ম কৰা হয় সেই কৰ্মৰ সৈতে সৎ শব্দ যুক্ত কৰা হয় অৰ্থাৎ তেনে কৰ্মক সৎ কৰ্ম বুলি কোৱা হয় সৎ কৰ্মৰ গুৰুত্ব প্ৰকাশ কৰি গীতাত কোৱা হৈছে যে  মানুহ হিচাপে সংসাৰলৈ অহাৰ পিছত আমাৰ নিজৰ প্ৰতি, নিজৰ বাহিৰত থকা সৃষ্টিৰ অন্যান্য স্থাৱৰ-জঙ্গম বস্তু আৰু পৰমেশ্বৰৰ প্ৰতি কৰিব লগীয়া কৰ্ত্তব্য থাকে ইয়াৰ ভিতৰত ঈশ্বৰৰ সন্তুষ্টিৰ বাবে যি সমুহ  কৰ্ম কৰা হয় তাক যজ্ঞ বুলি কোৱা হয় জীৱ-জড় সকলোকে সামৰি সমগ্ৰ জগতৰ মঙ্গলৰ অৰ্থে যি ত্যাগমূলক কাম কৰা হয় তাকে দান বুলি  কোৱা হয় মানুহে  আত্মসংযম , স্বভাৱৰ সংশোধন , মন-ইন্দ্ৰিয়ৰ নিযন্ত্ৰণ আদিকে ধৰি যিবিলাক কষ্টকৰ নিয়ম-সংযম নিজৰ মঙ্গলৰ বাবে পালন কৰে তাক তপস্যা বুলি কোৱা হয় ।সেৱাৰ মনোভাৱ লৈ নিস্বাৰ্থ ভাৱে এই কৰ্মসমুহ কৰি লেই সৎ কৰ্ম কৰা হয় বুলি গীতাত কোৱা হৈছেযি ব্যক্তিয়ে অখণ্ড সদ্বস্তু বা পৰমেশ্বৰক উপলব্ধি কৰিব খোজে তেনে ব্যক্তিয়ে আত্মশুদ্ধিৰ বাবে যজ্ঞ , দান আৰু তপস্যাৰ ৰূপত সৎ কৰ্ম কৰাৰ প্ৰয়োজন হৰিদেৱ গুৰুজনাই সত্ৰৰ জৰিয়তে জনসাধাৰণক এই সকলো প্ৰকাৰৰ সৎ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল (আগলৈ)

No comments:

Post a Comment