Wednesday, 25 November 2020

The “Satra” Institution of Guru Harideva-14 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১৪)

 

We, the common human being are accustomed  to seeing all other human beings  and things  outside us with reference to our own body. When we tell “it is me” and “this is mine” then we mean our body and the things possessed by our body.  So, when  things are explained with reference to our body, we can understand them easily. Our own body consists of a large number of limbs of various sizes, shapes and also our different limbs perform different functions. The consciousness which permeates the whole body is one and the functions of all the limbs are controlled by that single consciousness. We can feel the presence of conscious in the body through the actions performed by different limbs of the body.  Considering from this angle,  Bhagavata  tells that the whole creation is  one single body  and Akhanda Sat or indivisible Ultimate Truth or God Almighty is the consciousness of that body . Explaining this further , it is again told  that the five basic lements - space or ether , air ,fire , water and earth; the sun, moon ,stars and all other luminaries; all living beings, the trees and other plants, the rivers and oceans and whatever living and non living entities are there in the creation, are included in the body of the God almighty  as its limbs. The Akhanda Sat or God Almighty or Hari or whatever name we call it, is the all permeating consciousness of that universal body. In this way the Akhanda Sat or Ultimate Truth is explained in the Bhagavata at many places with  the help of many analogies, examples and stories to bring the knowledge of the Vedas to the reach of the common people . If we take the gist of all these elaborations,  we can easily understand  that the things which did not exist before the creation and the things which do not exist after the destruction of the creation, cannot have existence of its own in the middle. So whatever we see,  listen ,touch , taste and the things on which we act upon with  hands , feet or other organs of action and  mind,  do not have their own independent existence . All of these are nothing but different expressions of one Akhanda Sat or indivisible Ultimate Truth or God Almighty.  Realization of  this Akhanda Sat or the Ultimate Truth through the teachings of the Bhagavata was the main Aim of the Satra Institution established by Guru Harideva . (to be continued)

আমাৰ দৰে সাধাৰণ মানুহে নিজৰ বাহিৰত থকা  অন্য সকলো মানুহ আৰু বস্তুৰ সৈতে নিজৰ শৰীৰক সংযোগ কৰি লৈ সেইবিলাকৰ সৈতে সম্বন্ধ স্থাপন কৰে আমি যেতিয়াএইজন মইবাএইটো মোৰবুলি ভাৱো তেতিয়া মই বা মোৰ শব্দৰ দ্বাৰা শৰীৰ আৰু শৰীৰৰ সৈতে সম্বন্ধ থকা বস্তুকে বুজোৱা হয় সেই কাৰণে  কোনো কথা শৰীৰৰ সৈতে সম্পৰ্কিত কৰি বুজাই দিলে আমি সহজতে বুজিব পাৰো আমাৰ নিজৰ শৰীৰত বিভিন্ন আকাৰ-আকৃতি যুক্ত বহুতো অঙ্গ-প্ৰত্যঙ্গ আছে আৰু সেইবোৰে বিভিন্ন প্ৰকাৰৰ কাম কৰেশৰীৰৰ সৈতে সংযুক্ত চেতনা এক আৰু এই একক চেতনাই  শৰীৰৰ  সকলো অঙ্গ্-প্ৰত্যঙ্গকে নিজৰ শৰীৰ বুলি অনুভৱ কৰে আৰু সকলো অঙ্গ-প্ৰত্যঙ্গই কৰা প্ৰত্যেকটো কাম শৰীৰৰ চেতনাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় নিজৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গৰ চেতনা আৰু  চেতনাই নিয়ন্ত্ৰণ কৰা অঙ্গ-প্ৰত্যঙ্গৰ কিছুমান কাম আমি অনুভৱ কৰিব পাৰো দিশেৰে বিবেচনা কৰি ভাগৱতত কোৱা দিয়া হৈছে যে সমস্ত সৃষ্টি হৈছে এক বিৰাট শৰীৰ আৰু অখণ্ড সদ্বস্তু বা পৰম সত্য সেই জগত শৰীৰৰ চেতনা কথাখিনি স্পষ্টভাৱে ব্যাখ্যা কৰি ভাগৱতে কৈছে যে পঞ্চমহাভূত অৰ্থাৎ আকাশ ,বায়ু , অগ্নি, জল্, ভূমি; চন্দ্ৰ ,সূৰ্য গ্ৰহ-নক্ষত্ৰ আদি সমস্ত জ্যোতিষ্ক; সমস্ত জীৱ; গছ গছনি আদি সমস্ত উদ্ভিদ জগত; নদী ,সমুদ্ৰকে ধৰি সমস্ত জড়জগত আৰু অন্যান্য যি যি বস্তু জগতত থাকিব পাৰে সেই সমস্তই পৰমেশ্বৰৰ  বিৰাট শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গ পৰম সত্য বা পৰমেশ্বৰ বা শ্ৰীহৰি বা  অখণ্ড সদ্বস্তু ইত্যাদি নামৰ দ্বাৰা পৰমেশ্বৰৰ সেই বিৰাট ব্ৰহ্মাণ্ড শৰীৰত সৰ্বব্যাপ্ত হৈ থকা একক চৈতন্য বা আত্মাক বুজোৱা হয় ভাগৱতৰ অনেক স্থানত বিভিন্ন প্ৰকাৰৰ উপমা, উদাহৰণ আৰু কাহিনীৰ মাধ্যমত অনেক ধৰণে  অখণ্ড সদ্বস্তুৰ জ্ঞান সহজভাৱে বুজাই দিয়াৰ চেষ্টা কৰা হৈছে এই সকলোখিনি কথাৰে সাৰাংশ হৈছে যে সৃষ্টিৰ পূৰ্বতে যি নাছিল আৰু সৃষ্টি ধ্বংস হোৱাৰ পিছত যি নাথাকে,  মধ্যকাল বা সৃষ্টি চলি থকা সময়ত সেই বস্তুৰ নিজা অস্তিত্ব থাকিব নোৱাৰে গতিকে আমাৰ চাৰিওফালে  আমি যি দেখো , শুনো , স্পৰ্শ কৰো ,গোন্ধ অনুভৱ কৰো , সোৱাদ গ্ৰহণ কৰো আৰু হাত ভৰিকে আদি কৰি শৰীৰ কৰ্মেন্দ্ৰিয় সমুহৰ দ্বাৰা যিবিলাক বস্তুৰ ওপৰত কাৰ্য কৰোএইবিলাক একো বস্তুৰে নিজা অস্তিত্ব নাই এই সকলোখিনি এক অখণ্ড সদ্বস্তু বা পৰম সত্য বা পৰমেশ্বৰৰ বিভিন্ন প্ৰকাৰৰ অভিব্যক্তি মাত্ৰ ভাগৱত শাস্ত্ৰই দিয়া শিক্ষাৰ ব্যহাৰিক প্ৰয়োগ কৰি এই অখণ্ড সদ্বস্তুক উপলব্ধি কৰাৰ শিক্ষা দিয়াৰ উদ্দেশ্যে হৰিদেৱ গুৰুজনাই যি বিশেষ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল তাৰ নাম দিয়া হৈছিল সত্ৰ (আগলৈ)    

No comments:

Post a Comment