The original source of all kinds of knowledge is called the Vedas. It is also told that Vedas originated from the God Almighty and appeared in the super refined inner senses or minds of the seers or the sages having capability to see or directly feel the Vedas or knowledge. The seers or the sages are free from the limitations of time, space and matter and so they have extraordinary powers of inner senses. Hence, like common people, they need not follow normal procedure to attain knowledge. With the direct realization of the omniscient Ultimate Truth or God Almighty in their inner senses , they attain all types of knowledge without any external help. If we go through Bhagavata or other Vedic scriptures we can have many examples of demigods and sages who attained knowledge in this way. But the thing are not like that for us .We, the common people are bounded with limitations of time, space and matters and hence we cannot get any idea of anything unless things are expressed by sound vibration or visual presentation etc . So the seers of the Vedas expressed their knowledge for the benefit of mankind through sound vibration or uttering of words. Because of this the Vedas are called the Shabda Brahma, that is, the Brahma expressed through sound vibration . Also the Ultimate Truth expressed by those sound vibrations or shabdas is called Param Brahma . From this original source containing all kinds of knowledge, Knowledge of different subjects are categorized and compiled in different scriptures from time to time in the later periods. In this process the spiritual part of the knowledge contained in the Vedas are compiled in the Upanishadas. In the Vedas and Upashidas the Param Brahma is said to be the Akhanda Sat. It is also said that the “Sat” exists since prior to the creation;based on the “Sat” the creation is expressed and sustained and the “Sat” only exists after the annihilation of the creation . Again Bhagavadgita contains the gist of the knowledge contained in the Upanishadas . In the Bhagavadgita it is told that “Om” , “Tat” and “Sat” –these three words or names indicate the Param Brahma or Supreme Brahman which is also called the indivisible Ultimate Truth or the Akhanda Sat or the God Almighty. Guru Harideva’s aim was to bring this supreme knowledge of the Vedas, Upanishadas and Bhagavdgita to the reach of the common people through his Satra Institution. (to be continued)
জগতত যিমান প্ৰকাৰৰ জ্ঞান আছে সেই সমস্ত জ্ঞানৰ মূল উৎসকে বেদ বুলি কোৱা হৈছে।
লগতে কোৱা হৈছে যে পৰমেশ্বৰৰ পৰা বেদৰ উৎপত্তি হৈছিল আৰু জ্ঞানৰ প্ৰত্যক্ষ দৰ্শন বা প্ৰত্যক্ষ অনুভৱ কৰাৰ ক্ষমতা থকা বেদদ্ৰষ্টা বা মন্ত্ৰ দ্ৰষ্টা ঋষি মুনিসকলৰ শুদ্ধ আৰু পবিত্ৰ অন্তঃকৰণত বেদজ্ঞান উদ্ভাসিত হৈছিল ।মন্ত্ৰদ্ৰ্ষ্টা ঋষিসকল দেশ , কাল আৰু বস্তুজগতৰ সীমাৰ বন্ধনৰ পৰা মুক্ত হোৱা হেতুকে তেওঁলোকৰ অন্তঃকৰণ বা মন-বুদ্ধি-ইন্দ্ৰিয়ৰ ক্ষমতা অসাধাৰণ হয়।সেই কাৰণে তেওঁলোকে সাধাৰণ মানুহৰ দৰে নীতি নিয়মৰ মাজেৰে জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন নাথাকে ।নিজৰ অন্তঃকৰণত সৰ্বজ্ঞানৰ আধাৰ অখণ্ড সদ্বস্তু বা পৰম সত্য বা পৰমেশ্বৰৰ প্ৰত্যক্ষ অনুভূতি হোৱাৰ ফলত তেওঁলোকে বাহিৰৰ পৰা কাৰো একো সহায় নোলোৱাকৈয়ে সকলো বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে।ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰ অধ্যয়ন কৰিলে আমি এনে জ্ঞানসম্পন্ন অনেক ঋষি-মুনি,দেৱী-দেৱতা আদিৰ উদাহৰণ পাওঁ। কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ বাবে কথাবিলাক তেনে নহয় ।
দেশ কাল আৰু বস্তুজগতৰ বন্ধনত আৱদ্ধ হৈ থকা হেতুকে কোনো শব্দ বা দৃশ্য আদিৰ মাধ্যমত প্ৰকাশ নকৰিলে আমি একো কথা বুজি নাপাওঁ।
সেই কাৰণে বেদৰ দ্ৰষ্টা ঋষিমুনি সকলে নিজে প্ৰত্যক্ষ ৰূপত
অনুভৱ কৰা জ্ঞানৰ ভাগ আমাক দিবৰ বাবে ইয়াক শব্দৰ দ্বাৰা প্ৰকাশ কৰিছিল ।
সেয়েহে বেদক শব্দব্ৰহ্ম বুলি কোৱা হয় আৰু শব্দব্ৰহ্মৰ দ্বাৰা প্ৰকাশিত হোৱা মূল বিষয় পৰম সত্য বা পৰমেশ্বৰক পৰম ব্ৰহ্ম বুলি কোৱা হয় ।
সকলো প্ৰকাৰৰ জ্ঞানৰ মূল ভাণ্ডাৰ স্বৰূপ বেদৰ পৰা বিভিন্ন প্ৰকাৰৰ জ্ঞান পৃথক পৃথক শ্ৰেণীভুক্ত কৰি পৰবৰ্ত্তী কালত বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰৰ প্ৰণয়ন কৰা হৈছে ।
এই প্ৰক্ৰিয়াত বেদৰ অন্তৰ্গত পাৰমাৰ্থিক জ্ঞান বিষয়ক কথাসমুহ বাছি উলিয়াই উপনিষদ নামৰ শাস্ত্ৰসমুহৰ প্ৰণয়ন কৰা হৈছে।
বেদ আৰু উপনিষদত পৰম ব্ৰহ্মকে অখণ্ড সদ্বস্তু বুলি নিৰ্দেশ কৰি কোৱা হৈছে যে অখণ্ড সদ্বস্তু সৃষ্টিৰ পূৰ্বৰে পৰা থাকে , সব্দস্তুক আশ্ৰয় কৰিয়ে সৃষ্টিৰ উৎপত্তি আৰু পৰিচালনা হয় আৰু সৃষ্টিৰ নাশ হোৱাৰ পিছতো স্বদ্বস্তু থাকি যায়।আনহাতে সকলো উপনিষদৰে সাৰ অংশ গ্ৰহণ কৰি শ্ৰীমদ্ভাগৱদ্গীতা শাস্ত্ৰ প্ৰণয়ন কৰা হৈছে আৰু ইয়াত কোৱা হৈছে যে ওম্ , তৎ আৰু সৎ এই তিনিটা শব্দ বা নামৰ দ্বাৰা এক পৰম ব্ৰহ্মকে বুজোৱা হয় আৰু সেই পৰম ব্ৰহ্মই পৰম সত্য বা পৰমেশ্বৰ বা অখণ্ড সদ্বস্তু।
বেদ, উপনিষদ, ভগৱদ্গীতা আদি শাস্ত্ৰত বৰ্ণনা কৰা এই পৰম বৈদিক জ্ঞান সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে হাৰিদেৱ গুৰুজনাই সত্ৰ স্থাপন কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment