Friday, 13 November 2020

The “Satra” Institution of Guru Harideva-8 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৮)

 

One ‘Akhanda Sat’, that is, indivisible Ultimate Truth or God Almighty is pervading everything manifested in the creation and realization of that Ultimate Truth is the ultimate goal of human life. With the aim to make common people understand this fact in an easy way Guru Harideva established his “Satra” institution. By “Akhanda Sat” Guru Harideva intended to mean that God Almighty is the all comprehensive infinite existence and nothing can exist without God or nothing outside God exists in the creation. To understand the point we can think as follows. People like us exist in the creation for a very small period of time from birth to till death and after death we cease to exist. Again, when we are present in one place at a certain time we are absent in all other places in the creation during that time. Also, if someone keeps a place occupied by sitting there, we cannot occupy that place until he vacate that place. In his way our existence is divided   by time, space, and matters. But things are not like that in case of the Ultimate Truth or God Almighty. God is Eternal and so God exists for all times. God is omnipresent, that is, God is present everywhere and at all times. Also  because of his omnipresence characteristic, all places are always  kept occupied by the God Almighty and in spite of that we  can occupy  places  as because we ourselves are included in the all comprehensive infinite existence of the God Almighty. In this way we can have some idea about the “Akhanda Sat” mentioned by Guru Harideva. We are subjected to some other kinds of divisions also.   Our body has different limbs of different sizes and shapes. We identify these with different names. This is one kind of division. Again two trees or two dogs or two human beings are different from each other and this is another kind of division. Also, a tree is different from a stone or a dog or a human being and like that. This is the third type of division. In this way everything that exist in the creation are  divided . But the all pervading Ultimate Truth or God Almighty  is only one and no division as above can be imagined in case of God Almighty. Guru Harideva tried to bring this supreme Vedic Knowledge of the  “Akhanda Sat” or Indivisible Ultimate Truth  to the reach of common people through his Satra institution .(to be continued)

এক অখণ্ড সদ্বস্তু অৰ্থা অবিভাজ্য পৰম সত্য বা পৰমেশ্বৰ সৃষ্টিৰ সমস্ত বস্তুতে ব্যাপ্ত হৈ আছে আৰু সৃষ্ট বস্তুৰ অন্তৰালত থকা সেই অখণ্ড সদ্বস্তুক উপলব্ধি কৰাই  মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য  জনসাধাৰণক এই কথা সহজভাৱে বুজাই দিয়াটোকে প্ৰধান লক্ষ্য হিচাপে লৈ হৰিদেৱ গুৰুজনাই সত্ৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল অখণ্ড সৎ বুলি কৈ হৰিদেৱ গুৰুজনাই বুজাব খুজিছে যে পৰমেশ্বৰ সৃষ্টিৰ সমস্তকে সামৰি ৰখা এক অনাদি-অনন্ত তত্ব পৰমেশ্বৰক বাদ দি একো থাকিব নোৱাৰে বা পৰমেশ্বৰৰ বাহিৰত একো নাই কথাখিনি বুজাৰ বাবে আমি এনে ধৰণে চিন্তা কৰি চাব পাৰো আমাৰ দৰে ব্যক্তি জন্মৰ পৰা মৃত্যুলৈকে অলপ সময় মাত্ৰ সৃষ্টিত থাকে আৰু মৃত্যুৰ পিছত  সৃষ্টিত সেই ব্যক্তিৰ কোনো অস্তিত্ব নাথাকে আকৌ আমি যেতিয়া কোনো এখন ঠাইত উপস্থিত থাকো সেই সময়খিনিত  অন্য কোনো ঠাইত উপস্থিত থাকিব নোৱাৰোআনহতে কোনো এজন ব্যক্তিয়ে যদি কোনো স্থানত বহি থাকে তেন্তে তেওঁ সেই ঠাই খালী নকৰা পৰ্যন্ত আমি সেই ঠাইত বহিব নোৱাৰো এনেদৰে আমাৰ অস্তিত্ব স্থান কাল আৰু বস্তুৰ দ্বাৰা খণ্ডিত বা বিভাজিত হয় কিন্তু পৰম সত্য বা পৰমেশ্বৰৰ ক্ষেত্ৰত কথাবিলাক তেনে নহয় ঈশ্বৰ চিৰন্তন কাৰণে সকলো সময়তে থাকে ঈশ্বৰ সৰ্বব্যাপ্ত হোৱা হেতুকে সকলো স্থানতে  থাকে সৰ্বব্যাপ্ত পৰমেশ্বৰে সকলো স্থান সকলো সময়ৰ বাবে অধিকাৰ কৰি থাকে যদিও আমি নিজে সৰ্বব্যাপ্ত ঈশ্বৰৰ অন্তৰ্গত হোৱা হেতুকে সাময়িকভাৱে সৃষ্টিৰ অন্তৰ্গত কোনো স্থান অধিকাৰ কৰিব পাৰো এনেদৰে  হৰিদেৱ গুৰুজনাই উল্লেখ কৰা অখণ্ড সদ্বস্তু সম্পৰ্কে আমি এক থুলমূল ধাৰণা কৰিব পাৰো আমাৰ বেলিকা এক অন্য প্ৰকাৰৰ বিভাজনো  থাকে আমাৰ শৰীৰত বিভিন্ন আকাৰ আৰু আকৃতি সম্পন্ন অনেক অঙ্গ-প্ৰত্যঙ্গ আছে প্ৰত্যক অঙ্গ-প্ৰত্যঙ্গৰে বেলেগ বেলেগ নাম আছে আমাৰ এক প্ৰকাৰৰ বিভাজন অকৌ দুজোপা গছ , দুটা কুকুৰ বা দুজন মানুহৰ মাজত পাৰ্থক্য আছে আৰু ইও এক প্ৰকাৰৰ বিভাজন আনহতে এজোপা গছৰ লগত  এটা শিল , এটা কুকুৰ বা এজন মানুহৰ পাৰ্থক্য আছে আৰু আমাৰ দৰে সৃষ্ট বস্তুৰ অন্য এক প্ৰকাৰৰ বিভাজন এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে সৃষ্টিত যিমান বস্তু আছে সেই সমস্তৰে বিভাজন আছে বা সমস্তৰে খণ্ডিত বা বিভাজিত অস্তিত্ব আছেকিন্তু পৰম সত্য বা পৰমেশ্বৰ এক আৰু সেই এক পৰমেশ্বৰ সকলোতে আৰু সৰ্বকালতে ব্যাপ্ত হৈ আছে সেয়েহে ওপৰত কৈ অহা ধৰণৰ কোনো প্ৰকাৰৰ বিভাজন পৰমেশ্বৰৰ ক্ষেত্ৰত থাকিব পাৰে বুলি কল্পনা কৰাও সম্ভৱ নহয় হৰিদেৱ গুৰুজনাই তেওঁৰ সত্ৰ অনুষ্ঠানৰ জৰিয়তে অখণ্ড সদ্বস্তু বা পৰমেশ্বৰ সম্পৰ্কে এনে উচ্চ স্তৰৰ পৰম বৈদিক জ্ঞান সৰল ৰূপত জনসাধাৰণৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰিছিল (আগলৈ)

No comments:

Post a Comment