Monday, 9 November 2020

The “Satra” Institution of Guru Harideva-6 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৬)

In the preceding discussions it is told that Veda is the original source of all kinds of knowledge and due to varieties in human mind and intelligence, people acquire and utilize the knowledge of the Vedas according to the meaning they find there. Guru Haridava  said that  Unless one attains self realization, he cannot get the correct meaning of the Vedas. Upanishada, the store house of the supreme Vedic knowledge, explains this with the life story of the great sage Narada. Narada  studied all Vedic texts, grammar, rituals, mathematics, astronomy, philosophy, psychology, the fine arts and various other subjects and attained vast knowledge of all those subjects. Since no knowledge exists outside the Vedas, the knowledge of all these subjects studied by Narada are included in the Vedas  only. But in spite of having  this vast knowledge of the Vedas, sage Narada was not satisfied and peaceful. This was because he was not able to find the Ultimate Truth in whatever meaning he learnt from the Vedas utilizing the capacity of his own mind and intelligence. Then he approached his Guru Sanatkumara who explained to him that whatever Narada learnt was intellectual knowledge or theoretical information only .With this kind of information one can be an expert in understanding the nature of the things only. Through mere theoretical information people can know so many things about the sun ,moon ,stars, fruits , trees , human beings and all other things of this world. Also since learning begins with gathering of information, this type of learning or collection of information is useful in the sense that this is the first step of approach towards self realization. But with mere information about things without having self realization, one cannot have any control over anything and hence such information are not of any ultimate utility in one’s practical life and people cannot be happy with this type of knowledge. So Upanishada suggests that one should know his own Self first and then only he can realize that his own Self is the Self of all other things in the world. In this way after realization of one Ultimate Truth behind everything in this world people can feel united with God Almighty or the Ultimate truth and can become happy and peaceful for forever. With this type knowledge and practical realization of the Ultimate Truth, Guru Harideva started his mission of educating common people through his educational institution in Assam in 1453 CE. (to be continued) 

ইয়াৰ আগৰ লিখনিত স্পষ্টভাৱে কোৱা হৈছে যে বেদ সকলো প্ৰকাৰৰ জ্ঞানৰ মূল ভাণ্ডাৰ মন আৰু বুদ্ধিৰ বিভিন্নতাৰ বাবে বিভিন্ন মানুহে নিজৰ নিজৰ বিচাৰ বুদ্ধিৰ ক্ষমতা আৰু চৰিত্ৰ অনুসৰি বেদৰ পৰা বিভিন্ন প্ৰকাৰ জ্ঞান আয়ত্ব কৰি বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰে হৰিদেৱ গুৰুজনাই কৈছে যে যেতিয়ালৈকে কোনো ব্যক্তিয়ে আত্মজ্ঞান লাভ নকৰে তেতিয়ালৈকে তেওঁ বেদবাণীৰ শুদ্ধ অৰ্থ বিচাৰি নাপায় সৰ্বোচ্চ স্তৰৰ পাৰমাৰ্থিক জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ উপনিষদ শাস্ত্ৰত ঋষি নাৰদৰ কাহিনীৰ মাধ্যমত এই কথা ব্যাখ্যা কৰি বুজোৱা হৈছে নাৰদে আক্ষৰিক অৰ্থত চাৰিখন বেদ অধ্যয়ন কৰাৰ পৰিও ব্যাকৰণ , বৈদিক কৰ্ম কাণ্ড ,অঙ্কশাস্ত্ৰ , জ্যোতিষ শাস্ত্ৰ , জ্যোতিৰ্বিজ্ঞান , দৰ্শন , মনোবিজ্ঞান , সঙ্গীত নৃত্যাদি সমস্ত কলা ইত্যাদিকে ধৰি অনেক শাস্ত্ৰ অধ্যয়ন কৰি প্ৰভূত জ্ঞান আৰু বিদ্যা অৰ্জন কৰিছিল্। যিহেতু বেদৰ বাহিৰত একো জ্ঞান থাকিব নোৱাৰে গতিকে নাৰদে আয়ত্ব কৰা সকলো জ্ঞান আৰু বিদ্যা বেদৰে অন্তৰ্গত কিন্তু ইমান বিশাল বেদজ্ঞান আয়ত্ব কৰাৰ পিছতো নাৰদে মনত সন্তোষ আৰু শান্তি পোৱা নাছিল ইয়াৰ কাৰণ আছিল নাৰদে নিজৰ মন আৰু বুদ্ধিৰ ক্ষমতা ব্যৱহাৰ কৰি বেদ অধ্যয়ন আৰু সাধনা কৰিছিল যদিও বেদৰ একমাত্ৰ আলোচ্য বিষয় পৰম সত্য বা পৰমেশ্বৰৰ সন্ধান পোৱা নাছিল তেতিয়া তেওঁ গুৰু সনতকুমাৰৰ শৰণাপন্ন হোৱাত সনত কুমাৰে নাৰদক উপদেশ দি কৈছিল যে এতিয়ালৈকে তেওঁ যি শিকিছে সেইখিনি বুদ্ধিৰ দ্বাৰা আয়ত্ব কৰি লোৱা জ্ঞান বা তত্বমূলক তথ্যৰ সংগ্ৰহ মাত্ৰ এনে প্ৰকাৰৰ তাত্বিক তথ্য সংগ্ৰহৰ দ্বাৰা কোনো এটা বস্তুৰ স্বভাৱ চৰিত্ৰৰ বিষয়েহে ভালদৰে জানিব পাৰি সনত কুমাৰে শিষ্য নাৰদক কৈছিল যে অধ্যয়নৰ দ্বাৰা তত্বমূলক তথ্য সংগ্ৰহ কৰি আমি সূৰ্য ,চন্দ্ৰ, তৰা ইত্যাদিৰ পৰা আৰম্ভ কৰি গছ ,শিল মানুহ ইত্যাদিলৈকে জগতত যিমান বস্তু আছে সেই সকলোৰে বিষয়ে জানিব পাৰো।আকৌ যিহেতু সকলো প্ৰকাৰৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া মূলতঃ তথ্য সংগ্ৰহৰ পৰাই আৰম্ভ হয় গতিকে পাৰমাৰ্থিক শিক্ষাৰ প্ৰাথমিক পদক্ষেপ হিচাপে এনে তথ্য সংগ্ৰহমূলক শিক্ষাৰো কিছু মূল্য আছে কিন্তু আত্মজ্ঞান অবিহনে কোনো বস্তুৰ তাত্বিক তথ্য সংগ্ৰহ কৰিলেই সেই বস্তু নিয়ন্ত্ৰণৰ অধীনলৈ নাহেউদাহৰণ স্বৰূপে কোনো ব্যক্তিয়ে সূৰ্যৰ বিষয়ে সকলো প্ৰকাৰৰ তাত্বিক জ্ঞান আহৰণ কৰিলেও সূৰ্যৰ নিয়ন্ত্ৰণ তেওঁৰ হাতলৈ নাহেসকলো বস্তুৰ ক্ষেত্ৰতে এই কথা সত্য সেই কাৰণে এই প্ৰকাৰৰ জ্ঞানৰ দ্বাৰা কোনেও কেতিয়াও সন্তোষ লাভ কৰিব নোৱাৰে  উপনিষদত ইয়াৰ সমাধান দি কোৱা হৈছে  যে মানুহে প্ৰথমে নিজৰ আত্মাক উপলব্ধি কৰিব লাগে আৰু নিজৰ আত্মাই জগতৰ সকলো বস্তুৰো আত্মা বুলি জানিব লাগে এনেদৰে জগতৰ সমস্ত বস্তু এক পৰম সত্য বা পৰমাত্মাৰ বিভিন্ন প্ৰকাশ আৰু নিজেও জগতৰ সেই আত্মিক একত্বৰ অন্তৰ্গত বুলি উপলব্ধি কৰিব পাৰিলে মানুহে চিৰকালৰ বাবে সম্পূৰ্ণ সুখ আৰু শান্তি লাভ কৰিব পাৰে নিজে এই ধৰণৰ জ্ঞান আৰু আত্ম উপলব্ধি লাভ কৰাৰ অন্তত হৰিদেৱ গুৰুজনাই জনসাধাৰণক শিক্ষা দিয়াৰ উদ্দেশ্যে ১৪৫৩ খৃঃত তেওঁৰ বিশেষ শিক্ষানুষ্ঠান স্থাপন কৰিছিল (আগলৈ)

No comments:

Post a Comment