From
the Ramayana we come to know that the king Ravana possessed tremendous material
power. His capital was built up with gold; he was able to go to any planet with
the help of his airship. All human beings, celestial of heavens and even the demigods were afraid of him and used
to serve him. He used to satisfy his own ego with all those powers and activities.
From the Mahabharata and Bhagavta we come to know that Hiranyaksha, Hiranykashipu , Jarasandha ,
Shisupala and many other prominent characters ruled different parts of the creation of God
at different times. All of them were physically very strong, They were very
rich with material possessions and also all of them were well versed in the Vedas
and Vedic scriptures. They became powerful because of being well
versed in the application of Vedic scientific knowledge. But in spite of their
knowledge of the Vedas, they were of
demonic mentality, they used to discriminate between enemies and friends and they were not equal to
all in their disposition. So in spite of gaining tremendous power and capacity through
the Vedas, their activities became causes of miseries to all and they also invited
their ends by themselves .Guru Harideva had vast knowledge of the Vedas and
Vedic scriptures. With the above stories in mind he observed that there are
many people in human society who possess vast knowledge in different fields. They
are well experienced in application of those knowledge but they are not equal to all . Their minds
discriminate people on the basis of cast ,creed, gender , age , citizenship and on so many
other factors. Hence their activities cannot bring peace and happiness to each
and every person, the other living beings or the world as a whole. Guru Harideva analyzed all these things on the
basis of these examples cited in the Bhagavata and proceeded in his mission of educating common people
through his institution for the well fare of all (to be continued)
ৰামায়ণৰ পৰা আমি জানিব পাৰো যে ৰজা ৰাৱণ বৈষয়িক দৃষ্টিত প্ৰচণ্ড শক্তিৰ অধিকাৰী আছিল।তেওঁৰ ৰাজধানী সোণেৰে নিৰ্মিত আছিল ।নিজৰ বিমানত উঠি তেওঁ গ্ৰহ-গ্ৰহান্তৰলৈ যাব পাৰিছিল ।মানৱ , গ্ৰহ-গ্ৰহান্তৰৰ বাসিন্দা আৰু আনকি স্বৰ্গৰ দেৱী-দেৱতা সকলেও ৰাৱণক ভয় কৰিছিল আৰু তেওঁৰ সেৱাত নিযুক্ত হৈ থাকিবলৈ বাধ্য হৈছিল । কেৱল মাত্ৰ নিজৰ মনৰ অহং ভাৱক সন্তুষ্ট কৰাৰ বাবে ৰাৱণে নিজৰ প্ৰচণ্ড শক্তি ব্যৱহাৰ কৰি ইমান বৃহৎ বৃহৎ কৰ্ম সম্পাদন কৰি গৈছিল ।মহাভাৰত আৰু ভাগৱতত হিৰণ্যক্ষ, হিৰণ্যকশিপু, জৰাসন্ধ , শিশুপাল আদি অনেক চৰিত্ৰৰ অসংখ্য কাৰ্যকলাপৰ কথা বৰ্ণনা কৰা হৈছে । ভগৱানৰ সৃষ্টিৰ বিভিন্ন অংশত বিভিন্ন কালত এই সকলে শাসনকাৰ্য চলাইছিল। এই সকল ব্যক্তি শাৰীৰিক ভাৱে প্ৰচণ্ড শক্তিশালী আছিল , প্ৰভূত পৰিমাণৰ বৈষয়িক বিষয় বস্তুৰ গৰাকী আছিল আৰু তাৰ লগতে তেওঁলোক প্ৰত্যেকে বেদজ্ঞান সম্পন্ন আছিল । বেদৰ পৰা উচ্চ স্তৰৰ বৈজ্ঞানিক তথ্য আহৰণ কৰি সেই জ্ঞানৰ সফল ব্যৱহাৰিক প্ৰয়োগ কৰাত সিদ্ধহস্ত হোৱা হেতুকে বৈষয়িক ক্ষেত্ৰত তেওঁলোকে অকল্পনীয় উন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু প্ৰচুৰ বেদজ্ঞান আয়ত্ব কৰাৰ পিছতো তেওঁলোক আসুৰিক প্ৰবৃত্তিৰ লোক আছিল,তেওঁলোকে শত্ৰু আৰু মিত্ৰৰ মাজত প্ৰভেদ ৰাখিছিল আৰু সকলোৰে প্ৰতি সমদৃষ্টিপন্ন হ’ব পৰা নাছিল । তাৰ ফলত বেদজ্ঞানৰ আশ্ৰয় লৈ তেওঁলোকে কৰা কৰ্মসমুহো সকলোৰে বাবে যন্ত্ৰণাৰ কাৰণ হৈছিল আৰু নিজৰ কৰ্মই তেওঁলোকৰ নিজৰো পতন মাতি আনিছিল । হৰিদেৱ গুৰুজনা বেদ আৰু বৈদিক শাস্ত্ৰৰ তত্বজ্ঞানী পুৰুষ আছিল। শাস্ত্ৰৰ ওপৰোক্ত কহিনীসমুহৰ মাধ্যমত বিচাৰ বিবেচনা কৰি তেওঁ দেখিছিল যে মানৱ সমাজত বিভিন্ন বিষয়ৰ অতি উচ্চ পৰ্যায়ৰ জ্ঞান বুদ্ধি সম্পন্ন অনেক লোক আছে ।এই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰি বৈষয়িক উন্নতি লাভ কৰা লোকৰ সংখ্যাও কম নহয় । কিন্তু এইসকল লোক সকলোৰে প্ৰতি সমভাৱাপন্ন নহয়। তেওঁলোকে জাতি , বৰ্ণ , ধৰ্মবিশ্বাস , লিঙ্গ , বয়স, দেশ ইত্যাদি অনেক বিষয়ৰ ওপৰত ভিত্তি কৰি পৰস্পৰৰ মাজত পাৰ্থক্য দেখা পায়। সেই কাৰণে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ সহায়ত তেওঁলোকে কৰা মহৎ কৰ্মৰ দ্বাৰাও সমাজৰ প্ৰত্যেকজন মানুহ , অন্য জীৱ তথা সমস্ত জগত সুখী হোৱা সম্ভৱ নহয় ।হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰজ্ঞানৰ মাধ্যমত এই সকলো কথা বিচাৰ বিশ্লেষণ কৰি চাইছিল আৰু নিজে প্ৰতিষ্ঠা কৰা অনুষ্ঠানৰ জৰিয়তে সকলোৰে উপকাৰ হ’ব পৰা ধৰণে জনসাধাৰণক শিক্ষিত কৰি তোলাৰ উদ্যোগ লৈছিল ।(আগলৈ)
No comments:
Post a Comment