Monday, 23 November 2020

The “Satra” Institution of Guru Harideva-13 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-১৩)

 In the preceding post we discussed how Bhagavat explains the Vedic knowledge with the analogies of cotton cloth, earthen pot and gold ornaments. Explaining those analogies further, Bhgavata tells that the cloth is made from thread and hence the thread exists prior to the production of the cloth. After production of the cloth, the threads remain included in the cloth. Again, if we take out all threads from the cloth then the cloth will not be there but the thread will still be available. Similarly the clay exists before making of the pots, then the same clay will be there in the shape of the pot and after its destruction, the pot will not be there but the clay will remain. Similar is the case with gold and gold ornaments and all other things in the creation. In a similar way the Akhanda Sat exits before the creation, during sustenance of the creation and after annihilation of the creation. Now analogy is analogy only. It can help us to get some idea of the things up to certain extents only. Analogy cannot explain everything about anything. In the above analogies we can have only some approximate idea of the actual things. Here  the thread, clay  and  gold are construction materials or causes of cloth , pot and ornaments respectively. But the cloth , pot and gold  have  series of further causes of their own. For example, the cause of thread is cotton, again cause of cotton is cotton plant , cause of cotton  plant is cotton seed and so on . But the Akhanda Sat or Ultimate Truth is the cause of all causes or the ultimate cause. Akhanda Sat cannot have any  further cause like the other things in the creation . Again, in the above analogies, clay is the cause of the pot and it  cannot be the cause of cotton cloth or Gold ornaments. Similarly earthen pot or cloth cannot be made from gold and like that. Making the things gradually clear for common people in this way, the Bhagavata tells that God Almighty or Akhanda Sat is the cause of the whole creation and so each and everything in the creation comes from him, sustains in him and he only remains after annihilation of the creation. All human beings have the right to have liberation from the sufferings of worldly life and without realization of the Akhanda Sat or God Almighty through attainment of Vedic knowledge it is not possible.  Guru Harideva was very much interested to show common  people the path for that.  Since it is not possible for most of the common people to proceed in the path of liberation through attainment of Vedic knowledge directly from the Vedas, Guru Harideva established Satra Institution to educate them with the help of simplified Vedic knowledge contained in the Bhagavata. (to be continued)

য়াৰ আগৰ লিখনিত কপাহ ,  মাটি, সোণ আদিৰ উপমা দি ভাগৱতে কিদৰে বেদৰ জ্ঞান সহজ সৰল ৰূপত ব্যাখ্যা কৰিছে তাৰ উল্লেখ কৰা হৈছে সেই উপমা সমুহৰ বিস্তাৰিত ব্যাখ্যা কৰি  ভাগৱতে পুনৰ কৈছে যে যিহেতু সূঁতাৰ পৰা কাপোৰ তৈয়াৰ কৰা হয় সেয়ে সূঁতা কাপোৰৰ ত্তিৰ আগৰে পৰা থকা বস্তু কাপোৰ তৈয়াৰ কৰাৰ পিছত সেই একেখিনি সূঁতা কাপোৰৰ অংশ হিচাপে কাপোৰতে থাকে আকৌ যদি সূঁতাবিলাক কাপোৰৰ পৰা উলিয়াই পৃথক কৰা হয় তেন্তে কাপোৰখন নাথাকে বা ধংস হয় কিন্তু সূঁতাখিনি থাকি যায় একেদৰে, মাটি পাত্ৰ তৈয়াৰ কৰাৰ আগৰে পৰা থাকে, পাত্ৰ তৈয়াৰ কৰাৰ পিছত মাটি পাত্ৰৰ আকৃতি লৈ থাকে আৰু পাত্ৰটো ভাঙি দিলে পাত্ৰ নাথাকে কিন্তু মাটিখিনি থাকি যায় সোণ বা জগতৰ অন্যান্য সকলো বস্তুৰ ক্ষেত্ৰতে কথাবিলাক একে একেদৰে অখণ্ড সদ্বস্তু জগত সৃষ্টিৰ পূৰ্বৰে পৰা থাকে,  জগত সৃষ্টিৰ পিছত জগতৰ সমস্ত বস্তুতে অন্তৰ্নিহিত হৈও থাকে আৰু সৃষ্টি ধ্বংস হোৱাৰ পিছতো থাকে।এতিয়া কথা হৈছে উপমা উপমাই আমি জনা শুনা বস্তুৰ উপমা দি নজনা বস্তুৰ জ্ঞান দিয়াৰ চেষ্টা কৰা হয় আৰু আমাৰ দৰে অজ্ঞানী লোকে এনে উপমাৰ সহায়ত  নজনা বস্তুৰ বিষয়ে আংশিক জ্ঞান লাভ কৰি কিছু কথা বুজিবও পাৰে কিন্তু কোনো উপমাই একো বস্তুৰে সম্পূৰ্ণ  জ্ঞান দিব নোৱাৰে ওপৰত উল্লেখ কৰা সূঁতা,  মাটি আৰু সোণৰ কথা চিন্তা কৰিলে পোৱা যায় যে এই বিলাক ক্ৰমে কাপোৰ , পাত্ৰ আৰু গহনাৰ কাৰণ কিন্তু এই বিলাকৰ নিজৰে কাৰ্য-কাৰণ শৃংখলা আছে উদাহৰণ স্বৰূপে সূঁতা কাপোৰৰ কাৰণ , আকৌ সূঁতাৰ কাৰণ কপাহ , কপাহৰ কাৰণ কপাহৰ গছ , গছৰ কাৰণ গুটি ইত্যাদি ভাগৱতে কৈছে যে অখণ্ড সৎ বা পৰম সত্য বা পৰমেশ্বৰ হৈছে  পৰম কাৰণ অৰ্থাৎ সমস্ত কাৰণৰো কাৰণ, জগতৰ অন্য বস্তুৰ দৰে পৰমেশ্বৰৰ কোনো কাৰণ নাই আকৌ ওপৰোক্ত উপমাত উল্লেখ কৰা মাটি কেৱ্ল মাটিৰ পাত্ৰৰহে কাৰণ , কাপোৰ বা গহনাৰ কাৰণ নোৱাৰে একেদৰে সূঁতা মাটিৰ পাত্ৰ বা সোণৰ গহনাৰ কাৰণ নোৱাৰে ভাগৱতে ওপৰোক্ত উপমা সমুহৰ মাধ্যমত আমাৰ দৰে অজ্ঞানী লোকক প্ৰাথমিক কথাখিনি বুজাই দিয়াৰ পিছত  কৈছে যে অখণ্ড সদ্বস্তু বা পৰমেশ্বৰ জগতৰ সমস্তৰে একমাত্ৰ আৰু পৰম কাৰণ , সমস্ত সৃষ্টি আৰু সৃষ্টিত থকা সকলো বস্তু তেওঁৰ পৰাই উদ্ভৱ হয় , তেওঁকে আশ্ৰয় কৰি বৰ্ত্তি থাকে আৰু অৱশেষত তেওঁতে বিলীন হয় জগতৰ সকলো মানুহৰে সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ অধিকাৰ আছে আৰু অখণ্ড সদ্বস্তু বা পৰমেশ্বৰৰ অনুভূতি অবিহনে ই সম্ভৱ নহয় হৰিদেৱ গুৰুজনাই মানুহক সেই পথ প্ৰদৰ্শন কৰাৰ বাবে অতিশয় আগ্ৰহী আছিলসাধাৰণ মানুহে বেদৰ পৰা জ্ঞান আয়ত্ব কৰি মুক্তিৰ পথত অগ্ৰসৰ হোৱা সম্ভৱ নহয় আৰু সেই বাবে হৰিদেৱ গুৰুজনাই সত্ৰ প্ৰতিষ্ঠা কৰি ভাগৱত শাস্ত্ৰত বৰ্ণনা কৰা সহজ সৰল বেদজ্ঞানৰ মাধ্যমত জনসাধাৰণক শিক্ষাদান কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল (আগলৈ)


No comments:

Post a Comment